মাতৃ স্নেহৰ শক্তি; চেৰিব্ৰেল পালচি ৰোগত আক্ৰান্ত পুত্ৰ হৈ পৰিল আলিয়া মাৰীয়মৰ বাবে জীৱন যুদ্ধৰ প্ৰেৰণা

Story by  atv | Posted by  [email protected] • 4 Months ago
আলিয়া মৰিয়াম আৰু তেওঁৰ পুত্ৰ আয়ান
আলিয়া মৰিয়াম আৰু তেওঁৰ পুত্ৰ আয়ান
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী
 
২০১৫ চনত আলিয়া মৰিয়ামে গম পাইছিল যে তেওঁৰ ১ বছৰীয়া পুত্ৰ আয়ান 'চেৰিব্ৰেল পালচি' ৰোগত আক্ৰান্ত। 'চেৰিব্ৰেল পালচি' হৈছে মগজুৰ এক দুৰাৰোগ্য ৰোগ। কিন্তু এই ৰোগক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি সকলো প্ৰত্যাহ্বানৰ সাহসিকতাৰে সন্মুখীন হৈছিল আলিয়া মৰিয়ামে। পুত্ৰ আয়ানৰ স্বাস্থ্যৰ বাবে মৰিয়ামে গ্ৰহণ কৰা পদক্ষেপে এই কথা প্ৰমাণিত কৰিছিল যে কেনেদৰে মাতৃস্নেহ গৰাকী মাতৃৰ বাবে শক্তি আৰু প্ৰেৰণাৰ অস্ত্ৰ হৈ সকলো বাধা অতিক্ৰম কৰিব পাৰে।
 
আলিয়া মৰিয়ামে নিজৰ পুত্ৰৰ দায়িত্ব গ্ৰহণ
 
প্ৰাক্তন চফ্‌টৱেৰ ইঞ্জিনিয়াৰ আলিয়া মৰিয়ামে আৱাজ-দ্য ভইচ'ক জনাই যে, মোৰ ল’ৰা জন্মৰ ৯ মাহৰ পিছত মই উপলব্ধি কৰিছিলোঁ যে মোৰ সন্তানটি সুস্থ্য তথা স্বাভাৱিক নহয়। কোনো ব্যক্তিৰ সন্দেহ যেতিয়া হঠাতে ৱাস্তৱত পৰিণত হয়, তেতিয়া তেওঁলোক স্তম্ভিত হৈ পৰে। সেইটোও তেতিয়া যেতিয়া সেই ৰোগ নিৰাময় কৰিব নোৱাৰাৰ ধৰনৰ হয়। এনে সময়ত যেতিয়া আলিয়া মৰিয়ামে পুত্ৰৰ চিকিৎসাৰ বিষয়টো  উত্থাপন কৰিছিল, তেতিয়া তেওঁৰ পৰিয়ালৰ লোকে প্ৰথমে তেওঁক সমৰ্থন কৰিছিল, যদিও পিছত কৈছিল যে এই চিকিৎসা কেৱল মাত্ৰ টকাৰ অপচয় কৰাৰ দৰেহে হৈছে, কিয়নো ইয়াৰ কোনো নিৰাময় নাই।
 
ইয়াৰ পিছত আলিয়াই নিজে দায়িত্ব গ্ৰহণ কৰিছিল আৰু সিদ্ধান্ত লৈছিল যে তেওঁ পুত্ৰৰ মংগলৰ বাবে যথাসম্ভৱ চেষ্টা কৰিব। হতাশা আৰু উত্তেজনাক মনৰ মাজৰ পৰা আঁতৰাই সংগ্ৰাম কৰি আলিয়া মৰিয়ামে ছ’চিয়েল মিডিয়াৰ সহায়ত পুত্ৰৰ চিকিৎসাৰ বাবে ধন সংগ্ৰহ কৰিছিল। আনকি তেওঁ নিজেও কাম কৰিছিল। আলিয়া মৰিয়ামে পুত্ৰৰ ৰোগ সন্দৰ্ভত বহু গৱেষণা কৰি চিকিৎসকৰ পৰামৰ্শ লৈছিল। আলিয়াই কয় যে এনে ক্ষেত্ৰত চিকিৎসকেও আপোনাক বিশেষ সহায় কৰিবলৈ সক্ষম নহয়, কাৰণ তেওঁলোকে জানে যে ইয়াৰ কোনো স্থায়ী চিকিৎসা নাই।  
 
পুত্ৰ আয়ান আৰু জীয়ৰীৰ সৈতে আলিয়া মৰিয়াম
 
আলিয়া মৰিয়ম হৈ পৰে এক মহিলা সেনানী
 
আলিয়া মাৰিয়ামে উপলব্ধি কৰিলে যে তেওঁৰ পুত্ৰৰ বাবে থেৰাপীয়ে হৈছে একমাত্ৰ নিৰাময়।'ষ্টেম চেল থেৰাপী' নামে এবিধ  থেৰাপী আছে, যি থেৰাপীৰ বাবে ২০-২৫ লাখ টকা খৰচ হয়, যদিও এই থেৰাপীৰ জৰিয়তে ৰোগী সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ কোনো নিশ্চয়তা নাথাকে। কিন্তু ইয়াৰ বাবে থেৰাপীয়ে একমাত্ৰ বিকল্প। ৰোগীৰ অৱস্থাৰ ওপৰত ভিত্তি কৰিহে এই থেৰাপী কৰা হয়। যিহেতু আয়ান 'কোৱাড্ৰিপ্লেজিয়া স্পাষ্টিক চেৰিব্ৰেল পালচি'ৰ ৰোগী। অৰ্থাৎ অক্সিজেনৰ অভাৱত তেওঁৰ ৪টা অংগ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। এইয়া হৈছে মস্তিষ্কৰ পক্ষাঘাতৰ পৰা উদ্ধাৰৰ কাৰ্য। আয়ানক ফিজিঅ’থেৰাপী, অকুপেচনেল থেৰাপী, স্পিচ থেৰাপীৰ লগতে বিশেষ শিক্ষাৰো প্ৰয়োজন। কিয়নো কেৱল  ফিজিঅ’থেৰাপীৰ খৰচয়ে মাহে ১৫ হাজাৰ টকা।
 
আলিয়া মৰিয়ম এগৰাকী ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তি
 
আলিয়া মৰিয়ামে ছ’চিয়েল মিডিয়াৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি হিচাপে সক্ৰিয় হৈ নিজাকৈ এটা সুকীয়া গোট প্ৰতিষ্ঠা কৰিছিল, যিটোত এনে বহু সন্তানৰ পিতৃ-মাতৃক অন্তৰ্ভুক্ত কৰা হৈছিল যাৰ সন্তানে কিবা নহয় কিবা অভাৱত ভুগি আছিল। আলিয়াই তেওঁলোকক সেই বিশেষ শিশুসকলক সহায় কৰিব পৰা থেৰাপিষ্টৰ সৈতে সংযোগ কৰিছিল আৰু লগতে তেওঁলোকক সাহস নেহেৰুৱাবলৈও অনুপ্ৰাণিত কৰিছিল। আলিয়াই 'চেৰিব্ৰেল পালচি/স্পেচিয়েল কিড'ৰ নামত এটা ফেচবুক পেজো আৰম্ভ কৰিছিল, যাৰ জৰিয়তে বহু মানুহ তেওঁৰ সংস্পৰ্শলৈ আহিছিল।
 
আলিয়া মৰিয়ামে আৱাজ-দ্য ভইচ'ক জনোৱা মতে, তেওঁ বিশেষভাৱে সক্ষম শিশু আৰু তেওঁলোকৰ অভিভাৱকৰ মাজত সজাগতা সৃষ্টিৰ বাবেও কেইবাটাও অভিযান চলাইছিল আৰু এই বিষয়ত কাম কৰা বেচৰকাৰী সংস্থাসমূহৰ সৈতেও জড়িত হৈ আছিল। ইয়াৰ বাবে তেওঁ চিমলা আৰু অন্যান্য ঠাইলৈও সজাগতা সৃষ্টিৰ বাবে গৈছিল।
 
আলিয়াই কয় যে তেওঁৰ পুত্ৰ আয়ানৰ চিকিৎসা সহজ নাছিল আৰু আয়ানৰ এটা থেৰাপীৰ বাবে কমেও ১৫ হাজাৰ টকাৰ প্ৰয়োজন। তেওঁৰ থেৰাপী সাপ্তাহিকভাৱে কৰা হয়। এতিয়া তেওঁক সহায়েৰেহে বহুৱাব পৰা যায়। আয়ানে গোটেই জীৱন এই থেৰাপী ল’ব লাগিব। থেৰাপীৰ সহায়ত আয়ানে এতিয়া শুব আৰু চুচৰিবলৈ আৰম্ভ কৰিছে।
 
আলিয়া মৰিয়ামৰ পুত্ৰ আয়ান
 
এজন ব্যক্তিৰ গতিশীলতা, ভাৰসাম্য আৰু ভংগীমা বজাই ৰখাৰ ক্ষমতাত প্ৰভাৱ পেলোৱা এটা বিকাৰৰ গোট হৈছে 'চেৰিব্ৰেল পালচি'। চিকিৎসকে 'চেৰিব্ৰেল পালচি'ৰ মূল প্ৰকাৰৰ গতিবিধি অনুসৰি শ্ৰেণীভুক্ত কৰিছে।
 
বৰ্তমান আলিয়াৰ পুত্ৰৰ বয়স ৯ বছৰ। তেওঁ কয় যে 'চেৰিব্ৰেল পালচি' থকা লোকসকলৰ খোজ কঢ়া আৰু বহাৰ ক্ষেত্ৰত সমস্যা হয়। বহু লোকৰ বৌদ্ধিক অক্ষমতাৰ দৰে আনুষংগিক অৱস্থাও থাকে। খোজ-কঢ়া, দেখা, শুনা বা কথা কোৱাত সমস্যা, মেৰুদণ্ডৰ পৰিৱৰ্তন আদি সাধাৰণ কথা।
 
আলিয়াই কয় যে তেওঁলোকৰ বিয়াৰ ১০ বছৰ হ’ল। বৰ্তমান তেওঁৰ বয়স ৩৩ বছৰ আৰু তেওঁ তেওঁৰ পুত্ৰৰ সুস্থ্য হোৱাৰ বাবে অহৰহ কামনা কৰি থাকে। অনলাইন অনুষ্ঠানত যোগদান কৰিবলৈ আলিয়াক বিদেশৰ পৰা আমন্ত্ৰণ জনোৱা হয়। যি অনুষ্ঠানত তেওঁ এই ধৰণৰ বিশেষ অভাৱগ্ৰস্ত লোকসকলৰ মাজত সজাগতা সৃষ্টি আৰু প্ৰেৰণা যোগোৱাৰ কাম কৰে।
 
আলিয়া মৰিয়ম হৈ পৰিল সমাজৰ বাবে এক প্ৰেৰণা
 
এগৰাকী শিক্ষিত আৰু বুদ্ধিমান মহিলা হিচাপে আলিয়াই নিজৰ সন্তানৰ বাবে যিমান পাৰে সিমান অনুসন্ধান আৰু গৱেষণা চলাই আছিল। আলিয়া মৰিয়ামে আৱাজ-দ্য ভইচ'ক জনোৱা মতে, এই চাকৰিৰ বাবে তেওঁ পুত্ৰৰ সৈতে তেওঁৰ পাটনাৰ মাতৃগৃহলৈ স্থানান্তৰিত হৈছিল। এতিয়া তেওঁক আয়ানৰ যত্ন ল'বলৈ অধিক আৰ্থিক সহায়ৰ প্ৰয়োজন, যাৰ বাবে তেওঁ নিজৰ ইউটিউব চেনেল আলিয়া কুকবুক আৰম্ভ কৰিছে। এই সময়ছোৱাত আলিয়াই এখন ৰন্ধন পুথিও লিখি উলিয়াইছে, য'ত মোগলাই খাদ্যৰ উৎকৃষ্ট ৰেচিপি সন্নিবিষ্ট হৈ আছে। ২০২২ চনত চ’নী টিভিৰ বিখ্যাত ৰিয়েলিটি শ্ব' মাষ্টাৰচেফতো তেওঁ অংশগ্ৰহণ কৰিছিল।
 
আলিয়া মৰিয়ামৰ পুত্ৰ আয়ান
 
আত্মনিৰ্ভৰশীল মাতৃ আলিয়া
 
আলিয়াই পাটনা বিশ্ববিদ্যালয়ৰ পৰা বিচিএ, আইপি বিশ্ববিদ্যালয় দিল্লীৰ পৰা এমচিএ সম্পূৰ্ণ কৰিছে।  বৰ্তমান তেওঁ ৭ ইভেন কনচালটেন্সীৰ সৈতে জড়িত। ছাত্ৰ-ছাত্ৰীসকল  বহিঃৰাজ্যত অধ্যয়নৰ সুবিধা কৰি দিয়াৰ বাবে এই কোম্পানীটো স্থাপন কৰা হৈছে, য'ত আলিয়াক মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ আগতে তেওঁ লিপ স্কোলাৰ, এজেণ্ট অভাৰচিজৰ সৈতেও জড়িত আছিল। ইয়াৰ ভিতৰত বিদেশী দেশ যেনে আমেৰিকা, ব্ৰিটেইন, কানাডা আদিও অন্তৰ্ভুক্ত হৈ আছে, য’ত আলিয়াই ছাত্ৰ-ছাত্ৰীক অধ্যয়নত সহায় কৰি আহিছে। ইয়াৰ লগতে আলিয়াই অনলাইন ক্লাছও লয় আৰু শিশুসকলক ক’ডিং ভাষাৰ প্ৰশিক্ষণো দিয়ে।
 
আলিয়াৰ এটা কন্যা সন্তানো আছে, যিজনী সম্পূৰ্ণ সুস্থ্য। আলিয়াৰ স্বামীয়ে টেলিকম উদ্যোগত কাম কৰে আৰু বদলি হৈ থাকে। আলিয়া আমাৰ সমাজৰ মহিলাসকলৰ বাবে এক প্ৰেৰণাৰ উৎস, যিসকলে হতাশ নহয় আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি মাতৃ হোৱাৰ কৰ্তব্য সফলতাৰে পালন কৰি আছে আৰু লগতে সমাজৰ আন সমস্যা জৰ্জৰিত লোককো সহায় কৰি আহিছে।