গুৱাহাটী
আকৌ এবাৰ অসম আৰক্ষীৰ নাক কাটি, গুৱাহাটীৰ সুৰক্ষাৰ নমুনা উদঙাই দিলে বাইক চোৰে। গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ নাকৰ তলেৰেই চোৰে লৈ গ’ল এগৰাকী জনপ্ৰিয় ৰাইডাৰৰ মটৰ চাইকেল। ইয়াৰ পাছতেই দেশজুৰি বিয়পি পৰিল এই খবৰ।
উল্লেখ্য যে, জনপ্ৰিয় ৰাইডাৰ ননী নামৰ যুৱতীৰাকীয়ে প্ৰায় ৩০ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি বুধবাৰে আহি উপস্থিত হৈছিল গুৱাহাটীত। নাৰী সৱলীকৰণৰ লক্ষ্যৰে তেওঁ দেশৰ বিভিন্ন ৰাজ্য মটৰ চাইকেলেৰে ভ্ৰমণ কৰিছিল।
দেশৰ সকলো প্ৰান্ততে তেওঁ অনুৰাগীৰ সহাৰিও যথেষ্ট লাভ কৰিছিল। ঠায়ে ঠায়ে নাৰী সৱলীকৰণৰ বাৰ্তাৰে তেওঁ চমু চমু ভাষণ ৰাখি বিভিন্ন কাৰ্যকলাপো কৰিছিল। সাধাৰণ ৰাইজেও তেওঁক সমৰ্থন কৰিছিল।
কিন্তু নাৰী সৱলীকৰণৰ বাৰ্তাৰে গুৱাহাটীত আহি উপস্থিত হোৱাৰ পিছতে তেওঁ পৰিল মহা বিপদত। কিয়নো তেওঁৰ এই যাত্ৰাৰ মূল সম্বল মটৰ চাইকেলখনেই চোৰে লৈ গ’ল গেষ্ট হাউচৰ পৰা।
বুধবাৰে নিশা সৰুসজাইৰ মনিকাঞ্চন উপ-পথত থকা কালী মন্দিৰ ৰোডৰ মেডী গেষ্ট হাউচত আছিল তেওঁ। তাৰ পৰাই নিশা প্ৰায় ২ বজাত চোৰে লৈ উধাও হয় তেওঁৰ বাইকখন।
ইয়াৰ পাছতে তেওঁ সামাজিক মাধ্যমৰ জৰিয়তেই এতিয়া সকলোৰে পৰা সহায় বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে, অসম আৰক্ষীকো শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰি তেওঁৰ মটৰ চাইকেলখন উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে।
সামাজিক মাধ্যমৰ জৰিয়তে এক ভিডিঅ’ বাৰ্তাত তেওঁ কয়, ‘’মই এতিয়া গুৱাহাটী, অসমত আছো। ইয়াৰ পৰাই মোৰ বাইকখন চোৰ হৈছে। যিসকলে নাজানে, মই ৰাইডাৰ ননী। প্ৰায় ৬ মাহৰ পূৰ্বে মই ঘৰৰ পৰা ওলাইছিলো। সমগ্ৰ দেশতে মই ৩০ হাজাৰ কিলোমিটাৰৰ ৰাইড কৰিছো। এই ৰাইডৰ উদ্দেশ্য হৈছে নাৰী সৱলীকৰণ।
মই এই কথাত অতি আচৰিত হৈছো যে, ভাৰতৰ আধাতকৈ অধিক ঠাইত মই ৰাইড কৰিছো আৰু গুৱাহাটী, অসম আহি পোৱাৰ পাছতে ইয়াৰ পৰা মোৰ বাইকখন চোৰ হৈছে। উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰাৰ পাছতে মোৰ এই ৰাইডত আৰু বহু লোকে অংশগ্ৰহণ কৰিছিল। আমাৰ পৰিকল্পনা আছিল কেম্পেইনিং কৰাৰ। কিন্তু গুৱাহাটী পোৱাত সন্ধিয়া হোৱাত আমি ইয়াত এটা গেষ্ট হাউচ ল’লো।‘’
তেওঁ আৰু কয়, ‘’এই ঘটনাৰ ফলত মোৰ গোটেই ৰাইডত প্ৰভাৱ পৰিব। কেনেকৈ এই যাত্ৰাক সম্পূৰ্ণ কৰিছো, ক’ৰ ক’ৰ পৰা কৈনেকৈ ধনৰ যোগাৰ কৰিছো সেয়া কেৱল মই জানো। সেয়ে মোক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। এই বাৰ্তা গুৱাহাটী আৰক্ষী, অসম আৰক্ষী আৰু ইয়াৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ লৈ যাওঁক। আমি এই ঘটনাৰ অভিযোগ আৰক্ষীক দাখিল কৰিছো।‘’