সন্ত্ৰাসবাদৰ পৰা নেতালৈ আবু মহম্মদ আল গোলানীৰ যাত্ৰা

Story by  atv | Posted by  Munni Begum • 1 d ago
আবু মহম্মদ আল গোলানী
আবু মহম্মদ আল গোলানী
 
মালিক আছঘৰ হাচমী
 
ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা আবু মহম্মদ আল গোলানীৰ পুৰণি উগ্ৰপন্থী ভাবমূৰ্তিৰ সলনি সম্প্ৰতি এক তেওঁৰ নতুন ৰূপে আত্মপ্ৰকাশ কৰিছে। তেওঁ নিজকে শান্তিপ্ৰিয় আৰু সহনশীল নেতা হিচাপে উপস্থাপন কৰিবলৈ নিজৰ ভাবমূৰ্তি সলনি কৰিছে আৰু নিজৰ অতীতৰ জেহাদী সম্পৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখিছে।  
 
বিদ্ৰোহী সংগঠন হায়াত তাহৰীৰ আল-শ্বাম (এইচটিএছ)ৰ নেতা হিচাপে আল-গোলানীয়ে ইডলিব প্ৰদেশত নিজৰ ক্ষমতা সুদৃঢ় কৰি তুলিছে আৰু ছিৰিয়াৰ ভৱিষ্যতৰ বাবে প্ৰতিষ্ঠানিক শাসনৰ আহ্বান জনোৱা এজন ব্যক্তি হিচাপে নিজকে আত্মপ্ৰকাশ কৰিছে। অৱশ্যে তেওঁৰ পৰিৱৰ্তন এতিয়াও পৰীক্ষণৰ মাজিতে আৱদ্ধ হৈ আছে।  
 
ছিৰিয়াৰ বিদ্ৰোহৰ এক দৃশ্য
 
২০১১ চনৰ পৰা ছিৰিয়াত চলি থকা প্ৰতিবাদ দ্ৰুতগতিত এক বৃহৎ গৃহযুদ্ধলৈ পৰিণত হৈছিল। ছিৰিয়াৰ বহু গোটে আছাদ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। এই সংঘাতৰ মাজত আবু মহম্মদ আল গোলানীৰ নামো উদয় হৈছিল। সেই সময়ত গোলানী আল কায়দাৰ সদস্য আছিল। তেওঁৰ মূল উদ্দেশ্য আছিল ছিৰিয়াত ইছলামিক শাসন প্ৰতিষ্ঠা কৰা।  
 
নুছৰা ফ্ৰণ্ট নামৰ আল কায়দাৰ এটা শাখা স্থাপন কৰিবলৈ আল বাগদাদীয়ে যেতিয়া গোলানীক ছিৰিয়ালৈ পঠিয়াইছিল, তেতিয়া তেওঁ গোলানীক এজন বিশিষ্ট উগ্ৰপন্থী নেতা হিচাপে গঢ়ি তুলিছিল। নুছৰা ফ্ৰণ্টে আছাদৰ বিৰুদ্ধে যুঁজ দি ক্ৰমান্বয়ে ক্ষমতা বৃদ্ধি কৰি গৈছিল। কিন্তু ছিৰিয়াৰ সংঘাত বৃদ্ধি পোৱাৰ লগে লগে গোলানীৰ উচ্চাকাংক্ষাও বৃদ্ধি হৈ আহিছিল। 
 
২০১৩ চনত যেতিয়া আল বাগদাদীয়ে গোলানীক নুছৰা ফ্ৰণ্টক আইছিছত একত্ৰিত কৰিবলৈ আহ্বান জনাইছিল, তেতিয়া গোলানীয়ে এই কথা নাকচ কৰিছিল আৰু আল কায়দাৰ প্ৰতি আনুগত্য বজাই ৰাখিছিল। এই সময়ৰ পিছত নুছৰা ফ্ৰণ্টে শক্তি বৃদ্ধি কৰি আছাদৰ বিৰুদ্ধে ছিৰিয়াৰ বিৰোধীক শক্তিশালী কৰি তুলিছিল। 

আল কায়দাৰ পৰা দূৰত্ব আৰু নতুন ৰূপৰ আৰম্ভণি 
 
২০১৬ চনত গোলানীয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি নুছৰা ফ্ৰণ্টক আল কায়দাৰ পৰা পৃথক কৰিছিল। তেওঁ নিজৰ সংগঠনৰ নাম সলনি কৰি "জাভাত ফাতেহ আল-শ্বাম" কৰি ঘোষণা কৰিছিল যে, তেওঁৰ গোটটো আৰু কোনো বাহ্যিক সত্তাৰ সৈতে জড়িত নহয়। এই পদক্ষেপেই আছিল গোলানীৰ বাবে এক নতুন দিশৰ আৰম্ভণি। ইয়াৰ ফলত তেওঁলোকে ছিৰিয়াত নিজৰ ক্ষমতা শক্তিশালী কৰাৰ সুযোগ লাভ কৰিছিল। 
 
সংবাদ মাধ্যমক দিয়া আবু মহম্মদ আল গোলানীৰ এক সাক্ষাৎকাৰ  
 
ইয়াৰ পিছত গোলানী আৰু তেওঁৰ দলে হায়াত তাহৰীৰ আল-শ্বাম (HTS) নামৰ এটা নতুন সংগঠন গঠন কৰিছিল, যিটো ছিৰিয়াৰ উত্তৰ-পশ্চিম অংশ বিশেষকৈ ইডলিব প্ৰদেশত প্ৰধান শক্তিত পৰিণত হৈছিল। এইচ টি এছে ইছলামিক শাসনৰ পৰিৱৰ্তে অধিক অন্তৰ্ভুক্ত শাসন ব্যৱস্থাৰ কথা ক’বলৈ আৰম্ভ কৰিছিল। গোলানীয়ে বিভিন্ন জনগোষ্ঠী আৰু ধৰ্মীয় গোটৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল আৰু ছিৰিয়াৰ বৈচিত্ৰময় সমাজখনক একত্ৰিত কৰাৰ চেষ্টা কৰিছিল। 
 
পুৰণি জেহাদী ভাবমূর্তি পৰিত্যাগ কৰি গোলানীয়ে এতিয়া নিজকে অধিক মৃদুভাষী আৰু শক্তিশালী নেতা হিচাপে উপস্থাপন কৰিবলৈ আৰম্ভ কৰিছিল, তেওঁ ছুট পিন্ধিবলৈ আৰম্ভ কৰিছিল। সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত গোলানীয়ে কয় যে, তেওঁৰ লক্ষ্য এতিয়া ছিৰিয়াৰ বাবে এক প্ৰতিষ্ঠানিক শাসন ব্যৱস্থা স্থাপন কৰা, য’ত কোনো শাসকে যাতে স্বেচ্ছাচাৰী সিদ্ধান্ত লব নোৱাৰে। তেওঁৰ এই বাৰ্তা আছিল, ছিৰিয়াৰ বিভিন্ন সংখ্যালঘুসকলক তেওঁলোকৰ নিৰাপত্তা আৰু অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ আশ্বাস।  

নেতা হিচাপে গোলানীৰ বিকাশ
 
গোলানীৰ উগ্ৰ জেহাদীৰ পৰা ৰাষ্ট্ৰ নিৰ্মাতালৈ ৰূপান্তৰিত হোৱাটো বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম আৰু কৌশলৰ ফল। সামৰিক পোছাক পৰিত্যাগ কৰি অসামৰিক লোকৰ দৰে সাজ-পোছাক পৰিধান কৰি গোলানীয়ে প্ৰায়ে ৰাজহুৱা স্থানত নিজৰ বাৰ্তা বিয়পাই আহিছিল। তেওঁ ধৰ্মীয় সহনশীলতা আৰু বহুত্ববাদৰ কথা কৈছিল আৰু দেখুৱাবলৈ চেষ্টা কৰিছিল যে, তেওঁৰ লক্ষ্য কেৱল ইছলামিক শাসন প্ৰতিষ্ঠা কৰাই নহয়, ছিৰিয়াৰ সকলো সম্প্ৰদায়ৰ মাজত শান্তি আৰু সমৃদ্ধি প্ৰতিষ্ঠা কৰা।  
 
ইয়াৰ উপৰিও গোলানীয়ে নিজৰ গোটৰ বাহিৰত সমৰ্থন লাভ কৰিবলৈ বিভিন্ন জনগোষ্ঠী আৰু গোটৰ সৈতে যোগাযোগ কৰিছিল। ইডলিবৰ দ্ৰুজ সম্প্ৰদায়ৰ সৈতে তেওঁ আলোচনা স্থাপন কৰিছিল, যিসকলক পূৰ্বে তেওঁৰ পূৰ্বৰ গোট নুছৰা ফ্ৰণ্টে লক্ষ্য কৰি লৈছিল। তেওঁ তুৰ্কী সমৰ্থিত মিলিচীয়াই হত্যা কৰা কুৰ্দসকলৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছিল, আৰু তেওঁলোকৰ গোটৰ বিৰুদ্ধে ছিৰিয়াৰ ওপৰত পশ্চিমীয়া বিশ্বৰ নিষেধাজ্ঞা জাৰি কৰা নিষেধাজ্ঞাক অন্যায় বুলি সমালোচনা কৰিছিল।
 
ছিৰিয়াত এক সুস্থিৰ আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰা  মনোভাৱ  আবু মহম্মদ আল গোলানীৰ
 
আমেৰিকা আৰু পশ্চিমীয়া বিশ্বৰ প্ৰতি গোলানীৰ মনোভাৱ 
 
যদিও গোলানীৰ এই নতুন ৰূপটোৱে ইতিবাচক পৰিৱৰ্তনৰ দিশে আঙুলিয়াই দিয়ে, তথাপিও পশ্চিমীয়া দেশসমূহৰ মনোভাৱৰ কোনো বিশেষ পৰিৱৰ্তন ঘটা নাই। আমেৰিকাই গোলানীক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰি তেওঁৰ বিৰুদ্ধে এক কোটি ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছে। গোলানীৰ নতুন ধাৰণা আৰু কৌশলৰ মাজতো তেওঁ এতিয়াও বিতৰ্কিত নেতা হৈয়ে আছে। 
 
২০২১ চনৰ এক সাক্ষাৎকাৰত গোলানীয়ে স্পষ্টকৈ কৈছিল যে, তেওঁৰ উদ্দেশ্য পশ্চিমীয়া দেশৰ সৈতে যুদ্ধ কৰা নহয়। তেওঁ কেতিয়াও পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে যুদ্ধৰ আহ্বান জনোৱা নাছিল, যদিও তেওঁৰ মূল গুৰুত্ব আছিল ছিৰিয়াৰ ভিতৰত এক সুস্থিৰ আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰা। তেওঁ কয় যে, ছিৰিয়াক এনে এটা শাসন ব্যৱস্থাৰ প্ৰয়োজন যিটো প্ৰতিষ্ঠানিক, য’ত কোনো শাসকে যাতে স্বেচ্ছাচাৰী সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।  

ভৱিষ্যতে গোলানীৰ ভূমিকা
 
গোলানীৰ এই পৰিৱৰ্তনে দেখুৱাইছে যে, ভৱিষ্যতত তেওঁ ছিৰিয়াৰ মুখ্য ভূমিকা গ্ৰহণ কৰিবলৈ সাজু। যদিও তেওঁৰ পুৰণি জেহাদী সংযোগ আৰু সন্ত্ৰাসবাদ সম্পৰ্কীয় অভিযোগ এতিয়াও তেওঁৰ বিৰুদ্ধে আছে, তথাপিও তেওঁৰ নতুন পন্থাই কিছু পৰিমাণে আন্তঃৰাষ্ট্ৰীয় সমাজত তেওঁক এক বেলেগ পৰিচয় প্ৰদান কৰিছে। এতিয়া লক্ষ্যণীয় যে, ছিৰিয়াৰ ভৱিষ্যতত তেওঁৰ প্ৰভাৱ কেনেদৰে উত্থাপন হয় আৰু তেওঁৰ নেতৃত্বই ছিৰিয়াত স্থিতিশীলতা অনাত সফল হ’ব পাৰিব নে নোৱাৰে। 
 
আল-গোলানীৰ জেহাদী নেতাৰ পৰা ৰাজনৈতিক আৰু কৌশলগত নেতালৈ যাত্ৰা আৰু তেওঁৰ নেতৃত্বৰ বিষয়ে উত্থাপিত প্ৰশ্নই ভৱিষ্যতে ছিৰিয়াৰ ৰাজনৈতিক আৰু সামাজিক গাঁথনিত যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। 
 
(এই প্ৰতিবেদনটিৰ তথ্যসমূহ বিভিন্ন সংবাদ সংস্থাৰ পৰা সংগ্ৰহ কৰা গৈছে)