দেশত শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ মাত্ৰা বৃদ্ধি

Story by  atv | Posted by  [email protected] • 2 d ago
দেশত শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ মাত্ৰা বৃদ্ধি
দেশত শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ মাত্ৰা বৃদ্ধি
 
নতুন দিল্লী
 
দেশত ইণ্টাৰনেট-ম'বাইলৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে উদ্বেগজনকভাবে বৃদ্ধি পাইছে শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ। চাইবাৰ অপৰাধৰ সৈতে জড়িত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় চক্রই শিশু তথা কিশোৰ-কিশোৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰ' চমুকৈ এন চি আৰ বিৰ শেহতীয়া এখন প্রতিবেদনৰ মতে এবছৰত শিশু, কিশোৰ-কিশোৰীৰ বিৰুদ্ধে চাইবাৰ অপৰাধ ৩২ শতাংশ বৃদ্ধি পাইছে।
 
২০২১ চনত শিশুৰ বিৰুদ্ধে দেশত ১,৩৭৬ টা চাইবাৰ অপৰাধ সংঘটিত হৈছিল। কিন্তু ২০২২ চনত সেয়া ১,৮২৩ টালৈ বৃদ্ধি হয়। প্রতিবেদনত উল্লেখ থকামতে এই অপৰাধসমূহৰ ভিতৰত পৰ্ণগ্ৰাফীৰ ১,১৭১ টা, চাইবাৰ ষ্টকিং বা ভাবুকি দিয়াৰ ১৫৮ টা আৰু আনধৰণৰ শিশুবিৰোধী চাইবাৰ অপৰাধৰ ৪১৬ টা গোচৰ ৰুজু কৰা হৈছে।
 
ক'ভিড-১৯ মহামাৰীৰ সময়ত বিশ্বৰ কোটি কোটি শিশু, কিশোৰ-কিশোৰীয়ে অনলাইন পাঠ্যক্ৰম গ্রহণ কৰাৰ সময়তেই চাইবাৰ অপৰাধীৰ কবলত পৰিছিল অধিকাংশ। চাইল্ড ৰাইটছ এণ্ড ইউ চমুকৈ ক্ৰাই নামৰ সংস্থাটোৰ মতে ক'ভিড মহামাৰীৰ সময়ত শিশু- কিশোৰ-কিশোৰী অধিক সময়ত অনলাইনত থকাৰ বাবেই অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল।
 
এন চি আৰ বিৰ তথ্যমতে ২০২২ চনত শিশুৰ বিৰুদ্ধে দেশত সংঘটিত হৈছিল ১.৬২ লাখটা অপৰাধ। এয়া ২০২১ চনতকৈ ৯ শতাংশ বৃদ্ধি।
 
দেশৰ পাঁচখন ৰাজ্যত শিশুৰ বিৰুদ্ধে অপৰাধৰ ঘটনা ২০২২ চনত যিকেইখন ৰাজ্যত সৰ্বাধিক ঘটনা সংঘটিত সেইকেইখন হ'ল- মহাৰাষ্ট্ৰ (১২.৮%), মধ্যপ্রদেশ (১২.৬%), উত্তৰ প্রদেশ (১১.৫%), ৰাজস্থান (৫.৮%) আৰু পশ্চিমবংগ (৫.৫%)। প্রতিবেদনৰ মতে উত্তৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰালা আৰু ওড়িশাত শিশুৰ বিৰুদ্ধে ২০২২ চনত সর্বাধিক চাইবাৰ অপৰাধ সংঘটিত হৈছে।