দেৱভূমি তামিলনাডুৰ মন্দিৰত জ্ঞান বিলাইছে তছলিমাই

Story by  atv | Posted by  Munni Begum • 1 Years ago
মুৰুগান মন্দিৰত শিক্ষাদান কৰি থকা সময়ত তছলিমা নাছৰিন
মুৰুগান মন্দিৰত শিক্ষাদান কৰি থকা সময়ত তছলিমা নাছৰিন
 
মনজিৎ কলিতা
 
দেৱভূমি দাক্ষিণাত্যৰ পৰিৱেশ সাগৰৰ দৰে উদাৰ৷ সমু্দ্ৰৰ দৰেই গভীৰ দেশৰ দক্ষিণ প্ৰান্তৰ সামাজিক সম্প্ৰীতি৷ হিংসা-গ্লানিৰ পৰা মুক্ত সমাজ জীৱনে হিংসা-দ্বেষক সাগৰৰ ঢৌৰ দৰে উটুৱাই লৈ যায়৷ প্ৰাচীন কালৰে পৰা সমন্বয়ৰ ভূমি দক্ষিণ ভাৰতৰ সামাজিক সম্প্ৰীতিৰ মূলধনেই হৈছে সমন্বয়৷ পূৰ্বজই গঢ়ি থৈ যোৱা সম্প্ৰীতিৰ ভেটি দৃঢ় কৰি উত্তৰপুৰুষে সূচনা কৰিছে অনন্য পৰিৱেশ৷ 
 
অৱশ্যে দেশৰ দাক্ষিণাত্যৰ অভূতপূৰ্ব সামাজিক-সাংস্কৃতিক সমন্বয়ো সময়ে সময়ে বিঘিনিৰ সন্মুখীন নোহোৱা নহয়৷ কিন্তু সামাজিক সম্প্ৰীতিৰ শক্তি ইমানেই সবল যে সকলো অপশক্তিয়েই নিমিষতে চগাৰ দৰে সমন্বয়ৰ জুইত জাহ গৈছে৷ তামিলনাডু, কেৰালা আদি ৰাজ্যৰ সামাজিক সংহতিয়ে দূৰতে বিদূৰ কৰিছে সমাজবিৰোধী শক্তিক৷
 
সকলো ধৰ্মীয় স্থানতে ভিন্নধৰ্মৰ লোকৰ উপাসনাৰ দৰে অনন্য ঘটনাও দক্ষিণ ভাৰতৰ এই ৰাজ্যসমূহত সচৰাচৰ৷ পিছে এইবাৰ সংবাদ শিৰোনাম আন এক কাৰণতহে দখল কৰিছে এগৰাকী মুছলমান যুৱতীয়ে৷ নাম তেওঁৰ তছলিমা নাছৰিন৷ অপশক্তিক প্ৰত্যাহ্বান জনাই শিক্ষিত যুৱতী তছলিমাই প্ৰৱেশ কৰিছিল প্ৰসিদ্ধ দেৱপীঠ মুৰুগান মন্দিৰত৷ মনোকামনা পূৰ্ণ হোৱাৰ সিদ্ধিৰে তামিল ভক্তই নৈবেদ্য আগবঢ়োৱা এই মন্দিৰত আছে এখন শিক্ষানুষ্ঠান৷ য’ত শিক্ষাদান কৰিবলৈ মন্দিৰ কৰ্তৃপক্ষই শিক্ষকৰ সন্ধান কৰিছিল৷ কিন্তু ন্যূনতম পাৰিশ্ৰমিকত কৰ্ম সম্পাদনৰ বাবে অৰ্হতাসম্পন্ন শিক্ষক বিচাৰি পোৱা নাছিল পৰিচালনা কমিটীয়ে৷ সৰ্বশেষত তছলিমাই এই অভাৱ পূৰণ কৰিলে৷
 
তামিলনাডুৰ প্ৰসিদ্ধ দেৱপীঠ মুৰুগান মন্দিৰ
 
তামিলনাডুৰ ভেল্লাৰপট্টীত অৱস্থিত এই প্ৰসিদ্ধ মন্দিৰটোৰ পঢ়াশালিত প্ৰধানতঃ হিন্দুধৰ্মী শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰে৷ তেওঁলোকৰ ভিতৰত অধিকাংশই হৈছে মন্দিৰত নিয়োজিত কৰ্মচাৰীৰ সন্তান৷ তদুপৰি আন বহু শিশুও এই পাঠশালাৰ ছাত্ৰ৷ সকলোকে বৰ্তমান নিয়াৰিকৈ শিক্ষাদানত ব্যস্ত হৈ আছে শাৰৰীকভাৱে দুৰ্বল মুছলমান যুৱতী তছলিমা৷ আনহাতে নিজৰ ধৰ্মীয় বিশ্বাসৰ বাবে কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা নাই বুলি বাৰম্বাৰ তেওঁ অভিহিত কৰিছে৷ তছলিমাৰ মতে তেৱোঁ হৈছে দাক্ষিণাত্যৰ পূজ্য দেৱতা মুৰুগানৰ ভক্ত৷ গতিকে ভগৱানৰ প্ৰতি বিশ্বাসৰ আধাৰতে ছাত্ৰসকলক শিক্ষাদান কৰা বুলি প্ৰকাশ কৰিছে মুছলমান যুৱতীগৰাকীয়ে৷
 
আনহাতে হিন্দুধৰ্মীয় উপাসনাস্থলীত কৰ্তব্য সম্পন্ন কৰিলেও নিজৰ ধৰ্মীয় নীতি পালন কৰিছে তছলিমাই৷ বোৰ্খা পৰিধান কৰি তেওঁ দৈনিক উপস্থিত হৈছে প্ৰসিদ্ধ মুৰুগান মন্দিৰত৷ স্থানীয় ভাষাৰ উপৰি তেওঁ ছাত্ৰসকলক মুখস্থ কৰাইছে সংস্কৃত আৰু তামিল ভাষাৰ শ্লোক৷ বৰ্তমান সমগ্ৰ দাক্ষিণাত্যৰ বাবে আকৰ্ষমৰ মধ্যবিন্দু হৈ পৰিছে মন্দিৰৰ মুছলমান শিক্ষয়িত্ৰীগৰাকী৷ সকলোৰে ওচৰত এই দায়িত্বক কেৱল যে জীৱিকা হিচাপে গ্ৰহণ কৰা নাই সেয়া বাৰম্বাৰ দোহাৰিছে দিব্যাংগ তছলিমাই৷
 
মুছলমান যুৱতীগৰাকীৰ পৰা শিক্ষাগ্ৰহণ কৰি অতিশয় আনন্দিত হিচাপে অভিহিত কৰিছে মুৰুগান মন্দিৰৰ পঢ়াশালিৰ ছাত্ৰই৷ তেওঁলোকে প্ৰতিদিনে আগ্ৰহেৰে তছলিমাৰ পৰা গ্ৰহণ কৰিছে শিক্ষা৷ আনহাতে শাৰিৰীকভাৱে দুৰ্বল এগৰাকী ছাত্ৰীক মন্দিৰ কৰ্তৃপক্ষই নিযুক্তি প্ৰদান কৰাৰ বাবে উৎফুল্লিত হৈ পৰিছে দক্ষিণ ভাৰতৰ মুছলমান সমাজ৷ এই পদক্ষেপ ভৱিষ্যতৰ বাবে অত্যন্ত উপযোগী হ’ব বুলিও তেওঁলোকে ব্যাখ্যা কৰিছে৷ আনহাতে বিগত সময়তো তামিলনাডুৰ মুৰুগান মন্দিৰ ধৰ্মীয় ঐক্যৰ পীঠস্থান হিচাপে পৰিগমিত হৈছিল৷
 
দাক্ষিণাত্যৰ ভিন্নধৰ্মী জনতাৰ বাবে কাৰ্যতঃ সৰ্বধৰ্মীয় উপাসনাস্থলী হিচাপেই পৰিগণিত হৈছিল এই পৱিত্ৰ ধাম৷ শেহতীয়াকৈ মন্দিৰটোৰ গৰ্ভগৃহৰ সমীপতে এগৰাকী মুছলমান যুৱতীৰ উপস্থিতিয়ে ভাতৃত্ববোধক অধিক সবল কৰি তুলিছে৷ তদুপৰি এই পদক্ষেপ দক্ষিণ ভাৰতৰ জনতাৰ বদান্যতাৰ প্ৰতীক হিচাপেও পৰিগণিত হৈছে৷ সৰ্বোপৰি স্থানীয় জনতাই এই পদক্ষেপৰ প্ৰতি প্ৰদৰ্শন কৰিছে ব্যাপক উৎসাহ৷ যাৰ বাবে মন্দিৰৰ পাঠশালাত শিক্ষাৰ্থীৰ সংখ্যাও দিনৌ বৃদ্ধি পৰিলক্ষিত হৈছে৷
 
মন্দিৰৰ পঢ়াশালিত হিন্দু শিক্ষাৰ্থীসকলক জ্ঞান বিলাইছে মুছলমান যুৱতী নাছৰিনে
 
মন্দিৰত জ্ঞানৰ পোহাৰ পতা তছলিমাই বিগত কিছুদিন ধৰি চাকৰিৰ অন্বেষণ কৰিছিল৷ নিজৰ শাৰিৰীক বাধাক নেওচি উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সংস্থাপন বিচাৰি তেওঁ ভিন্ন স্থানত আবেদন জনাইছিল৷ পিছে শাৰিৰীক সমস্যাৰ বাবে আয়ৰ পথ মুকলি কৰিবলৈ সক্ষম হোৱা নাছিল মুছলমান যুৱতীগৰাকী৷ তেওঁৰ এই আগ্ৰহৰ বিষয়ে কিছুদিন পূৰ্বে অৱগত হয় মুৰুগান মন্দিৰ কৰ্তৃপক্ষ৷ বৰ্তমান মন্দিৰৰ পৰিচালনা কমিটীয়ে শিশুসকলক শিক্ষাদানৰ বিনিময়ত তছলিমাক পাৰিশ্ৰমিক আদায় দিছে৷ দৈনিক কৰ্ম সম্পাদনৰ বিনিময়ত তেওঁ লাভ কৰিছে প্ৰাপ্য ধন৷ মন্দিৰ কমিটীৰ উদাৰতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে দিব্যাংগ ইছলাম যুৱতীগৰাকীয়ে৷
 
মুৰুগান মন্দিৰৰ পৰিচালনা কমিটীৰ তথ্য অনুসৰি পাঠশালাত শিক্ষাদানৰ বাবে তছলিমাৰ সৈতে কোনোপ্ৰকাৰৰ আনুষ্ঠানিক চুক্তিও সম্পাদন কৰা হোৱা নাই৷ কেৱল বিশ্বাসৰ চৰ্ততে পঢ়াশালিত শিক্ষাৰ্থীসকলক জ্ঞান বিলাইছে মুছলমান যুৱতীগৰাকীয়ে৷ চুক্তি নকৰাকৈ তেওঁ নিৰ্ধাৰিত সময়ত লাভ কৰিছে প্ৰাপ্য বেতন৷ পঢ়াশালিত তেওঁ নিতৌ মাতিছে সংস্কৃতৰ শ্লোক৷ বেদৰ অধ্যায় দৈনিক তছলিমাই পঢ়ুৱাইছে শিক্ষাৰ্থীসকলক৷ তেওঁৰ পৰা জ্ঞান লভি কৃতাৰ্থ হৈছে মন্দিৰৰ পাঠশালাৰ হিন্দু ছাত্ৰ-ছাত্ৰী৷
 
বিগত সময়তো তামিলনাডুৰ জনতাই দাঙি ধৰিছিল ভাতৃত্ববোধৰ প্ৰোজ্জ্বল নিদৰ্শন৷ সমু্দ্ৰ উপকূলৱৰ্তী প্ৰদেশখনৰ জনতাৰ মাজত সৰ্বস্তৰতে থকা সংহতিয়ে দেশৰ সংবাদ শিৰোনাম দখল কৰি আহিছে৷ তথাপি তছলিমাৰ মন্দিৰগমন পৰিগণিত হৈছে বিৰল-ব্যতিক্ৰম হিচাপে৷ এগৰাকী মুছলমান যুৱতীৰ মন্দিৰৰ পাঠশালাত শিক্ষাদানৰ খবৰে যেন হুংকাৰ দিছে অপশক্তিক৷
 
(লেখক নিবন্ধকাৰ আৰু ব্ল’গাৰ)