দিল্লীৰ শ্বাহী জামা মছজিদত কিয় যোৱা ৩ বছৰ ধৰি ইফটাৰ বিতৰণ কৰিছে নেহা ভাৰতীয়ে

Story by  atv | Posted by  Munni Begum • 4 d ago
নেহা ভাৰতীয়ে ইফটাৰ বিতৰণ কৰি থকা এক দৃশ্য
নেহা ভাৰতীয়ে ইফটাৰ বিতৰণ কৰি থকা এক দৃশ্য
 
মহম্মদ আক্ৰাম / নতুন দিল্লী
 
সম্প্ৰতি পবিত্ৰ ৰমজান মাহ চলি আছে। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত দেখা গৈছে চেহৰী, ইফটাৰ আৰু নামাজৰ সুন্দৰ ছবি। এনে পৰিস্থিতিত এগৰাকী যুৱতীয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু ভাল কামৰ জৰিয়তে দিল্লীৰ জামা মছজিদত এক অনন্য বাৰ্তা দিছে। এই যুৱতীগৰাকীৰ নাম হৈছে নেহা ভাৰতী। তেওঁ যোৱা তিনি বছৰ ধৰি ৰমজান মাহত জামা মছজিদত ৰোজাদাৰসকলৰ বাবে ইফটাৰ আয়োজন কৰি আহিছে।
 
তেওঁৰ এই উদাৰ কৰ্ম হিন্দু-মুছলমান ভাতৃত্ববোধৰ প্ৰতীক হিচাপে চিহ্নিত হোৱাই নহয়, সমাজত ঐক্য আৰু প্ৰেমৰ বাৰ্তাও প্ৰচাৰ কৰি আছে। পুৰণি দিল্লীৰ চাৱৰী মহল্লাৰ বাসিন্দা নেহা ভাৰতী সম্প্ৰতি দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে।
 
নেহা ভাৰতীয়ে ইফটাৰ বিতৰণ কৰি থকা এক দৃশ্য
 
২০১৪ চনৰ পিছত যেতিয়া দেশত এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি ঘৃণা আৰু উত্তেজনা বাঢ়িবলৈ ধৰিলে, তেতিয়াই নেহাই সিদ্ধান্ত লৈছিল যে তেওঁ এই ঘৃণাক মৰম আৰু প্ৰেমেৰে পৰাস্ত কৰিব। তেওঁৰ মতে আমাৰ সমাজত শান্তি আৰু ঐক্য বজাই ৰাখিবলৈ আমি ইজনে সিজনৰ উৎসৱক সন্মান জনাই মানৱতাৰ সেৱাত অৰিহণা যোগাব লাগে। নিজৰ চিন্তাক বাস্তৱত পৰিণত কৰিবলৈ নেহাই জামা মছজিদত ইফটাৰ আয়োজন কৰিবলৈ আৰম্ভ কৰে।
 
পবিত্ৰ ৰমজান মাহত ৰোজা ৰখা লোকসকলৰ বাবে তেওঁ ইফতাৰৰ আয়োজন কৰে, যাতে কোনো লোকে ভোক আৰু পিয়াহত থাকিব নালাগে। প্ৰথম অৱস্থাত তেওঁ অকলে এই কাম আৰম্ভ কৰিছিল যদিও এতিয়া তেওঁৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলেও নেহাক এই উদাৰ কামত সহায় কৰে।
 
নেহাৰ ইফটাৰ বিতৰণৰ ধৰণ অতি অনন্য। তেওঁ ৰোজাৰ বাবে ইফটাৰ প্ৰস্তুত কৰাই নহয়, বিভিন্ন ধৰণৰ সোৱাদযুক্ত খাদ্যও লৈ আহে যাতে মানুহে একেখিনি খাদ্য গ্ৰহণ কৰি বিৰক্ত নহয়। তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই ছ’চিয়েল মিডিয়াতো ব্যাপক স্বীকৃতি লাভ কৰিছে। মানুহে তেওঁৰ কামৰ শলাগ লৈছে আৰু লগতে তেওঁৰ উদাৰ কাৰ্য্যত সহায় আগবঢ়াইছে। 
 
দিল্লীৰ শ্বাহী জামা মছজিদৰ এক দৃশ্য
 
এতিয়া তেওঁৰ ইফটাৰ অনুষ্ঠান দিনক দিনে ডাঙৰ হৈ আহিছে আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে অৰিহণা যোগাবলৈ আগবাঢ়ি আহিছে। নেহাইও তেওঁৰ পিতৃ-মাতৃক বিশেষভাৱে ধন্যবাদ জনায়, যিয়ে তেওঁক এই উদাৰ কামত সহায় কৰিছে। তেওঁ কয়, "মোৰ মা-দেউতাই মোক সদায় শিকাই আহিছে যে ঘৃণাত একো নাই। আমি যিমান পাৰো প্ৰেমৰ ভাগ বতৰা কৰা উচিত।" 
 
উল্লেখ্য যে, এই কামত তেওঁৰ পৰিয়ালেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ঘৰতে সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি ইফটাৰ প্ৰস্তুত কৰালৈকে গোটেই পৰিয়ালটোৱে একেলগে সহায়ৰ হাত আগবঢ়াইছে। নেহাৰ মতে ৰমজান মাহটো কেৱল মুছলমানসকলৰ বাবেই নহয়, সমগ্ৰ মানৱ জাতিৰ বাবেও ই দয়া, মৰম আৰু কৰুণাৰ মাহ। 
 
তেওঁ কয়, "আমি সকলোৱে ইজনে-সিজনৰ উৎসৱক সন্মান কৰা উচিত আৰু মানৱতাৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰা উচিত।" তেওঁৰ এই উদাৰ চিন্তাধাৰাই সমগ্ৰ দেশতে সামাজিক ঐক্য আৰু ভাতৃত্ববোধৰ গুৰুত্বক উজ্জ্বল কৰি তুলিছে। পৃথিৱীত যিমানেই ঘৃণা বিয়পি নাথাকক কিয় প্ৰেম সদায় জীয়াই থাকিব বুলি নেহাই বিশ্বাস কৰে। তেওঁ কয়, "পৃথিৱীত য'তেই ঘৃণা বাঢ়িছে, সেই দেশখন ধ্বংস হৈছে। কিন্তু যিবোৰ দেশত প্ৰেম আছে, সেইবোৰ দেশত সদায় শান্তি আৰু সমৃদ্ধি জীয়াই থাকে, সেইবাবেই মই এই কাম অব্যাহত ৰাখিছো।"
 
নেহা ভাৰতীয়ে ইফটাৰ প্ৰস্তুত কৰি থকা এক দৃশ্য
 
প্ৰথম অৱস্থাত যেতিয়া নেহাই এই উদাৰ কাম আৰম্ভ কৰিছিল তেতিয়া বহু আত্মীয় আৰু চিনাকি মানুহে তেওঁক ঠাট্টা কৰিছিল। কিন্তু নেহাই কাৰো কথা চিন্তা নকৰি নিজৰ বাটত আগবাঢ়ি গ’ল আৰু আজি তেওঁ এগৰাকী আদৰ্শ মহিলা হৈ পৰিছে, যি কেৱল নিজৰ সমাজৰ বাবেই নহয় সমগ্ৰ সমাজৰ বাবেও প্ৰেৰণাৰ উৎস হৈ পৰিছে। নেহা ভাৰতীৰ এই প্ৰচেষ্টা হিন্দু-মুছলমান ভাতৃত্ববোধৰ এক অনুপম নিদৰ্শন হৈ পৰিছে। বহু হিন্দু বন্ধুৱেও তেওঁক ইফতাৰ আয়োজনৰ উদাৰ কামত সহায় কৰিছে, আৰু এই প্ৰেমৰ বাৰ্তা প্ৰচাৰত হাতে-কামে লাগিছে। 
 
নেহা ভাৰতীৰ ইফটাৰ বিতৰণৰ কাম কেৱল পৰম্পৰা নহয়, সামাজিক আন্দোলনলৈ পৰিণত হৈছে। তেওঁ কেৱল ধৰ্মীয় ঐক্যৰ প্ৰতীক নহয়, সমাজত ঐক্য, ভাতৃত্ববোধ আৰু প্ৰেমৰ গুৰুত্বও প্ৰচাৰ কৰি আছে। সমাজত ইতিবাচক পৰিৱৰ্তন আনিবলৈ হ’লে আমি যিকোনো ধৰ্ম আৰু জাতিৰ সীমা অতিক্ৰম কৰিব লাগিব বুলি তেওঁৰ উদাৰ কৰ্মই প্ৰমাণ কৰে। নেহাৰ এই পদক্ষেপ সঁচাকৈয়ে প্ৰেৰণাদায়ক আৰু আমাৰ সমাজখনক ঐক্য আৰু শান্তিৰ বাৰ্তা প্ৰদান কৰে।
 
(আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উঅপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে)