ঢাকা
ছাত্র আন্দোলনৰ ফলত বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ যিদৰে পতন ঘটিছিল, ঠিক একেই পৰিণতিত ইউনুছ চৰকাৰৰো পতনৰ দিশে আগবঢ়া বুলি আশংকা কৰা হৈছে।
উল্লেখযোগ্য যে সোমবাৰে প্রতিবাদী এটা ছাত্ৰৰ দলে মহম্মদ ইউনুছৰ বাসভৱন ঘেৰাও কৰাক লৈ এনে পৰিস্থিতিত দেশখনৰ সচেতন মহলে আশংকা কৰিছে হাছিনাৰ দৰে পৰিণতি হ'ব নেকি মহম্মদ ইউনুছ চৰকাৰৰ।
উল্লেখযোগ্য যে ২০২৪ চনৰ জুলাই মাহত বাংলাদেশৰ শিক্ষা খণ্ডত কোটা সংৰক্ষণ বিৰোধিতাক লৈ ছাত্র সমাজে যি আন্দোলন কৰিছিল, তাৰ পৰিণতিত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদ পদত্যাগ কৰাৰ লগতে পতন ঘটিছিল হাছিনা চৰকাৰৰ। কিন্তু এই বাৰ ঢাকা বিশ্ববিদ্যালয়ৰ অধীনস্থ ৭ খন কলেজত জটিলতাৰ সৃষ্টি হৈছে।
এই বিশ্ববিদ্যালয়ৰ অধীনৰ ছাত্ৰ সমাজে নিজাকৈ ৰাজনৈতিক দল গঢ়ি তোলাৰ চিন্তা-চৰ্চাত ব্ৰতী হৈছে। তেওঁলোকৰ দাবী-মুজিব আমোলৰ সংবিধান বাতিল কৰা। ইয়াকে লৈ ইউনুছ চৰকাৰ আৰু ছাত্ৰ সমাজৰ মাজত বিৰোধ সৃষ্টি হৈছে।