পুনৰ উত্তপ্ত বাংলাদেশ; ৰাষ্ট্ৰপতি ভৱন ঘেৰাও

Story by  atv | Posted by  [email protected] • 21 h ago
পুনৰ উত্তপ্ত বাংলাদেশ
পুনৰ উত্তপ্ত বাংলাদেশ
 
নতুন দিল্লী
 
আকৌ উত্তপ্ত হৈ পৰিছে বাংলাদেশ। সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলনৰ নেতৃত্বৰ আহ্বানত পুনৰ দেশখনৰ ৰাজপথত নামিছে আন্দোলনকাৰী। কেৱল সেয়াই নহয়, এইবাৰ তেওঁলোকে ঘেৰাও কৰিছে ৰাষ্ট্ৰপতি ভৱনো।
 
বাংলাদেশৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ দৰেই পদত্যাগ কৰিব লাগিব দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনেও। আন্দোলনকাৰীসকলে এই দাবীৰে পৰিস্থিতি উত্তাল কৰি তুলিছে। মহম্মদ ছাহাবুদ্দিনৰ পদত্যাগৰ দাবীৰ কাৰণ হৈছে তেওঁ পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ বন্ধু।
 
সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলনৰ সময়ত যিদৰে প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীৰ আৱাসগৃহ ঘেৰাও কৰি দখল কৰিছিল ঠিক সেইদৰেই ৰাষ্ট্ৰপতি ভৱনো ঘেৰাও কৰি দখল কৰাৰ চেষ্টা চলাই মঙ্গলবাৰে। ৰাষ্ট্ৰপতি ভৱনৰ সুৰক্ষা কৰ্মীয়ে তেওঁলোকক বাধা প্ৰদান কৰাত দুয়ো পক্ষৰ হতাহতিত ৫ জনকৈ আন্দোলনকাৰী আঘাতপ্ৰাপ্ত হৈছে।
 
কেৱল ৰাষ্ট্ৰপতিৰ পদত্যাগেই নহয়, এই আন্দোলনকাৰীসকলে নতুনকৈ ৫ টা দাবী উত্থাপন কৰিছে। এই দাবীসমূহৰ ভিতৰত আছে আৱামী লীগৰ ছাত্ৰ সংগঠনক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰি নিষিদ্ধ কৰা। তাৰোপৰি পূৰ্বে হৈ যোৱা ২০১৪, ২০১৮ আৰু ২০২৪ ৰ সাধাৰণ নিৰ্বাচনক বেআইনী ঘোষণা কৰি সেই সময়ত নিৰ্বাচিত প্ৰতিজন সাংসদৰে সদস্যপদ বাতিল কৰা।
 
এনে নতুন দাবীৰে হোৱা আন্দোলনক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে ঢাকা। প্ৰতিবাদকাৰীয়ে এইবাৰ ঢাকাৰ 'বংগভৱন'ক লক্ষ্য কৰি আন্দোলন তীব্ৰতৰ কৰি তুলিছে। মঙ্গলবাৰে মাজ নিশা আন্দোলনকাৰীয়ে 'বংগভৱন'ৰ সন্মুখৰ পৰা হুংকাৰ দি কয়, ৰাষ্ট্ৰপতি হাছিনা চৰকাৰৰ বন্ধু আছিল। তেওঁ এতিয়াই পদত্যাগ কৰিব লাগিব।
 
উল্লেখ্য যে, ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰ বিৰুদ্ধে হঠাৎ এইদৰে প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ মূলতে হৈছে কেইদিনমানৰ পূৰ্বে তেওঁ কৰা এক মন্তব্য। তেওঁ কৈছিল পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ পদত্যাগ পত্ৰ তেওঁৰ হাতত নাই। তেওঁৰ এনে মন্তব্যক লৈয়ে নতুনকৈ বিতৰ্কৰ সূত্ৰপাত হৈছে দেশখনত।
 
ছাহাবুদ্দিনৰ এনে মন্তব্যক ভাল পোৱা নাই বৰ্তমানৰ মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰেও। ক্ষোভিত হৈছে সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলনৰ নেতৃত্বও। সেয়ে নতুনকৈ আৰম্ভ হৈছে এই বিক্ষোভ।
 
অন্তৱৰ্তীকালীন চৰকাৰেও পৰোক্ষভাৱে সাৰপানী যোগোৱা এই আন্দোলনৰ মাজতেই ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে পদত্যাগ কৰিলেও অৱশ্যে আচৰিত হ’বলগীয়া একো নাথাকিব। স্মৰ্তব্য, যোৱা ৫ আগষ্টত সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে দেশ এৰি পলায়ন কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই। তাৰ পাছৰ পৰাই তেওঁ ভাৰতত ৰাজনৈতিক আশ্ৰয় গ্ৰহণ কৰি আছে।
 
হাছিনাৰ পলায়নৰ পাছতেই দেশখনত নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ নেতৃত্বত গঠন কৰা হৈছে অন্তৱৰ্তীকালীন চৰকাৰ। এই চৰকাৰে ইতিমধ্যে প্ৰায় আঢ়ৈমাহ অতিক্ৰম কৰিছে।
 
এই সময়তে আকৌ মহম্মদ ইউনুছে আমেৰিকা ভ্ৰমণলৈয়ো গৈছে। এই ভ্ৰমণত তেওঁ ৰাষ্ট্ৰসংঘত বাংলাদেশক প্ৰতিনিধিত্ব কৰিছে। এই মুহূৰ্তত বাংলাদেশৰ সেনা প্ৰধানো আমেৰিকা ভ্ৰমণত আছে।
 
তেওঁ অহা ২৫ অক্টোবৰত স্বদেশলৈ ঘূৰিব। তেওঁ আমেৰিকাত থকাৰ সময়তে বাংলাদেশত হঠাৎ সৃষ্টি হৈছে এই পৰিবেশ। সেয়ে এই পৰিস্থিতিৰ অন্তৰালত আন ৰহস্যৰো উমান পাইছে ৰাজনৈতিক, কূটনৈতিক বিশ্লেষকে।
 
কিয়নো হাছিনাৰ এনে অৱস্থাৰ আঁৰত আমেৰিকাৰ ষড়যন্ত্ৰ ইতিমধ্যে স্পষ্ট হৈছে। হাছিনাই এই কথা মুকলিকৈ কৈছে। এনে পৰিপ্ৰেক্ষিততে হাছিনা চৰকাৰৰ ঘনিষ্ঠ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰো পদত্যাগ এক পৰিকল্পিত ষড়যন্ত্ৰৰে অংশ হিচাপে আলোচিত হৈছে। বাংলাদেশৰ সেনা প্ৰধান আমেৰিকাৰ পৰা স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ পাছতে ইউনুছ চৰকাৰে এই বিষয়ে সিদ্ধান্ত ল’ব বুলিও জানিব পৰা গৈছে।


শেহতীয়া খবৰ