ভাৰতীয় মূলৰ মাতৃ শ্যামলা গোপালনক স্মৰণ কৰি আৱেগিক হৈ পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছ

Story by  atv | Posted by  [email protected] • 24 d ago
মাকৰ সৈতে শৈশৱত কমলা হেৰিছ
মাকৰ সৈতে শৈশৱত কমলা হেৰিছ
 
ছিকাগো

ছিকাগোত আজি ডেম’ক্ৰেটিক পাৰ্টীৰ ৰাষ্ট্ৰপতি পদৰ মনোনয়ন গ্ৰহণ কৰি কমলা হেৰিছে ভাৰতীয় মূলৰ মাতৃ শ্যামলা গোপালন হেৰিছক স্মৰণ কৰে। ডেম’ক্ৰেটিক পাৰ্টিৰ অধিৱেশনৰ শেষৰ দিনটোত কমলা হেৰিছে কয় যে মাত্ৰ ১৯ বছৰ বয়সতে তেওঁৰ মাতৃয়ে স্তন কেন্সাৰ নিৰাময় কৰা এগৰাকী বিজ্ঞানী হোৱাৰ দুৰ্বাৰ সপোন বুকুত বান্ধি ভাৰতৰ পৰা কেলিফৰ্ণিয়ালৈ অকলে যাত্ৰা কৰিছিল।
 
"মোৰ মা শ্যামলা হেৰিছৰ নিজৰ এটা পৰিচয় আছিল। মই তেওঁক প্ৰতিদিনে মিছ কৰো, বিশেষকৈ এই মুহূৰ্তত মই মোৰ মাক বহুত মিছ কৰিছো। আৰু মই জানো যে তেওঁ আজি ওপৰৰ পৰা চাই আছে, আৰু হাঁহি আছে।"-আৱেগিক হৈ এইদৰে কয় কমলা হেৰিছে।
 
"জীৱনৰ অধিকাংশ সময়ত আমাৰ মায়েই আমাক ডাঙৰ-দীঘল কৰিছিল। ঘৰ কিনাৰ সামৰ্থ্য লাভ কৰাৰ আগতেই তেওঁ ইষ্ট বে'ত এটা সৰু এপাৰ্টমেণ্ট ভাড়াত লৈছিল। উপসাগৰত হয় পাহাৰত থাকে নহয় সমতল অঞ্চলত থাকে। আমি ফ্লেটত বাস কৰিছিলো। চাকৰিজীৱি লোকেৰে ফ্লেটটো ভৰি আছিল। সকলোৱে গৌৰৱেৰে নিজৰ লন চোৱাচিতা কৰিছিল," হেৰিছে লগতে কয়।
উল্লেখ্য যে, শ্যামলা গোপালন হেৰিছ আছিল স্তন কেন্সাৰ বিশেষজ্ঞ আৰু ১৯৬০ চনত তামিলনাডুৰ পৰা প্ৰব্ৰজন কৰি তেওঁ কেলিফৰ্ণিয়া বাৰ্কলে বিশ্ববিদ্যালয়ত এণ্ডক্ৰাইন’লজীত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। "যেতিয়া তেওঁ স্কুলীয়া শিক্ষা শেষ কৰিছিল, তেতিয়া ঘৰলৈ উভতি গৈ বিয়াত বহা কথা আছিল, কিন্তু সৌভাগ্যক্ৰমে তেওঁ মোৰ দেউতা জামাইকাৰ ছাত্ৰ ড'নাল্ড হেৰিছক লগ পাইছিল। তাৰ পিছত তেওঁলোক প্ৰেমত পৰিছিল আৰু বিয়া হৈছিল।"-নিজৰ ভাষণত এইদৰে কয় হেৰিছে।
 
কমলাৰ ভগ্নী মায়া হেৰিছেও ছিকাগোৰ অনুষ্ঠানত ভাষণ দি কয় যে উন্নত জীৱন যাপন কৰিবলৈ তেওঁলোকৰ মাতৃয়ে কেনেকৈ ভাৰতৰ পৰা আমেৰিকালৈ গুচি আহিছিল আৰু তেওঁৰ কন্যাসকলক নিজৰ জীৱন নিজে গঢ়িবলৈ উৎসাহিত কৰিছিল। 
 
মায়া হেৰিছে লগতে উল্লেখ কৰে যে তেওঁলোকৰ প্ৰয়াত মাতৃ যদি আজি জীয়াই থাকিলেহেঁতেন, তেন্তে তেওঁ নিশ্চয় নিজৰ কন্যাক লৈ গৌৰৱবোধ কৰিলেহেঁতেন। অৱশ্যে তেওঁ এইটোও ক'লেহেতেনে যে এয়াই যথেষ্ট নহয়, তোমালোকৰ কৰিবলগীয়া আৰু বহু কাম আছে। 
 
উল্লেখ্য যে, আমেৰিকালৈ অৰ্থনীতি অধ্যয়নৰ বাবে অহা আফ্ৰিকান- জামাইকান ব্যক্তি ড’নাল্ড হেৰিছ আৰু শ্যামলা গোপালনৰ পৰিয়ালত ১৯৬৪ চনত কেলিফৰ্ণিয়াৰ অকলেণ্ডত কমলা হেৰিছে জন্মলাভ কৰিছিল। ৫৯ বছৰীয়া কমলা হেৰিছ হৈছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ আসনত বহা প্ৰথমগৰাকী মহিলা আৰু প্ৰথমগৰাকী ভাৰতীয় মূলৰ ব্যক্তি। 
 
নাগৰিক অধিকাৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ সময়ত তেওঁৰ পিতৃ-মাতৃ অতি সক্ৰিয় আছিল। তেওঁলোকে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ইজনে-সিজনক লগ পাইছিল। ড’নাল্ড হেৰিছ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক এমেৰিটাছ। আনহাতে কমলা হেৰিছ কেলিফৰ্ণিয়াৰ এটৰ্নী জেনেৰেল হিচাপে নিৰ্বাচিত হোৱাৰ এবছৰৰ পূৰ্বে ২০০৯ চনৰ ১১ ফেব্ৰুৱাৰীত কৰ্কট ৰোগত আক্ৰান্ত হৈ শ্যামলা গোপালনৰ মৃত্যু হয়।
 
দম্পতীহালৰ বিবাহ বিচ্ছেদৰ পিছত শ্যামলা গোপালনে কমলা আৰু তেওঁৰ সৰু ভনীয়েক মায়াক ডাঙৰ-দীঘল কৰে। শ্যামলাই তেওঁলোকক ভাৰত ভ্ৰমণলৈ লৈ আহিছিল আৰু প্ৰায়ে তামিল ভাষাত মৰম বা হতাশা প্ৰকাশ কৰিছিল। এই কথা কমলাই ২০১৯ চনত লিখা "The Truths We Hold" নামৰ কিতাপখনত উল্লেখ কৰিছে।
কমলা হেৰিছে নিজৰ জীৱনত প্ৰায়ে ভাৰতৰ সংযোগ আৰু মাতৃৰ ফালৰ ককাক পি ভি গোপালনৰ প্ৰভাৱৰ কথা কৈ আহিছে। পিভি গোপালনে দশক দশক পূৰ্বে তামিলনাডুৰ থুলাচন্দ্ৰপুৰম গাঁও এৰি থৈ গৈছিল যদিও বাসিন্দাসকলে কয় যে পৰিয়ালটোৱে এতিয়াও ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে আৰু মন্দিৰৰ ৰক্ষণাবেক্ষণৰ বাবে নিয়মিতভাৱে অনুদান আগবঢ়াইছে।
 
উল্লেখ্য যে, কমলা হেৰিছে আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টীৰ প্ৰতিদ্বন্দ্বী হিচাপে ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে। আজি তেওঁ আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ গ্ৰহণ কৰে।
 
যোৱা মাহত হোৱাইট হাউছ দখলৰ দৌৰৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হোৱা ৮১ বছৰীয়া ৰাষ্ট্ৰপতি জো বাইডেনে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিচাপে কমলা হেৰিছৰ নাম প্ৰস্তাৱ কৰিছিল। নিৰ্বাচনত জয়ী হ’লে তেওঁ হ’ব আমেৰিকাৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি।