বাউন্সাৰ কোম্পানী চলাই ২৫০০ লোকক কৰ্মসংস্থাপন দিয়া মেহৰুন্নীছাৰ কাহিনী

Story by  atv | Posted by  [email protected] • 2 Months ago
মেহৰুন্নীছা
মেহৰুন্নীছা
 
ইমৰাণ খান/নতুন দিল্লী
 
উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত জন্মগ্ৰহণ কৰা মেহৰুন্নীছাই এনে এক কাম কৰি দেখুৱাইছে, যিটো কাম দেশৰ এগৰাকী সাধাৰণ ছোৱালীয়ে কৰিবলৈ কুণ্ঠাবোধ কৰে। তেওঁ দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা বাউন্সাৰ হিচাপে পৰিগণিত হৈছে। ইয়াৰ উপৰিও এতিয়া তেওঁ নিজাকৈ ‘মৰ্দানী বাউন্সাৰ’ আৰু ডলফিন ছিকিউৰিটি চাৰ্ভিচ প্ৰাইভেট লিমিটেড চলাই আছে, যাৰ জৰিয়তে তেওঁ প্ৰায় ২৫০০ লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে।
 
আৱাজ দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মেহৰুন্নিছাই কয়, ‘ৰক্ষণশীল মুছলমান পৰিয়ালত মোৰ শৈশৱ পাৰ হৈছে। ঘৰৰ ছোৱালীয়ে পঢ়া-শুনা কৰাটো দেউতাই নিবিচাৰিছিল। কাৰণ, তেওঁৰ ভিতৰত এটা ভয় আছিল যে ছোৱালী শিক্ষিত হ’লে তাই যি বিচাৰে তাকে কৰিব।'
 
বলিউডৰ তাৰকা অভিনেত্ৰীসকলৰ মেহেৰুন্নিছা আৰু অন্য বাউন্সাৰসকল
 
উল্লেখ্য যে, ৭ জন ভাই-ভনীৰ ভিতৰত তৃতীয় সন্তান আছিল মেহৰুন্নিছা। বৃহৎ পৰিয়ালটোৰ বাবে তেওঁ আৰম্ভণিৰে পৰাই দৰিদ্ৰতাত জীয়াই থাকিব লগা হৈছিল। মেহৰুন্নিছাৰ মাকে ল’ৰাবোৰৰ লগতে ঘৰৰ ছোৱালীবোৰো শিক্ষিত হোৱাটো বিচাৰিছিল। ইয়াৰ বাবে তেওঁ স্বামীৰ লগত যুঁজি হ'লেও মেহৰুন্নিছা আৰু ভনীয়েকহঁতক ইছলামিয়া গাৰ্লছ স্কুলত ভৰ্তি কৰাইছিল।
 
মেহৰুন্নিছাই ইছলামিয়া স্কুলত দ্বাদশ শ্ৰেণীলৈকে পঢ়িছিল। ইয়াৰ পিছত তেওঁ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা হিন্দী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।
 
এগৰাকী মুছলমান মহিলা কেনেকৈ বাউন্সাৰ হ’ল?
 
আৱাজ-দ্য ভইচৰ সৈতে ফোনযোগে কথা পাতি থাকোঁতে মেহৰুন্নিছাই আৰু কয় যে ব্যৱসায়ত ক্ষতি হোৱাৰ পিছত  তেওঁৰ দেউতাকৰ হাৰ্ট এটেক হৈছিল, সেয়েহে তেওঁ দেউতাকক চিকিৎসাৰ বাবে দিল্লীলৈ লৈ আহিছিল, য’ত মেহৰুন্নীছাই প্ৰথমবাৰৰ বাবে এজন পুৰুষ বাউন্সাৰ দেখা পাইছিল। তেওঁক দেখি মেহৰুন্নিছাই ভাবিছিল যে এয়া হয়তো সেনাবাহিনীৰ চাকৰি। মেহৰুন্নিছাৰ সপোন আছিল সেনাবাহিনীত যোগদান কৰা।
 
লক্ষ্মী আগৰৱালাৰ সৈতে মেহেৰুন্নিছা
 
২০০৩ চনত মেহৰুন্নিছা দিল্লীলৈ আহিছিল, সেই সময়ত বাউন্সাৰৰ কোনো স্থায়ী চাকৰি নাছিল আৰু মহিলা বাউন্সাৰৰ দৰে কোনো চাকৰিৰ ধাৰণাই নাছিল। এটা অনুষ্ঠানত যেতিয়া মেহৰুন্নিছাই এজন পুৰুষ বাউন্সাৰক চাকৰিৰ কথা সুধিছিল, তেতিয়া তেওঁ মেহৰুন্নিছাৰ শৰীৰৰ উচ্চতা আৰু ৰূপ দেখি তেওঁক নিযুক্তি দিছিল।
 
২০০৩ চনৰ পৰা ২০০৮ চনলৈকে মেহৰুন্নিছাই ঘৰত নোকোৱাকৈ দিল্লীলৈ আহিছিল আৰু কিছুমান ইভেণ্টত মহিলা বাউন্সাৰ হিচাপে কাম কৰিছিল। তেতিয়া তেওঁ দিনটোত ২৫০ টকা পাইছিল। ইয়াৰ পিছত মেহৰুন্নিছাই হাউজ খাছত লেডী বাউন্সাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।
 
তাত এজন সাংবাদিকে মেহৰুন্নিছাক লক্ষ্য কৰি তেওঁৰ কাহিনী সুধিলে, তাৰ পিছত সাংবাদিকগৰাকীয়ে গম পালে যে দেশত কোনো মহিলা বাউন্সাৰ নাই, যিয়ে ক্লাব আৰু অনুষ্ঠানত মহিলাক নিৰাপত্তা প্ৰদান কৰে। ইয়াৰ পিছতে মেহৰুন্নিছাই দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা বাউন্সাৰৰ খিতাপ লাভ কৰে।
 
সম্বৰ্ধনা পত্ৰ আৰু বঁটাৰ সৈতে মেহেৰুন্নিছা
 
তেওঁ কেনেকৈ এটা কোম্পানী খুলিলে
 
মেহৰুন্নিছাই ২০১০ চনত মৰ্ডানী বাউন্সাৰ এণ্ড ডলফিন ছিকিউৰিটি চাৰ্ভিচ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী খুলিছিল। কোম্পানীটো খোলাৰ উদ্দেশ্য আছিল যে কোম্পানীটোৰ জৰিয়তে তেওঁ লেডিজ বাউন্সাৰৰ লগত হোৱা সকলো ভুল সলনি কৰিব বিচাৰিছিল।
 
যেনেকৈ পুৰুষ বাউন্সাৰৰ আচৰণ মহিলা বাউন্সাৰৰ লগত ভাল নহয়।তেওঁলোকৰ সৈতে সমান ব্যৱহাৰ নকৰে। বাউন্সাৰৰ কাম বেছিভাগেই ৰাতি, যাৰ বাবে মহিলা বাউন্সাৰসকলে সদায় নিজৰ নিৰাপত্তাৰ বাবে চিন্তিত হৈ থাকে। কোম্পানীসমূহৰ মালিকসকলে মহিলা বাউন্সাৰসকলক ‘পিক আপ’ আৰু ‘ড্ৰপ অফ’ কৰাৰ সুবিধা প্ৰদান নকৰে।
 
বিমান সেৱাৰ মহিলা কৰ্মচাৰীৰ সৈতে মেহেৰুন্নিছা
 
"লেডিজ বাউন্সাৰক আগতে কেৱল গাৰ্ড বুলি কোৱা হৈছিল, মই যেতিয়া প্ৰতিবাদ কৰিছিলো, তেতিয়া তেওঁলোকক লেডিজ বাউন্সাৰ বুলি কোৱা হৈছিল। মোৰ লক্ষ্য হ’ল লেডিজ বাউন্সাৰে মানুহৰ পৰা অধিক সন্মান লাভ কৰক।"-তেওঁ কয়।
 
মেহৰুন্নিছাই কয় , ‘মৰ্দানী বাউন্সাৰ’ৰ জৰিয়তে মই লেডিজ বাউন্সাৰসকলক যুদ্ধ কলাৰ প্ৰশিক্ষণ দিব বিচাৰো, যাতে তেওঁলোকে নিজকে আৰু মহিলাসকলক ভালদৰে সুৰক্ষিত কৰিব পাৰে। কাৰণ বেছিভাগ কোম্পানীতে মহিলা বাউন্সাৰৰ কোনো ধৰণৰ যুঁজৰ প্ৰশিক্ষণ নাথাকে।
মেহৰুন্নিছাই কয়, "কোম্পানী চলোৱাত বহুত অসুবিধা হয়। কিছুমান ডাঙৰ মানুহে 'মৰ্দানী বাউন্সাৰ'ক সমৰ্থন নকৰে। কাৰণ, তেওঁলোকে কোনো ছোৱালীয়ে আহি পুৰুষৰ সমানে কম কৰাটো সহ্য নকৰে। গতিকে মহিলা বাউন্সাৰক কাম নিদিয়ে।''
 
অৱশ্যে বৰ্তমান মেহৰুন্নিছা মাৰ্দানীয়ে বাউন্সাৰৰ জৰিয়তে ২৫০০ লোকক সংস্থাপনৰ ব্যৱস্থা কৰি দিছে। তেওঁ কয় যে নিবনুৱা সমস্যাৰ বাবে বহুতে তেওঁৰ পৰা কাম বিচাৰে আৰু তেওঁ যি সৰু-ডাঙৰ কাম পায়, সেইবোৰ মানুহৰ মাজত বিতৰণ কৰি দিয়ে।
 
হিন্দুস্তান টাইমছ কাকতৰ এক মহিলা অনুষ্ঠানত ৰাণী মুখাৰ্জীৰ পৰা দেশৰ প্ৰথম বাউন্সাৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা মেহৰুন্নিছা মাৰ্দানীয়ে  ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছতো নাম সন্নিবিষ্ট কৰিছে। একেদৰে, ২০২১ চনত কেজৰিৱাল চৰকাৰৰ মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ স্বাতী মালিৱালে দেশৰ প্ৰথমগৰাকী মহিলা বাউন্সাৰ হোৱাৰ বাবে মেহৰুন্নীছাক সন্মান জনাইছিল।