ছিৰিয়াৰ যুদ্ধভূমি ‘আৰব বসন্ত’ নাছিল শ্বেহনাবৰ

Story by  atv | Posted by  [email protected] • 2 d ago
ছিৰিয়াৰ এলেপ্প’ৰ চিটাডেলত শ্বেহনাব, বিদ্ৰোহীয়ে প্ৰথমে এলেপ্প' চহৰ দখল কৰিছিল
ছিৰিয়াৰ এলেপ্প’ৰ চিটাডেলত শ্বেহনাব, বিদ্ৰোহীয়ে প্ৰথমে এলেপ্প' চহৰ দখল কৰিছিল
 
সৌৰভ কুমাৰ বৰা
 
যুদ্ধক্ষেত্ৰ ছিৰিয়াৰ কৰ্মভূমি শ্বেহনাব ছাহিনৰ বাবে ‘আৰব বসন্ত’ নাছিল৷ এচিএছ বিষয়াৰ চাকৰি এৰি যাওঁতেই শ্বেহনাবে জানিছিল, তেওঁৰ কৰ্মক্ষেত্ৰ হ’ব কণ্টকাকীৰ্ণ, পদে পদে থাকিব পাৰে মৃত্যুভয়৷ এতিয়া আচম্বিতে শক্তিশালী সশস্ত্ৰ বিদ্ৰোহীয়ে দেশখন অধিকাৰ কৰি লোৱাত ছিৰিয়াৰ পৰা কোনোমতে ঘৰলৈ উভতি আহিলেও সেই মৃত্যুভয়ক লৈ অলপো আতংকিত নহয় শ্বেহনাব, আক্ষেপো নাই তেওঁৰ৷ ছিৰিয়াবাসীৰ প্ৰাথমিক উৎসাহ, আনন্দৰ সামৰণি পৰিলে সেই যুদ্ধবিধবস্ত মধ্যপ্ৰাচ্যলৈ পুনৰ উভতি যাবলৈ সাজু শ্বেহনাব৷
 
কাৰণ এটাই, শ্বেহনাবৰ ভাষাত–‘এয়া মোৰ পেশ্যন৷ চাকৰিৰ নিৰাপত্তা বুলি কোনো কথা মোৰ মনলৈ আজিলৈকে অহা নাই৷ মই যিটো ক্ষেত্ৰত কাম কৰি ভালপাওঁ, তালৈ মই পুনৰ ঘূৰি যামেই৷ মোৰ মানসিকতা তেনেকৈয়ে গঢ় লৈছে৷ বোমা-বাৰুদৰ মাজত কাম কৰি অভ্যস্ত হৈ গৈছো৷ জীৱনটোনো কিমানদিনীয়া? যুদ্ধবিধবস্ত স্থানৰ মানুহক দেখিলে মোৰ প্ৰাণে কান্দি উঠে৷ যুদ্ধক্ষেত্ৰত ক্ষতিগ্ৰস্ত হোৱা তেনে নিৰপৰাধ লোকক সহায় কৰাই মোৰ দায়িত্ব৷ যুদ্ধৰ মাজতে তেওঁলোকে কেনেদৰে নিজৰ ভৰিত থিয় হ’ব, কেনেকৈ স্বাৱলম্বী হ’ব, তাৰ দিহা দিয়া আৰু সেই কামত সাহায্য প্ৰদান কৰাই মোৰ কাম৷’
 
ছিৰিয়াৰ যুদ্ধভূমিৰ পৰা অলপতে উভতি অহা শ্বেহনাবে দীঘলীয়া বাৰ্তালাপত কৈছিল, ‘এক্টিভ কনফ্লিক্ট জ’ন’ত কাম কৰা কিমান কঠিন, অবিৰত যুদ্ধ লাগি থকা ছিৰিয়াৰ দৰে দেশত কাম কৰা ততোধিক কঠিন৷ পূৰ্বে জৰ্ডানৰ ৰিফিউজি কেম্পত একেধৰণৰ কাম কৰাৰ অভিজ্ঞতা থকা শ্বেহনাবৰ মতে ছিৰিয়াৰ পৰিস্থিতি অধিক জটিল আছিল৷ কাৰণ, দেশ এখন হ’লেও ভিন ভিন অঞ্চল শাসন কৰিছিল ভিন ভিন গোষ্ঠীয়ে৷
 
ৰাষ্ট্ৰসংঘৰ 'ইউ এন ডি পি'ৰ সৈতে যুটীয়াভাৱে চিঅ'এছভিৰ প্ৰকল্পত কৰ্মৰত সহকৰ্মীৰ সৈতে শ্বেহনাব ছাহিন
 
মহম্মদ আল জুলানিৰ বিদ্ৰোহী সংগঠনে সম্পূৰ্ণ ছিৰিয়া দখল কৰাৰ পাছত দেশখনৰ পৰিস্থিতিতি কেনে হ’ব সেয়া এতিয়াও সকলোৰে অজানা৷ বাছাৰ আল আছাদৰ শাসনকালতে ছিৰিয়াত কাম কৰিছিল শ্বেহনাবে৷ তাৰ বাবে তেওঁক আছাদ চৰকাৰৰ পৰা তিনিখলপীয়া অনুমতিৰ প্ৰয়োজন হৈছিল৷ ছিৰিয়া দীৰ্ঘদিন ধৰি বিশ্বৰ ক্ষমতাশালী দেশৰ নিষেধাজ্ঞাৰ কবলত আছে৷ সেয়ে পশ্চিমীয়া দেশৰ যিকোনো আন্তঃৰাষ্ট্ৰীয় এন জি অ’ৰ কৰ্মীক আছাদ প্ৰশাসনে সন্দেহৰ দৃষ্টিৰে চাইছিল৷ ফলত ইটালিৰ আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন চি অ’ এছ ভিৰ ছিৰিয়াৰ মুৰব্বী হৈ কাম কৰা শ্বেহনাবো সন্দেহৰ উধবৰ্ত নাছিল৷ তেওঁলোকে তিনিটা পৰ্যায়ৰ অনুমতি আদায় কৰাৰ পাছতহে ছিৰিয়াত কাম কৰাৰ সুযোগ পাইছিল৷ এই কাম কিন্তু প্ৰত্যক্ষভাৱে আছাদ প্ৰশাসনৰ উন্নয়নমূলক কাম হ’ব নোৱাৰিছিল, দেশখনৰ ওপৰত বলবৎ থকা নিষেধাজ্ঞাৰ বাবে৷ সকলো কামেই প্ৰত্যক্ষভাৱে যুদ্ধত ক্ষতিগ্ৰস্তসকলৰ জীৱন-জীৱিকা সম্পৰ্কিত আছিল৷
 
সেয়ে কামৰ শ্ৰেণীবিভাজন বেছ কষ্টসাধ্য আছিল৷ কাম হ’ব লাগিব মানৱ কল্যাণৰ কিন্তু সেয়া দেশখনৰ উন্নয়নৰ সৈতে সম্পৰ্ক থকা নহয়৷ ছিৰিয়াত ইটালিৰ সংগঠন চি অ’ এছ ভিৰ সকলো দায়িত্ব মুৰব্বী হিচাপে শ্বেহনাবে চম্ভালিবলগীয়া হৈছিল৷ সিদ্ধান্ত ল’বলগীয়া হৈছিল একক আৰু নিজস্বভাৱে৷ কিয়নো সকলো কৰ্মচাৰী আছিল শ্বেহনাবৰ অধীনস্থ আৰু প্ৰত্যেকজনেই ছিৰিয়াৰ নাগৰিক৷ এফালে নিবন্তৰ যুদ্ধ আৰু আনদিশে ছিৰিয়া চৰকাৰ আৰু পশ্চিমীয়া দেশৰ বাধ্যবাধকতা৷ তাৰ মাজত আছিল প্ৰতিটো পদক্ষেপতে দেশখনত আৰোপিত হৈ থকা নিষেধাজ্ঞা৷ কোনো কামৰ ধৰণ সলনি হ’লে আইএনজিঅ’ৰ পুঁজি বন্ধ হৈ যোৱাৰ ভয়৷ কিয়নো এই পুঁজি আহে অষ্ট্ৰিয়া, নৰৱে, ইটালিৰ দৰে ইউৰোপৰ উন্নত ৰাষ্ট্ৰ আৰু কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি ৰখা আমেৰিকা আৰু কানাডাৰ দৰে দেশৰ পৰা৷ কেৱল মানৱ কল্যাণত অৰ্থাৎ যুদ্ধত ক্ষতিগ্ৰস্তৰ বাবে সেই পুঁজি ব্যৱহাৰ হোৱাৰ ক্ষেত্ৰত পুঁজি যোগান ধৰা দেশৰ কঠোৰ দৃষ্টি আছিল৷
 
এলেপ্প’ চহৰত কামৰ অৱসৰত শ্বেহনাব ছাহিন
 
কোৱা বাহুল্য মাথোঁ, শ্বেহনাবহঁতৰ কাম কেৱল সাহায্য প্ৰদান কৰা আঁচনিসৰ্বস্ব নাছিল৷ আছিল যুদ্ধক্ষেত্ৰৰ মাজতে জীয়াই থকা দুৰ্ভগীয়াসকলক নিজৰ ভৰিত থিয় কৰোৱা৷ দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি শ্বেহনাবে ভিয়েনা বিশ্ববিদ্যালয়ত ‘ইউৰোপিয়ান ষ্টাডিজ’ সম্পূৰ্ণ কৰিলেও পঢ়া এৰি দিয়া নাছিল৷ তেওঁ পুনৰ স্নাতকোত্তৰ ডিগ্ৰী লয় ‘ইণ্টাৰনেচনেল ডেভলপমেণ্ট’ত 'ইউনিভাৰচিটি অব টুৰিনা,ইটালি'ৰ পৰা আৰু তেতিয়াই তেওঁ এনে কামৰ প্ৰতি আকৰ্ষিত হৈ পৰে৷ ৰাষ্ট্ৰসংঘৰ মানৱ কল্যাণ সম্পৰ্কীয় সকলো বিভাগৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা শ্বেহনাবে গৌৰৱেৰে দাবী কৰে, সেই কাম তেওঁ সফলভাৱে সম্পাদন কৰিছিল৷
 
শ্বেহনাব ছাহিন পুনৰ উভতি যাব মধ্যপ্ৰাচ্যৰ যুদ্ধক্ষেত্ৰলৈ৷ এইবাৰ নতুন দায়িত্ব পাইছে শ্বেহনাবে৷ এই তয়াময়া যুদ্ধৰ মাজতে শ্বেহনাবক চিঅ’এছভিয়ে পদোন্নতি দিছে আঞ্চলিক মুৰব্বীৰ দায়িত্বলৈ৷ পৰিস্থিতি শাম কাটিলে শ্বেহনাৰ এইবাৰ যাব লেবাননলৈ, আঞ্চলিক মুৰব্বীৰ (ৰিজিঅ’নেল হেড) দায়িত্ব লৈ৷ প্ৰসংগতঃ উল্লেখযোগ্য, সম্প্ৰতি সাময়িক যুদ্ধ বিৰতি চলি থাকিলেও লেবাননক ইজৰাইলে আক্ৰমণ কৰি ধূলিসাৎ কৰিছে৷ সেয়ে শ্বেহনাবৰ সন্মুখত কঠিন প্ৰত্যাহ৩ান৷ লেবাননত এতিয়াও ইজৰাইলৰ ভয়ংকৰ সেনাবাহিনী আইডিএফৰ সৰব উপস্থিতি৷
 
যিকোনো মুহূৰ্তত সাময়িক যুদ্ধবিৰতি ভংগ হ’ব পাৰে আৰু আৰম্ভ হ’ব পাৰে সৰ্বনশীয়া যুদ্ধ৷ এইবাৰ শ্বেহনাবৰ কাম হ’ব ইজৰাইলৰ বোমাবৰ্ষণ, ক্ষেপণাস্ত্ৰৰ আক্ৰমণত ক্ষতিগ্ৰস্ত দুৰ্ভগীয়াক সহায় কৰা, ভৱিষ্যতৰ বাট দেখুওৱা৷ যুদ্ধৰ মাজতে পদোন্নতি লাভ কৰি শ্বেহনাব যিদৰে সুখী, সেইদৰে ধবংসস্তুপত পৰিণত হোৱা লেবানন দেশখন তেওঁ উভতি অহাৰ পথত দেখি দুখত ভাগিও পৰিছে৷ কিয়নো শ্বেহনাবৰ সন্মুখত এতিয়া পৰ্বতসম কাম৷ ইজৰাইল-লেবাননৰ সাময়িক যুদ্ধবিৰতিৰ দৰে এয়াও শ্বেহনাবৰ হেনো সাময়িক কৰ্মবিৰতি৷
 
শ্বেহনাবে ক’লে–‘ডিচেম্বৰত সকলো বিদেশী আই এন জি অ’ৰ কৰ্মকৰ্তাই দেশলৈ যায়৷ মোৰো এয়া ঘৰলৈ অহাৰ ছুটী বুলিয়েই গণ্য কৰিছো৷ পৰিস্থিতি সামান্য ভাল হ’লেই মই উভতি যাম যুদ্ধবিধবস্ত মধ্যপ্ৰাচ্যলৈ৷ মোৰ শৰীৰটো এতিয়া এতিয়া ঘৰত থাকিলেও মনটো তাতে থৈ আহিছো৷ সেইখনৰ মোৰ দ্বিতীয় ঘৰ৷ তালৈ উভতি গ’লেহে মোৰ মনে শান্তি পাব৷ তেতিয়ালৈ কেইদিনমান জিৰণি লওঁ৷’
 
(লেখক অসমৰ এগৰাকী জেষ্ঠ সাংবাদিক। লেখাটো 'আমাৰ অসম' কাকতত ইতিমধ্যে প্ৰকাশ পাইছে। লেখকৰ অনুমতি সাপেক্ষে এই লেখা 'আৱাজ দ্য ভইচ' অসমত প্ৰকাশ কৰা হৈছে)