সান্ধ্য আইন জাৰি বাংলাদেশত; ১০৫ জন প্ৰতিবাদকাৰীৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 2 Months ago
সান্ধ্য আইন জাৰি বাংলাদেশত
সান্ধ্য আইন জাৰি বাংলাদেশত
 
নতুন দিল্লী 
 
চৰকাৰী চাকৰিৰ সংৰক্ষণক লৈ দেশজুৰি বিয়পি পৰা হিংসাত্মক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ কৰ্তৃপক্ষই দেশজুৰি সান্ধ্য আইন জাৰি কৰিছে। ছাত্ৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমেও ১০৫ জন লোকৰ মৃত্যু হৈছে বুলি সংবাদ সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। 
 
ইফালে, কমেও তিনি সপ্তাহ ধৰি চলি থকা প্ৰতিবাদ চলিত সপ্তাহত তীব্ৰতৰ হোৱাৰ লগে লগে শুকুৰবাৰে উত্তৰ-পূবৰ সীমান্তৰে পাৰ হৈ প্ৰায় ২৪৫ জন ভাৰতীয় নাগৰিক ঘৰলৈ উভতি আহিছে।  
 
দেশবাসীক টেলিভিছনযোগে দিয়া ভাষণত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই শান্তিপূৰ্ণভাৱে সমস্যাটোৰ সমাধান বিচাৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনায়। কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নে নকৰে সেয়া স্পষ্ট হোৱা নাই।
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে এই প্ৰতিবাদ বাংলাদেশৰ “আভ্যন্তৰীণ” বিষয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, বৰ্তমান বাংলাদেশত বাস কৰা ৮৫০০ ছাত্ৰ-ছাত্ৰীকে ধৰি ১৫ হাজাৰ ভাৰতীয় নিৰাপদ। চৰকাৰে ১২৫ জন ছাত্ৰ-ছাত্ৰীকে ধৰি ২৪৫ জন ভাৰতীয়ক ঘূৰি অহাৰ সুবিধা প্ৰদান কৰিছে।   
 
মধ্য বাংলাদেশৰ নাৰ্চিংডি জিলাৰ এখন কাৰাগাৰত ছাত্ৰ প্ৰতিবাদকাৰীয়ে জুই জ্বলোৱাৰ পূৰ্বে শতাধিক কয়দীক মুকলি কৰি দিয়ে বুলি এজন আৰক্ষী বিষয়া জনায়। ১৯৭১ চনত পাকিস্তানৰ সৈতে স্বাধীনতা যুদ্ধত যুঁজ দিয়া লোকসকলৰ পৰিয়ালৰ বাবে ৩০% চৰকাৰী চাকৰিৰ সংৰক্ষণৰ নীতি বাতিল কৰিবলৈ বাংলাদেশ চৰকাৰক দাবী জনাইছে বিক্ষোভকাৰীয়ে। 
 
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে ৰাজ্যখনৰ পৰা ৬৩ জন ছাত্ৰ-ছাত্ৰী বাংলাদেশৰ পৰা নিৰাপদে উভতি আহিছে। লগতে বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্তৰ সৈতে অহৰহ যোগাযোগ কৰি থকা বুলিও তেওঁ কয় যে তাৰ পৰা অধিক ছাত্ৰ-ছাত্ৰীক উলিয়াই আনিব লাগিব।
 
আন্দোলনশীল বিক্ষোভকাৰীয়ে দেশৰ ৰাজ্যিক সম্প্ৰচাৰক ভৱনত সোমাই জুই লগাই দিয়াৰ পিছতে প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে। শুকুৰবাৰে নিউজ টেলিভিছন চেনেল আৰু ৰাজ্যিক সম্প্ৰচাৰক বিটিভি হঠাতে বন্ধ হৈ পৰে। এক প্ৰতিবেদনৰ মতে, কেন্দ্ৰীয় বেংক, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু আৰক্ষীৰ অফিচিয়েল ৱেবছাইট হেক কৰা বুলিও জানিব পৰা গৈছে। 
 
আমেৰিকাইও এই হিংসাক গৰিহণা দিয়ে। ৰাজ্য বিভাগৰ মুখপাত্ৰ বেদান্ত পেটেলে কয় যে, "আমি নিশ্চিত কৰিব লাগিব যে যিকোনো ধৰণৰ মত প্ৰকাশৰ স্বাধীনতা নিৰাপদে ঘটি আছে আৰু মানুহ হিংসাৰ পৰা মুক্ত। সেইটো কথাৰ প্ৰতি আমি অধিক গুৰুত্ব দি আছো৷ 
 
এক প্ৰতিবেদন অনুসৰি সৰৱাৰ তুষাৰ নামৰ এজন ছাত্ৰ প্ৰতিবাদকাৰীয়ে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি কয়। তেওঁ কয় যে আমি শ্বেখ হাছিনাৰ শীঘ্ৰে পদত্যাগ বিচাৰো। প্ৰতিবাদ মৃত্য হোৱা সকলৰ বাবে চৰকাৰ দায়ী।
 
প্ৰতিবাদকাৰীসকলে কয় যে স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া শ্বেখ হাছিনাৰ আৱামি লীগৰ সমৰ্থকসকলৰ লাভৰ বাবে বৰ্তমানৰ চাকৰি কোটা ব্যৱস্থাৰ ৰুপায়ন কৰা হৈছে।প্ৰতিবাদকাৰীসকলে বিচাৰে যে ইয়াৰ ঠাইত মেধা ভিত্তিক ব্যৱস্থা স্থাপন কৰা হওঁক। 
 
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে জড়িত সকলো পক্ষৰ পৰা সংযমৰ আহ্বান জনাইছে আৰু কৰ্তৃপক্ষক সকলো হিংসাত্মক কাৰ্য্যৰ পুংখানুপুংখ তদন্ত কৰি দোষীক জবাবদিহি কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।