হে আল্লাহ, যদি মোৰ ভুল হৈছে; তেন্তে মোক সঠিক পথলৈ নিয়কঃ ছানিয়া মিৰ্জা

Story by  atv | Posted by  [email protected] • 1 Months ago
মোহময়ী টেনিছ তাৰকা ছানিয়া মিৰ্জা
মোহময়ী টেনিছ তাৰকা ছানিয়া মিৰ্জা
 
হায়দৰাবাদ

ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জাই সম্প্ৰতি ইনষ্টাগ্ৰামত অতি সক্ৰিয় হৈ আছে আৰু নিয়মিতভাৱে তেওঁ নিজৰ অনুৰাগীসকলক দৈনন্দিন জীৱন আৰু ৰুটিনৰ বিষয়ে আপডেট কৰি আছে। যদিও তেওঁ সঘনাই নিজৰ মনোমোহা ফটোসমূহ শ্বেয়াৰ কৰে, তথাপিও প্ৰেৰণাদায়ক আৰু কেতিয়াবা ৰহস্যময় বাৰ্তাৰে ছানিয়াই অনুৰাগীৰ মনোযোগ আকৰ্ষণ কৰে।
 
চলিত বৰ্ষৰ আৰম্ভণিতে পাকিস্তানী ক্ৰিকেটাৰ তথা পূৰ্বৰ জীৱনসংগী শ্বোৱাইব মালিকৰ সৈতে বিচ্ছেদ ঘটা ছানিয়াই এই দুখৰ সময়ৰ পিছৰে পৰা ইছলাম আৰু মানসিক শান্তিৰ সৈতে জড়িত কেইবাটাও ৰহস্যময় বাৰ্তা ইনষ্টাগ্ৰামত পোষ্ট কৰিছে।
 
 
শেহতীয়াকৈ ইনষ্টাগ্ৰামৰ এটা ষ্ট’ৰীত ছানিয়াই আন এটা চিন্তা-উদ্দীপক বাৰ্তা শ্বেয়াৰ কৰিছে। তেওঁ কয়, “হে আল্লাহ, যদি মোৰ ভুল হৈছে, তেন্তে মোক সঠিক পথলৈ নিয়ক। যদি মই হেৰাই গৈছো, তেন্তে মোৰ পথ প্ৰদৰ্শন কৰক। যদি মই হাৰ মানিবলৈ আৰম্ভ কৰিছো, তেন্তে মোক দিশ-নিৰ্দেশন কৰক আৰু মোক আগুৱাই লৈ যাওক।”
 
উল্লেখ্য যে, বৰ্তমান ছানিয়া অবিবাহিত হৈ আছে আৰু পুত্ৰ ইঝান মিৰ্জা মালিকৰ সৈতে ডুবাইত সময় কটাই আছে। ইফালে, শ্বোৱাইব মালিকে পাকিস্তানৰ অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। ইয়াৰ পূৰ্বে, ছানিয়া আৰু শ্বোৱাইবৰ প্ৰেম কাহিনী বিতৰ্কৰে ভৰি পৰিছিল। বহু প্ৰত্যাহ্বানৰ মাজতো তেওঁলোকে ২০১০ চনত হায়দৰাবাদত বিবাহপাশত আবদ্ধ হৈছিল। ২০১৮ চনত পুত্ৰ ইঝান মিৰ্জা মালিক তেওঁলোকৰ সংসাৰলৈ আহিছিল।