গাঁওৰ ক্ৰীড়া ঐতিহ্যক জীয়াই ৰাখিবলৈ ৫ একৰ মাটি দান কৰিলে ৯৫ বছৰীয়া সাবিত্ৰী মাঝীয়ে

Story by  atv | Posted by  Munni Begum • 1 d ago
ক্ৰীড়াৰ বাবে ৫ একৰ মাটি দান কৰা ৯৫ বছৰীয়া সাবিত্ৰী মাঝী
ক্ৰীড়াৰ বাবে ৫ একৰ মাটি দান কৰা ৯৫ বছৰীয়া সাবিত্ৰী মাঝী
 
মায়ংক ভূষণ পানী, ডানিছ ৰয় / নুৱাপাড়া
 
উৰিষ্যাৰ নুৱাপাড়া জিলাৰ সৰু গাঁও চিংজাৰত ক্ৰীড়াৰ এক চহকী পৰম্পৰা আছে। দশক দশক ধৰি গাঁওখন বিভিন্ন ক্ৰীড়া আয়োজনৰ কেন্দ্ৰবিন্দু হৈ আহিছে যদিও অঞ্চলটোত এতিয়ালৈকে কোনো নিৰ্দিষ্ট খেলপথাৰ নাছিল। তেনে অৱস্থাত সাবিত্ৰী মাঝী নামৰ এগৰাকী  ৯৫ বছৰীয়া মহিলাৰ এক ঐতিহাসিক সিদ্ধান্তই এই পৰিস্থিতি সলনি কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। তেওঁ নিজৰ পূৰ্বপুৰুষৰ পাঁচ একৰ মাটি মিনি ষ্টেডিয়াম নিৰ্মাণৰ বাবে দান কৰিছে।
 
জিলা সদৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চিংজাৰ গাঁৱত বিগত পাঁচ দশক ধৰি কেইবাটাও ক্ৰীড়া ইভেণ্ট অনুষ্ঠিত হৈছে। ইয়াত প্ৰতিবছৰে অনুষ্ঠিত হয় জনপ্ৰিয় আন্তঃৰাজ্যিক বুধৰাজা কাপ ক্ৰিকেট প্ৰতিযোগিতা, য'ত ৰায়পুৰ, বিলাসপুৰ, কটক, ভুৱনেশ্বৰ আৰু চুবুৰীয়া ঝাৰখণ্ডৰ দলসমূহে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও গাঁওখনত ফুটবল আৰু কাবাডী প্ৰতিযোগিতাও অনুষ্ঠিত হয়। কোনো স্থায়ী খেলপথাৰ নথকাত গাঁওবাসীয়ে ব্যক্তিগত বা চৰকাৰী ভূমি ব্যৱহাৰ কৰি প্ৰতিযোগিতাসমূহ আয়োজন কৰিবলগীয়া হৈছিল।
 
সাবিত্ৰী মাঝী
 
প্ৰতি বছৰে গাঁওবাসীয়ে জিলা প্ৰশাসনক স্থায়ী খেলপথাৰ বিচাৰি অনুৰোধ কৰিছিল, কিন্তু কোনো সুনিৰ্দিষ্ট সমাধান বিচাৰি পোৱা নাছিল। অৱশেষত যেতিয়া গাঁৱৰ যুৱক-যুৱতীসকলে সাৱিত্ৰী মাঝীক এই সমস্যা সমাধানৰ বাবে অনুৰোধ জনায়, তেতিয়া তেওঁ ক্ৰীড়াৰ প্ৰতি থকা প্ৰেম আৰু সমাজসেৱাৰ মনোভাৱেৰে আগুৱাই আহে আৰু কোনো সংকোচ নকৰাকৈ পাঁচ বিঘা মাটি দান কৰে। সাবিত্ৰী মাঝী আৰু তেওঁৰ প্ৰয়াত স্বামী নীলাম্বৰ মাঝী সদায় দান-বৰঙণিৰ বাবে পৰিচিত। নীলাম্বৰ মাঝী জীয়াই থকাৰ সময়ত পত্নীৰ সৈতে লগ হৈ গাঁৱৰ স্কুল, হাইস্কুল আৰু মন্দিৰ নিৰ্মাণৰ বাবে নিজৰ মাটি দান কৰিছিল। 
 
সাবিত্ৰী মাঝীৰ মতে ক্ৰীড়াৰ পৰম্পৰা গাঁওখনৰ সাংস্কৃতিক পৰিচয়ৰ এক অংশ আৰু ইয়াক অটুট ৰখাটো গুৰুত্বপূৰ্ণ। "বিবাহৰ পিছত এই গাঁওখনলৈ অহাৰ পৰাই গাঁৱৰ মানুহৰ মাজত ক্ৰীড়াৰ প্ৰতি থকা গভীৰ আকৰ্ষণ দেখিবলৈ পাইছো। বছৰ বছৰ ধৰি ই প্ৰতিটো প্ৰজন্মৰ বাবে এক পৰম্পৰাত পৰিণত হৈছে। এই কামটো আগুৱাই নিবলৈ মই মোৰ মাটি ক্ৰীড়াৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে দান কৰাৰ সিদ্ধান্ত লৈছো।"- সাবিত্ৰী মাঝিয়ে কয়। মহিলাগৰাকীৰ এই নিস্বাৰ্থ কাৰ্যক তেওঁৰ ১০টা সন্তানেও সম্পূৰ্ণৰূপে সমৰ্থন কৰিছিল।
 
মূলতঃ কালাহাণ্ডী জিলাৰ বাসিন্দা সাবিত্ৰীৰ বিবাহ হৈছিল দানশীল কামৰ বাবে পৰিচিত চিংজাৰৰ গৌণ্টিয়া পৰিয়ালত। সাবিত্ৰী মাঝীৰ এই অৱদানৰ শলাগ লৈ অলপতে নুৱাপাড়াৰ জিলা উপায়ুক্ত মধুসুদন দাসে তেওঁৰ ঘৰত উপস্থিত হৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
 
সাবিত্ৰী মাঝী
 
উপায়ুক্তগৰাকীয়ে ঘোষণা কৰে, "সাবিত্ৰী মাঝীয়ে দান কৰা মাটিত এখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব। এই কামৰ বাবে প্লটটোৰ চাৰিওফালে অতিৰিক্ত পাঁচ একৰ চৰকাৰী মাটি চিনাক্ত কৰিবলৈ আমি তহচিলদাৰক নিৰ্দেশ দিছো। অতিৰিক্ত মাটি পালে আমি এটা বিশদ প্ৰস্তাৱ প্ৰস্তুত কৰি চৰকাৰলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিম। অন্যথা উপলব্ধ মাটিতে কাম আগবঢ়াই নিম।"
এতিয়া ক্ৰীড়া বিভাগৰ বিষয়াসকলে শীঘ্ৰে স্থান পৰিদৰ্শন কৰি ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে কৰাৰ পৰিকল্পনা যুগুত কৰিব। যদিহে চৰকাৰৰ পৰা অতিৰিক্ত সহায় লাভ কৰা হয়, তেন্তে এই মিনি ষ্টেডিয়ামখনক পূৰ্ণাংগ ক্ৰীড়া কমপ্লেক্সলৈ ৰূপান্তৰিত কৰিব পৰা যাব।
 
সাবিত্ৰী মাঝীৰ এই নিস্বাৰ্থ কাম কেৱল চিংজাৰ গাঁৱৰ বাবেই নহয়, সমগ্ৰ ৰাজ্যখনৰ বাবেও আদৰ্শ হ’ব পাৰে। ক্ৰীড়াৰ প্ৰতি প্ৰেম আৰু সামাজিক দায়বদ্ধতাৰ সমন্বয়ে কেনেকৈ এখন সমাজৰ ভৱিষ্যত গঢ় দিব পাৰে, সেই কথা মহিলাগৰাকীয়ে প্ৰমাণ কৰিছে। ৯৫ বছৰীয়া মহিলাগৰাকীৰ এই অৱদানে কেৱল গাঁৱৰ যুৱ খেলুৱৈসকলক এক স্থায়ী খেলপথাৰ প্ৰদান কৰাই নহয়, ভৱিষ্যত প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি অনুপ্ৰাণিত কৰাতো সহায় কৰিব।


শেহতীয়া খবৰ