গুৱাহাটী
বিগত কেইটামান বৰ্ষত অসমৰ ইকুইটি বজাৰৰ বিকাশত অৰিহণা আগবঢ়াইছে মহিলা বিনিয়োগকাৰীসকলে। অসমৰ খুচুৰা বিনিয়োগকাৰীসকলে যোৱা কিছু বছৰত দেশৰ শ্বেয়াৰ বজাৰত বৃদ্ধি কৰিছে বিনিয়োগ। শেহতীয়াকৈ নেচনেল ষ্টক এক্সচেঞ্জে প্রকাশ কৰিছে এখন বিতং প্রতিবেদন। এই প্রতিবেদন অনুসৰি ২০২০ বিত্তীয় বৰ্ষৰ পৰা অসমত ক্রমান্বয়ে বৃদ্ধি পাইছে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা লোকৰ সংখ্যা।
সম্প্রতি ভাৰতৰ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা মুঠ গ্ৰাহকৰ ভিতৰত ২.৩ শতাংশ হৈছেগৈ অসমৰ বিনিয়োগকাৰী। ২০২৫ বিত্তীয় বর্ষলৈ অসমত খুচুৰা বিনিয়োগকাৰীৰ সংখ্যা হৈছে ২৪,১০,০০০ গৰাকী। ২০২০ বিত্তীয় বর্ষত এই সংখ্যা আছিল ২,২১,০০০ গৰাকী।
এন এছ ইৰ তথ্য অনুসৰি অসমৰ মুঠ খুচুৰা বিনিয়োগকাৰীৰ ভিতৰত প্রায় ৩০ শতাংশই হৈছে মহিলা। ২০২২ বিত্তীয় বৰ্ষৰ পৰা ক্রমান্বয়ে ভাৰতৰ শ্বেয়াৰ বজাৰত মহিলাৰ অংশগ্রহণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সৰ্বভাৰতীয় পৰ্যায়ত ইকুইটি বজাৰৰ মুঠ গ্ৰাহকৰ ভিতৰত প্ৰায় ২৪ শতাংশ হৈছে মহিলা। অর্থাৎ সৰ্বভাৰতীয় হাৰৰ তুলনাত অসমৰ মহিলাসকলে অধিক হাৰত শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে। দেশৰ ভিতৰতে সর্বাধিক চণ্ডীগড়ৰ মহিলাই শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে। চণ্ডীগড়ৰ প্রায় ৩২ শতাংশ মহিলাৰ বিপৰীতে মিজোৰামৰ ৩১ শতাংশ মহিলাই শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে চলিত বিত্তীয় বর্ষটোত।
মহিলা বিনিয়োগকাৰীৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থানত আছে অসম। দেশৰ অন্যান্য প্ৰান্তৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মহিলা বিনিয়োগকাৰীৰ হাৰ তুলনামূলকভাৱে অধিক। অসম আৰু মিজোৰামৰ লগতে অৰুণাচল প্ৰদেশৰ ২৬ শতাংশ, মণিপুৰৰ ২৫ শতাংশ, মেঘালয়ৰ ২৬ শতাংশ, নাগালেণ্ডৰ ২৮ শতাংশ, ছিকিমৰ ২৯ শতাংশ আৰু ত্ৰিপুৰাৰ ১৮ শতাংশ মহিলাই শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি আহিছে।
উল্লেখযোগ্য যে মুঠ খুচুৰা বিনিয়োগকাৰীৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ শীর্ষস্থানত আছে। ৰাজ্যখনত মুঠ বিনিয়োগকাৰীৰ সংখ্যা হৈছে ১,৭৫,০৫,০০০ গৰাকী। সেইদৰে দ্বিতীয় স্থানত থকা উত্তৰ প্ৰদেশত খুচুৰা বিনিয়োগকাৰীৰ সংখ্যা ১,১৮,৫৩,০০০ গৰাকী হৈছেগৈ। মুঠ বিনিয়োগকাৰীৰ সংখ্যাৰ ফালৰ পৰা দেশৰ ৰাজ্যসমূহৰ ভিতৰত ১৬ সংখ্যক স্থানত আছে অসম। কিন্তু বিকাশৰ দিশৰ পৰা দেশৰ শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত আছে অসম।