ইছলামবাদ
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী কৰ্তৃপক্ষই প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ (পিটিআই) প্ৰতিবাদী সমদলক লক্ষ্য কৰি সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী প্ৰদান কৰিছে।
বৃহস্পতিবাৰে জাৰি কৰা এই সতৰ্কবাণী শনিবাৰেহে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি, নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানৰ (টিটিপি) অন্তৰ্গত সন্ত্ৰাসবাদীয়ে আফগানিস্তানৰ পৰা পাকিস্তানত প্ৰৱেশ কৰি ডাঙৰ চহৰসমূহত অনুপ্ৰৱেশ কৰা বুলি একাধিক উৎসৰ পৰা চোৰাংচোৱা তথ্যৰ উদ্ধৃতি দিছে।
ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী কৰ্তৃপক্ষই এই গোটটোক "ফিটনা আল-খাৱাৰিজ" বুলি চিনাক্ত কৰিছে। যিটো পূৰ্বে তেহৰিক-ই-তালিবান পাকিস্তান (TTP) নামেৰে জনাজাত আছিল। এই উগ্ৰপন্থীয়ে ১৯-২০ নৱেম্বৰৰ নিশা পাকিস্তান-আফগানিস্তান সীমান্তৰে পাকিস্তানত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে।
কৰ্তৃপক্ষই সকীয়াই দিছে যে, সন্ত্ৰাসবাদীয়ে পিটিআইৰ ৰাজহুৱা সমাৱেশক আক্ৰমণৰ সুযোগ হিচাপে শোষণ কৰিব পাৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে সমগ্ৰ ৰাজধানীখনত নিৰাপত্তা ব্যৱস্থা যথেষ্ট শক্তিশালী কৰা হৈছে, কৰ্তৃপক্ষক সজাগ হৈ থাকিবলৈ আৰু প্ৰতিবাদস্থলীটো যিকোনো সম্ভাৱ্য ভাবুকিৰ পৰা সুৰক্ষিত কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইয়াৰ পূৰ্বে শনিবাৰে স্বৰাজ মন্ত্ৰী মহছিন নাকভিয়ে পিটিআইৰ অধ্যক্ষ বেৰিষ্টাৰ গোহৰৰ সৈতে যোগাযোগ কৰি তেওঁক জনাইছিল যে, বেলাৰুছৰ উচ্চ পদস্থ প্ৰতিনিধি দলৰ ভ্ৰমণৰ সময়ত ইছলামবাদত চৰকাৰে কোনো ধৰণৰ ধৰ্ণা বা সমাৱেশৰ অনুমতি নিদিয়ে। নিৰাপত্তাজনিত উদ্বেগক এই সিদ্ধান্তৰ কাৰণ বুলিও উল্লেখ কৰে নকভিয়ে।
বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোৰ নেতৃত্বত গঠিত এই প্ৰতিনিধি দলটোৱে ২৪ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ভ্ৰমণ কৰিব। ২৪ নৱেম্বৰত পিটিআইৰ প্ৰতিবাদৰ পূৰ্বে চৰকাৰে তিনিদিনৰ বাবে সমগ্ৰ পঞ্জাৱত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে ইছলামবাগত হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰে।
কৰ্তৃপক্ষই ৰেড জ’নলৈ যোৱা ডাঙৰ পথসমূহ বন্ধ কৰি দিছে, য’ত আছে শ্ৰীনগৰ ঘাইপথ, জিটি ৰোড, ইছলামবাগ বিমানবন্দৰৰ সৈতে সংযোগ কৰা পথসমূহ। একাধিক প্ৰৱেশ স্থানত কণ্টেইনাৰ স্থাপন কৰা হৈছে, আনহাতে ৰেঞ্জাৰ, আৰক্ষী, আৰু ফ্ৰন্টিয়াৰ কৰ্পছৰ কৰ্মীসকলক স্পৰ্শকাতৰ স্থানত বিশেষকৈ ডি-চ’কৰ আশে-পাশে মোতায়েন কৰা হৈছে।
আন আন সতৰ্কতামূলক ব্যৱস্থাসমূহৰ ভিতৰত ইছলামবাদ, খাইবাৰ পখতুনখোৱা আৰু পঞ্জাৱত ইণ্টাৰনেট আৰু মোবাইল সেৱা আংশিকভাৱে বন্ধ কৰা হৈছে। ৰাজহুৱা পৰিবহণ, যেনে ইছলামাবাদ আৰু ৰাৱালপিণ্ডিত মেট্ৰ’ বাছ সেৱা বন্ধ কৰি দিয়া হৈছে। ইয়াৰ উপৰিও প্ৰতিবাদ আৰু হাই প্ৰফাইল নেতাৰ ভ্ৰমণৰ সময়ত নিৰাপত্তা ভংগ ৰোধ কৰিবলৈ ফৈজাবাদৰ সকলো বাছ টাৰ্মিনেলত বেৰিকেড লগোৱা হৈছে।
উচ্চ নিৰাপত্তাই ৰাজধানীত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে সম্ভাৱ্য সন্ত্ৰাসবাদী ভাবুকি আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰা দুয়োটা দিশতে চৰকাৰৰ উদ্বেগক গুৰুত্ব আৰোপ কৰিছে।