ছিৰিয়াত তুংগত উঠিছে গৃহযুদ্ধ; চিৰিয়ালৈ সকলো ভ্ৰমণ সম্পূৰ্ণৰূপে পৰিহাৰ কৰিবলৈ পৰামৰ্শ ভাৰতীয় নাগৰিকক

Story by  atv | Posted by  Munni Begum • 19 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
পশ্ছিম এছিয়াক ইজৰাইল-হামাছ, ইজৰাইল-হিজবুল্লাহ সংঘাতে উত্তপ্ত কৰি ৰখাৰ সময়তে ছিৰিয়াত তীব্ৰতৰ হৈছে গৃহযুদ্ধ। ছিৰিয়াৰ পৰিস্থিতিৰ বিষয়ে চিন্তিত হৈ ভাৰত চৰকাৰে পৰৱৰ্তী জাননী নোপোৱালৈকে চিৰিয়ালৈ সকলো ভ্ৰমণ সম্পূৰ্ণৰূপে পৰিহাৰ কৰিবলৈ সকলো ভাৰতীয় নাগৰিকক পৰামৰ্শ আগবঢ়াইছে।  
 
জৰুৰীকালীন হেল্পলাইন নম্বৰ আৰু এটা ইমেইল আইডি শ্বেয়াৰ কৰি এক বিবৃতিত, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৰ্তমান ছিৰিয়াত থকা সকলো ভাৰতীয়ক ডামাস্কাছৰ ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।  
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে কয় যে, যিসকলে পাৰে, তেওঁলোকক আগতীয়াকৈ উপলব্ধ বাণিজ্যিক বিমানেৰে যাত্ৰা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু আনসকলক তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰিবলৈ আৰু তেওঁলোকৰ চলাচল নূন্যতমভাৱে সীমিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। 
 
এম ই এৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, ছিৰিয়াত প্ৰায় ৯০ জন ভাৰতীয় নাগৰিক আছে, য’ত ১৪ জনেই ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংগঠনত কাম কৰি আছে বুলি সংবাদ সংস্থাই প্ৰকাশ কৰিছে।
 
শুকুৰবাৰে জয়ছৱালে এক প্ৰেছ বিবৃতিত কয় যে, "আমি ছিৰিয়াৰ উত্তৰ অংশত শেহতীয়াকৈ যুদ্ধ বৃদ্ধি পোৱাৰ কথা লক্ষ্য কৰিছো। আমি পৰিস্থিতি নিবিড়ভাৱে অনুসৰণ কৰি আছো... তেওঁলোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে আমাৰ অভিযান আমাৰ নাগৰিকসকলৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছে।" 
 
বৰ্তমান ছিৰিয়াত থকা ভাৰতীয়সকলৰ বাবে এম ই এয়ে ডামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে ঘনিষ্ঠ যোগাযোগ বজাই ৰখাৰ পৰামৰ্শ দিয়ে। দূতাবাসৰ জৰুৰীকালীন হেল্পলাইনৰ জৰিয়তে +৯৬৩ ৯৯৩৩৮৫৯৭৩ নম্বৰত যোগাযোগ কৰিব পাৰিব, যিটো হোৱাটছএপতো উপলব্ধ, আৰু আপডেটৰ বাবে [email protected] ইমেইলযোগে যোগাযোগ কৰিব পাৰিব।
 
ইছলামিক উগ্ৰপন্থী সংস্থা হায়াত তাহৰিৰ আল শ্বাম (এইচটিএছ)ৰ নেতৃত্বত বিদ্ৰোহীয়ে ছিৰিয়াৰ সৰ্ববৃহৎ এলেপ্পোকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ দখল কৰি বৃহৎ আক্ৰমণ চলোৱাৰ সময়তে এই সতৰ্কবাণী প্ৰদান কৰা হৈছে। প্ৰায় ১৪ বছৰীয়া ছিৰিয়াৰ গৃহযুদ্ধত দীৰ্ঘদিনীয়া অচলাৱস্থা ভংগ কৰিছে এই আক্ৰমণে। 
 
বৃহস্পতিবাৰে বিদ্ৰোহী বাহিনীয়ে ছিৰিয়াৰ ভূখণ্ডৰ গভীৰতালৈ আগবাঢ়ি গৈ দেশখনৰ চতুৰ্থ বৃহত্তম চহৰ হামাক দখল কৰে। হামাৰ এই জয়ে বিদ্ৰোহীসকলৰ বাবে এক কৌশলগত মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে, যিয়ে এতিয়া নিজৰ দৃষ্টি নিক্ষেপ কৰিছে এখন গুৰুত্বপূৰ্ণ চৌহদ চহৰ হোমছৰ ওপৰত। যদিহে এই চহৰখন দখল কৰিব পাৰে তেন্তে হোমছে আছাদৰ নিয়ন্ত্ৰণত থকা ভূখণ্ডসমূহ কাৰ্যকৰীভাৱে বিচ্ছিন্ন কৰি পেলাব, যাৰ ফলত তেওঁৰ ক্ষমতাৰ দখল আৰু অধিক দুৰ্বল হ’ব। 
 
অনলাইনত প্ৰচাৰিত এক ভিডিঅ’ত দেখা গৈছে যে, শ শ বাসিন্দাই নিশাটোৰ ভিতৰতে হোমছৰ পৰা পলায়ন কৰিছে, কাৰণ শাসন ব্যৱস্থা বিৰোধী বিদ্ৰোহীয়ে ৰাজধানী ডামাস্কাছলৈ যোৱা পথৰ কাষেৰে দক্ষিণ দিশলৈ আগবাঢ়িছে।