কুৱেইট বিমানবন্দৰত প্ৰায় ৬০ ভাৰতীয় যাত্ৰীৰ হাহাকাৰ

Story by  atv | Posted by  Munni Begum • 2 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী 
 
কুৱেইটৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাহাকাৰ প্ৰায় ৬০ গৰাকী ভাৰতীয় যাত্ৰীৰ। ১৩ ঘণ্টাৰো অধিক সময় ধৰি বিমানবন্দৰত আৱদ্ধ ভাৰতীয় যাত্ৰীসকল। তেওঁলোকে যাত্ৰা কৰা গাল্ফ এয়াৰৰ বিমানখনৰ কাৰিকৰী বিজুতিৰ বাবে কুৱেইটত অৱতৰণ কৰিবলগীয়া হৈছিল।
 
জানিব পৰা মতে, মুম্বাইৰ পৰা মানচেষ্টাৰলৈ গাল্ফ এয়াৰ ফ্লাইট জিএফ ০০৫-ত যাত্ৰা কৰি আছিল যাত্ৰীসকল। কিন্তু কুৱেইট বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে ভাৰতীয় যাত্ৰীসকল। আৱদ্ধ যাত্ৰীসকলে অভিযোগ কৰিছে যে, অপেক্ষাৰ সময় বৃদ্ধিৰ হোৱাৰ পিছতো এয়াৰলাইনটোৱে তেওঁলোকক খাদ্য, থকাৰ সুবিধা বা প্ৰাথমিক সহায় প্ৰদান কৰাত ব্যৰ্থ হৈছে। যাত্ৰীসকলে সামাজিক মাধ্যমত তেওঁলোকৰ অভিযোগসমূহ উল্লেখ কৰিছে। 
 
আৱদ্ধ যাত্ৰীসকলৰ মাজৰ আৰজু সিঙে তেওঁৰ হতাশা ব্যক্ত কৰি কয়, "আমি সামাজিক মাধ্যমত বিষয়টো উত্থাপন কৰাৰ পিছত কুৱেইটৰ ভাৰতীয় দূতাবাসৰ জ্যেষ্ঠ বিষয়াসকলে বিমানবন্দৰত আৱদ্ধ হৈ থকা ভাৰতীয় যাত্ৰীসকলৰ কাষ চাপিছে।"
 
সিঙে কয় যে, বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ পিছত জ্যেষ্ঠ নাগৰিক আৰু নৱজাতকৰ সৈতে ভ্ৰমণ কৰা যাত্ৰীসকলক বিমানবন্দৰৰ ভিতৰত থকাৰ বিশেষ ব্যৱস্থা কৰিছে। অৱশ্যে, বাকী যাত্ৰীসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা কৰা হ'ব সেয়া স্পষ্ট নহয়।
 
সিঙে উল্লেখ কৰিছে যে, ট্ৰেঞ্জিট ভিছা নথকাৰ বাবে তেওঁলোকে বিমানবন্দৰৰ পৰা ওলাই যাব পৰা নাছিল৷ আনহাতে ইউকে আৰু আমেৰিকাৰ পাছপোৰ্ট থকাসকলক আগমনৰ সময়ত ট্ৰেঞ্জিট ভিছা উপলব্ধ হোৱাৰ বাবে প্ৰস্থান কৰিবলৈ অনুমতি দিয়া হৈছিল। কিন্তু বহু যাত্ৰীৰ সমস্যাবোৰ সমাধান হোৱা নাই। অৱশ্যে ভাৰতীয় দূতাবাসৰ বিষয়াসকলে অতি সোনকালে বিকল্প বিমানৰ ব্যৱস্থা কৰিবলৈ এয়াৰলাইনৰ সৈতে আলোচনা কৰি আছে। 
 
কাৰিকৰী সমস্যাৰ পিছতে বিমানখন কুৱেইটত অৱতৰণ কৰা হৈছিল। যাৰ ফলত বিমানখনৰ যাত্ৰীসকলৰ বিলম্ব হোৱাৰ লগতে সমস্যাৰ সৃষ্টি হৈছিল। আন এজন যাত্ৰী শিৱাঞ্চেও সামাজিক মাধ্যমত তেওঁলোকৰ সমস্যাৰ কথা উল্লেখ কৰিছে। 
 
তেওঁ উল্লেখ কৰিছে যে, সকলো ব্ৰিটিছ পাছপোৰ্ট ধাৰকে তেওঁলোকৰ হোটেলবোৰলৈ এৰাইভেল ভিছাৰ সৈতে গৈছে। আনহাতে ভাৰতীয় পাছপোৰ্ট ধাৰকসকলক কোনো তথ্য, খাদ্য বা কোনো ধৰণৰ সহায় অবিহনে আবদ্ধ কৰি ৰখা হৈছে।
 
তেওঁ পোষ্টত কৈছে, "অনুগ্ৰহ কৰি আমাক সহায় কৰক আৰু ভিছা প্ৰদান কৰক যাতে আমি এখন হোটেললৈ যাব পাৰো আৰু পৰৱৰ্তী বিমানৰ বাবে অপেক্ষা কৰিব পাৰো।"
 
ইয়াৰ প্ৰত্যুত্তৰত কুৱেইটৰ ভাৰতীয় দূতাবাসে এক্সত এক পোষ্ট শ্বেয়াৰ কৰে, "গাল্ফ এয়াৰৰদ্বাৰা দূতাবাসক জনোৱা হৈছে যে, কুৱেইটৰ পৰা মানচেষ্টাৰলৈ আৱদ্ধ যাত্ৰীসকলৰ বাবে বিমানখন ২ ডিচেম্বৰৰ পুৱা ৩.৩০ বজাত অস্থায়ীভাৱে নিৰ্ধাৰণ কৰা হৈছে । বিমানবন্দৰত দূতাবাসৰ দলটোৱে সকলো যাত্ৰীক এই কথা অৱগত কৰিছে।"