ইস্কনক নিষিদ্ধকৰণৰ আবেদন নাকচ বাংলাদেশ উচ্চ ন্যায়ালয়ৰ

Story by  atv | Posted by  [email protected] • 27 d ago
ইস্কনক নিষিদ্ধকৰণৰ আবেদন নাকচ বাংলাদেশ উচ্চ ন্যায়ালয়ৰ
ইস্কনক নিষিদ্ধকৰণৰ আবেদন নাকচ বাংলাদেশ উচ্চ ন্যায়ালয়ৰ
 
নতুন দিল্লী
 
বাংলাদেশত কৃষ্ণ ভাৱনামৃত সংস্থা ইস্কনক ধর্মীয় মৌলবাদী সংগঠন আখ্যা দি নিষিদ্ধকৰণৰ দাবী জনাই দাখিল হোৱা আবেদন অগ্রাহ্য কৰিছে বাংলাদেশ উচ্চ ন্যায়ালয়ে। ধর্মীয় সংগঠনটোক নিষিদ্ধ কৰাৰ বাবে এগৰাকী অধিবক্তাই দাখিল কৰা লেখ আবেদন সন্দর্ভত উচ্চ ন্যায়ালয়ৰ চট্টগ্রাম বেঞ্চৰ দুজনীয়া বিচাৰপীঠে ধর্মীয় সংগঠনটোক নিষিদ্ধ ঘোষণা কৰি তুৰন্তে ৰায় দিবলৈ অস্বীকাৰ কৰে।
 
ন্যায়াধীশ ফাৰাহ মেহবুব আৰু ন্যায়াধীশ দেবাশিস বয় চৌধুৰীৰ বিচাৰপীঠত আবেদনৰ দ্বিতীয় দিনৰ শুনানি আৰম্ভ হোৱাৰ পাচতে আবেদনকাৰী অধিবক্তাই যুক্তি প্রদর্শন কৰি কয়- ইস্কনক নিষিদ্ধ ঘোষণা কৰাৰ এয়াই উপযুক্ত সময়। ন্যায়ালয়ক এটর্নি জেনেৰেলৰ কাৰ্যালয়ৰ পৰা জনোৱা হয় যে চৰকাৰে সমগ্ৰ বিষয়টো সন্দৰ্ভত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিছে। নিজৰ ৰায়ত বিচাৰপীঠে আইন-শৃংখলা বজাই ৰখাৰ বাবে চৰকাৰক সতর্ক হৈ থাকিবলৈ নির্দেশ দিয়ে। ইস্কনৰ সন্ন্যাসী চিন্ময় কৃষ্ণ দাস ওৰফে চন্দন কুমাৰ ধৰক দেশদ্রোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰাৰ পিচত সৃষ্ট পৰিস্থিতিক আগত ৰাখি এগৰাকী অধিবক্তাই উচ্চ ন্যায়ালয়ত ইস্কনৰ নিষিদ্ধকৰণৰ দাবী জনাই দাখিল কৰিছিল লেখ আবেদনখন।
 
উল্লেখযোগ্য যে প্রতিবাদকাৰীৰ আক্ৰমণত নিহত হৈছিল ছাইদুল ইছলাম আলিফ নামৰ এগৰাকী আইনজীবী। এই হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ৩৩ গৰাকী লোকক গ্রেপ্তাৰ কৰিছে। ইপিনে ঢাকাৰ স্বামী বাগত থকা ইস্কন বাংলাদেশৰ আশ্ৰমত আয়োজিত এখন সংবাদমেলত ইস্কনৰ তৰফৰ পৰা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক সংগঠনটোৰ পৰা ইতিপূর্বে বহিষ্কৃত বুলি ঘোষণা কৰে। ইস্কন বাংলাদেশৰ সাধাৰণ সম্পাদক চাৰু চন্দ্র দাস ব্রহ্মচাৰীয়ে জনায় যে কেইবামাহ পূর্বে শ্রীকৃষ্ণ মন্দিৰৰ অধ্যক্ষ লীলাৰাজ গৌৰ দাস, সদস্য স্বতন্ত্র গৌৰাংগ দাস আৰু চট্টগ্রামৰ পুণ্ডৰিক ধামৰ অধ্যক্ষ চিন্ময় কৃষ্ণ দাসক সাংগঠনিক শৃংখলা ভংগৰ বাবে ইস্কন বাংলাদেশৰ পৰা অব্যাহতি দিয়া হৈছিল।
 
লগতে তেওঁ ঘোষণা কৰে যে ইস্কনৰ সৈতে চিন্ময় কৃষ্ণ দাসৰ কোনো সম্পর্ক নাই, তেওঁৰ কাৰ্যকলাপৰ বাবে ইস্কন দায়ী নহয়। সংবাদমেলত ইস্কন বাংলাদেশৰ কাৰ্যবাহী সদস্য আৰু শিশু সুৰক্ষা বিষয়ৰ দায়িত্ববাহী হৃষীকেশ গৌৰাংগ দাসে জানিবলৈ দিয়ে যে আশ্রমত শিশুৰ সৈতে অসৎ কাৰ্যত লিপ্ত থকাৰ অভিযোগ লাভৰ পিচতে তদন্তৰ খাতিৰত তিনি মাহৰ বাবে সংগঠন আৰু পুগুৰিক ধামৰ পদৰ পৰা আঁতৰি থাকিবলৈ নির্দেশ দিয়া হৈছিল। কিন্তু তেওঁ এই নির্দেশ মনা নাছিল। সেই পৰিপ্ৰেক্ষিতত জুলাই মাহতে ইস্কনৰ পৰা বহিষ্কাৰ কৰা হৈছিল।