বিনিয়োগ বৃদ্ধিৰ লক্ষ্যৰে ছিংগাপুৰৰ আগশাৰীৰ ব্যৱসায়িক নেতাৰে গুৰুত্বপূৰ্ণ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 10 d ago
ছিংপুৰৰৰ আগশাৰীৰ ব্যৱসায়িক নেতাৰে গুৰুত্বপূৰ্ণ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ
ছিংপুৰৰৰ আগশাৰীৰ ব্যৱসায়িক নেতাৰে গুৰুত্বপূৰ্ণ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ
 
ছিংগাপুৰ

কেপিটালেণ্ড ইনভেষ্টমেণ্টৰ গ্ৰুপ চিইঅ’ লি চি কুনে ভাৰতৰ বৃদ্ধিৰ সম্ভাৱনাক লৈ আস্থা প্ৰকাশ কৰিছে। ভাৰতৰ সুস্থিৰ চৰকাৰ আৰু অবিৰত সংস্কাৰৰ উদ্ধৃতি দি তেওঁ কয় যে আগন্তুক কেইবছৰমানৰ ভিতৰত ভাৰতত নিজৰ পুঁজি দুগুণতকৈও অধিক কৰাৰ লক্ষ্য লৈছে কোম্পানীটোৱে। 
 
ছিংগাপুৰৰ ব্যৱসায়িক নেতা আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকত লি চি কুনে কয় যে কোম্পানীটো ৩০ বছৰতকৈও অধিক সময় ধৰি ভাৰতত কাম কৰি আছে যদিও প্ৰধানমন্ত্ৰী মোদীয়ে দায়িত্ব লোৱাৰ পিছৰে পৰা কোম্পানীটোৰ বৃদ্ধি ত্বৰান্বিত হৈছে।
 
তেওঁ জানিবলৈ দিয়ে যে, "কেপিটালেণ্ড ভাৰতত ৩০ বছৰতকৈও অধিক সময় ধৰি আছে। আৰম্ভণিতে আমাৰ বৃদ্ধি ইমান দ্ৰুত নাছিল, কিন্তু প্ৰধানমন্ত্ৰী মোদী ক্ষমতালৈ অহাৰ পিছৰে পৰা তেওঁ ব্যৱসায়িক সূচলতাৰ দিশত বহু সংস্কাৰ সাধন কৰিছে। যোৱা ৭ বছৰত ভাৰতত আমাৰ বৃদ্ধি তিনিগুণ হৈছে। ভাৰতত অপৰিসীম সম্ভাৱনা আছে। কাৰণ, ইয়াত এখন সুস্থিৰ আৰু শক্তিশালী চৰকাৰ আছে।"
ছিংগাপুৰৰ আন বহু শীৰ্ষ ব্যৱসায়িক নেতাইও প্ৰধানমন্ত্ৰী মোদীক লগ পাই উৎসাহ প্ৰকাশ কৰাৰ লগতে আগন্তুক দিনত ভাৰতত অধিক বিনিয়োগ কৰাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পাছত ব্ৰুনো লোপেজে ডিজিটেল অৰ্থনীতিৰ বিকাশ সাধন কৰা ভাৰতৰ ডিজিটেলাইজেশ্যনৰ প্ৰচেষ্টাক লৈ সন্তুষ্টি প্ৰকাশ কৰে আৰু আগন্তুক পাঁচ বছৰত ভাৰতত ২৬,০০০ কোটি টকাৰো অধিক বিনিয়োগৰ পৰিকল্পনাৰ বিষয়েও ব্যক্ত কৰে।
 
এছ টি টেলিমিডিয়া গ্ল’বেল ডাটাৰ চি ই অ’ ব্ৰুনো লোপেজে কয় যে, সমগ্ৰ ভাৰততে ডিজিটেলাইজেশ্যনৰ প্ৰতি থকা দায়বদ্ধতা বহু ঠাইত অনুসৰণ কৰিব পৰাকৈ এক উদাহৰণ।
 
"ইয়াৰ বাবে আমি আনন্দিত আৰু সুখী। আমি অহা পাঁচ বছৰত ভাৰতত ২৬ হাজাৰ কোটি টকাতকৈ অধিক বিনিয়োগ কৰিবলৈ সাজু হৈছে।"-তেওঁ কয়। ছিংগাপুৰৰ আন এজন ব্যৱসায়িক নেতা চেম্বকৰ্প ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ চিইঅ’ কিম য়িন ৱঙে কয় যে, “মই যুক্তি দিম যে ভাৰতৰ শক্তি উদ্যোগক ভাৰতত পুনৰ ৰেটিং দিয়া উচিত।”
 
বিগত কেইবছৰমানৰ পৰা প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ মন্ত্ৰালয়সমূহে এনে গুৰুত্বপূৰ্ণ নীতি ৰূপায়ণ কৰিছে যিয়ে ভাৰতৰ সৌৰ শক্তি নিগমৰ কাৰ্য্যক্ষমতা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিছে। এতিয়া, আমি এন টি পি চি আৰু এন এইচ পি চি আনিব বিচাৰো। নবীকৰণযোগ্য শক্তি খণ্ডত বিদেশী বিনিয়োগকাৰী হিচাপে ই আমাৰ বাবে আগুৱাই যোৱাৰ প্ৰচণ্ড সুযোগ দাঙি ধৰিব।’ ব্যৱসায়িক নেতাসকলৰ বৈঠকৰ অন্তত গ্ৰুপৰ চিইঅ’ সুৰবানা জুৰঙে শ্বেন চিয়াওৱে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত এখন ডাঙৰ দেশত পৰিণত হ’ব। দেশখন ইতিমধ্যে বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে।