এলবাৰ্ট আইনষ্টাইনৰ সকীয়নি পত্র ৩২.৭ কোটি টকাত নিলামত বিক্রী

Story by  atv | Posted by  [email protected] • 2 d ago
এলবাৰ্ট আইনষ্টাইন
এলবাৰ্ট আইনষ্টাইন
 
নতুন দিল্লী
 
প্রসিদ্ধ বিজ্ঞানী এলবার্ট আইনষ্টাইনে পৰমাণু বিজ্ঞানৰ উৎকর্ষ সাধনব জৰিয়তে বিশ্ববাসীক আগবঢ়াই যোৱা অৱদান সকলোৱে মনত ৰাখিব। কিছুদিন পূর্বে আইনষ্টাইনে স্বাক্ষৰ কৰা এখন ভাবুকি পত্র ৩২.৭ কোটি টকাত নিলামত বিক্রী হয়।
 
১৯৩৯ চনত তদানীন্তন মার্কিন ৰাষ্ট্রপতি ফ্রেংকলিন কজভেল্টলৈ লিখা এই ভাবুকি পত্ৰখনত আইনষ্টাইনে অদূৰ ভৱিষ্যতে পৰমাণু পদার্থক লৈ হ'ব পৰা বিপদৰ সম্ভাৱনাও দাঙি ধৰিছিল। আমেৰিকাক ইয়াকে লৈ অধ্যয়ন কৰাৰ বাবেও পৰামৰ্শ আগবঢ়াই ছিল পত্রখনত।
 
স্বাভাবিকতে এই পত্রখনৰ জৰিয়তে দ্বিতীয় বিশ্বযুদ্ধত পৰমাণু বোমাৰ ব্যৱহাৰৰ পথো প্রশস্ত হৈছিল। আইনস্টাইনে পত্ৰখনত অদূব ভবিষ্যতে পৰমাণু শক্তিক মাৰাত্মক অস্ত্র হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনাও দাঙি ধৰিছিল। এই পত্ৰখনে বিশ্বৰ ইতিহাস সলনি কৰিব পৰা সকীয়নি প্রদান কৰিছিল বাবে পত্ৰখনৰ গুরুত্ব বৃদ্ধি পাইছিল। কেইদিনমান পূর্বে এই পত্রখন নিলামত বিক্ৰী কৰে মানহাট্টান প্রজেক্টছ নামৰ এটা সংস্থাই।