অষ্ট্ৰেলিয়াত ১৬ বছৰ অনূর্ধ্বৰ বাবে নিষিদ্ধ কৰা হ'ল সামাজিক মাধ্যম

Story by  atv | Posted by  [email protected] • 1 Months ago
অষ্ট্ৰেলিয়াত ১৬ বছৰ অনূর্ধ্বৰ বাবে নিষিদ্ধ কৰা হ'ল সামাজিক মাধ্যম
অষ্ট্ৰেলিয়াত ১৬ বছৰ অনূর্ধ্বৰ বাবে নিষিদ্ধ কৰা হ'ল সামাজিক মাধ্যম
 
নতুন দিল্লী
 
অষ্ট্ৰেলিয়াত এতিয়াৰ পৰা ১৬ বছৰ অনূর্ধ্বই সামাজিক মাধ্যমৰ পৰা আইনগতভাৱে আঁতৰত থাকিব লাগিব। অস্ট্রেলিয়া সংসদত আজি ১৬ বছৰ অনূর্ধ্বৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰি এক কঠোৰ আইন প্রণয়ন কৰা হয়। এই আইন বলবৎ হোৱাৰ পিচতে ছ'চিয়েল মিডিয়া কোম্পানীয়ে যদি শিশু বা ১৬ বছৰ অনূর্ধ্বৰ কিশোৰ- কিশোৰীক লগ-ইন কৰাৰ সুবিধা দিয়ে তেন্তে ভৰিব লাগিব ৩০০ কোটি টকাপর্যন্ত জৰিমনা।
 
নতুন বছৰৰ লগে লগে সমগ্র অস্ট্রেলিয়াত বলবৎ হ'ব এই আইন। কোনো নির্দিষ্ট বয়সৰ লোকৰ বাবে সামাজিক মাধ্যম সর্বাত্মক নিষিদ্ধ ঘোষণা কৰা অস্ট্রেলিয়াই হ'ল বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰ। ইনস্টাগ্রাম, ফে'চবুক, এক্স হেগুল, টিকটক আদি সামাজিক মাধ্যমৰ পক্ষৰ পৰা এইপর্যন্ত কোনো আনুষ্ঠানিক প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই যদিও মার্কিন আধিপত্যৰ এই কোম্পানীসমূহৰ বাণিজ্যত ব্যাপক নেতিবাচক প্রভাৱ পৰাৰ আশংকা তীব্ৰ হৈ পৰিছে। অষ্ট্ৰেলিয়াৰ এন্থনী আলবানিজ চৰকাৰে নতুন প্ৰজন্মক সামাজিক মাধ্যমৰ আসক্তিৰ পৰা উদ্ধাৰৰ বাবে গ্রহণ কৰা কঠোৰ স্থিতিয়ে ২০২৫ চনৰ সাধাৰণ নির্বাচনত নির্ণায়ক ভূমিকা গ্রহণ কৰিব।
 
কিয়নো দেশখনৰ ৭৭ শতাংশ অভিভাৱকেই কিশোৰ-কিশোৰীৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ সপক্ষে মত পোষণ কৰিছিল। দেশখনৰ সংবাদ মাধ্যমেও সামাজিক মাধ্যমৰ বিৰুদ্ধে দীর্ঘদিনে চলাই আহিছিল অভিযান। কপার্ট মার্ডক মালিকানাধীন সংবাদ মাধ্যমে আৰম্ভ কৰিছিল- 'শিশুসকলক শিশু হৈ থাকিবলৈ দিয়ক' (লেট ডেম বি কীডছ) শীর্ষক প্রচাৰাভিযানো। সামাজিক মাধ্যমে ফুলকুমলীয়াসকলক কেনে মাৰাত্মকভাবে ক্ষতি কৰিব পাৰে সেই সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ সংসদীয় কমিটীয়ে চলিত বৰ্ষটোৰ প্ৰথমভাগত দেশজুৰি চলাইছিল তদন্ত।
 
এই তদন্তত উন্মোচিত হৈছিল কিদৰে ছ'চিয়েল মিডিয়াত আসক্ত কিশোৰ-কিশোৰীয়ে নিজৰ সৰ্বনাশ মাতি অনাত লিপ্ত হৈছে। বিগত কেইদিন ধৰি অস্ট্রেলিয়া সম্পাদিত সামাজিক মাধ্যম ন্যূনতম বয়স বিধেয়কখনক লৈ সপক্ষে-বিপক্ষে মাৰাথন বিতৰ্কৰ শেষত আজি বিধেয়কখন আইনত পৰিণত হয়। অৱশ্যে এই নিষিদ্ধকৰণৰ আওতাত নপৰিব গুগলৰ ভগ্নী সামাজিক মাধ্যম ইউটিউব। দেশখনৰ বিদ্যালয়সমূহত ইউটিউবৰ ব্যাপক ব্যৱহাৰৰ বাবেই ইউটিউবক নতুন আইনখনৰ বাহিৰত ৰখা হৈছে। অষ্ট্ৰেলিয়াৰ পূর্বে ফ্রান্স আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ কেইখনমান প্রদেশত সামাজিক মাধ্যম যাতে কিশোৰ-কিশোৰীৰ বাবে সহজগম্য নহয় তাৰ বাবে ব্যৱস্থা গ্রহণ কৰা হৈছিল যদিও সেয়া সফল হোৱা নাছিল। ১৬ বছৰ অনূর্ধ্বৰ বাবে সম্পূর্ণ নিষিদ্ধ ঘোষণা কৰি অস্ট্রেলিয়াই লোৱা সিদ্ধান্ত ব্যাপক আৰু সম্পূর্ণ।
 
সামাজিক মাধ্যমক লৈ অস্ট্রেলিয়াই গ্রহণ কৰা সিদ্ধান্তই স্পষ্ট কৰিছে নতুন প্ৰজন্মৰ মানসিক স্বাস্থ্যৰ প্ৰতি কেনে মাৰাত্মক ভাবুকি কঢ়িয়াই আনিছে বহুজাতিক কোম্পানী মালিকানাধীন সামাজিক মাধ্যমে।