নতুন দিল্লী
মাত্র ৮ দিনৰ বাবে গৈ প্রায় ছমাহ মহাকাশত অতিবাহিত কৰা নাছাৰ মহাকাশচাৰী সুনীতা উলিয়ামছ পৃথিৱীলৈ উভতি আহিবলৈ সাজু হৈছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থান (আই এছ এছ)ত থকা মহাকাশচাৰীসকলে সম্পন্ন কৰা বিভিন্ন গৱেষণাৰ নমুনা পৃথিৱীলৈ ড্রেগন কেপচুলৰ ভিতৰত কঢ়িয়াই আনিব।
'স্পেচ-এক্স'-এ প্ৰেৰণ কৰা ড্রেগন কেপচুলৰ ভিতৰত সোমাই সুনীতাৰ লগতে মহাকাশচাৰী নিক হেগ আৰু আলেকজেণ্ডাৰ গর্বোনভো পৃথিবীলৈ আহিব। অহা বৃহস্পতিবাৰে ড্রেগন কেপচুলক হাৰমনি মডুলৰ পৰা বিচ্ছিন্ন কৰি পৃথিৱীলৈ প্ৰেৰণ কৰা হ'ব। চলিত সপ্তাহতে আই এছ এছত থকা মহাকাশচাৰীসকলে গৱেষণাৰ বহু কাম সম্পূৰ্ণ কৰে।
কমাণ্ডাৰ সুনীতা উইলিয়ামছ আৰু ফ্লাইট ইঞ্জিনীয়াৰ ডন পেটিটে গৱেষণাৰ নমুনাসমূহক ডীপ ফ্রীজৰ পৰা এটা প'ৰ্টেল ফ্রীজলৈ স্থানান্তৰ সম্পূৰ্ণ কৰি তুলিছে। মহাকাশৰ পৰা নামি আহিবলগা ড্রেগন কেপচুলে কাইলৈ ফ্লৰিডাৰ উপকূলত অৱতৰণ কৰিব।
উল্লেখনীয় যে এইবাৰ মহাকাশচাৰীসকলে বিভিন্ন অণুজীব, বেক্টেৰিয়া, বীজাণু, আণুবংশিক গতিবিধি, জীৱৰ প্ৰতিৰোধ ক্ষমতা আদিৰ গৱেষণা সম্পূর্ণ কৰে। উল্লেখনীয় যে যোৱা ১৬ জুনত মহাকাশলৈ যোৱা সুনীতা উইলিয়ামছে মাত্র ৮টা দিন আই এছ এছত অতিবাহিত কৰাৰ পিচত পৃথিৱীলৈ ঘূৰি অহাৰ কথা আছিল। কিন্তু ৰয়িং ষ্টাৰলাইনাৰ মহাকাশযানখনে যান্ত্রিক বিজুতিৰ বাবে যাত্রা কৰিব নোৱৰাত মহাকাশতে আবদ্ধ হৈ আছিল সুনীতা উইলিয়ামছ।