পাকিস্তানৰ সৈতে সম্পর্ক পুনৰুজ্জীৱিত কৰিবলৈ তৎপৰ বাংলাদেশ

Story by  atv | Posted by  Munni Begum • 1 d ago
মহম্মদ ইউনুছ আৰু পাকিস্তানৰ প্রধানমন্ত্রী শেহবাজ শ্বৰীফ
মহম্মদ ইউনুছ আৰু পাকিস্তানৰ প্রধানমন্ত্রী শেহবাজ শ্বৰীফ
 
ঢাকা
 
বাংলাদেশত শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ শাসনকাল অন্ত পৰাৰ পিচত ডেৰ দশক ধৰি প্রায় নিষ্ক্রিয় হৈ থকা পুৰণি সম্পর্ক পুনৰুজ্জীৱিত কৰিবলৈ তৎপৰ হৈ পৰিছে পাকিস্তান। 
 
মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশ চৰকাৰেও হাছিনাক আশ্রয় দিয়া ভাৰতৰ লগত সম্পর্ক বৃদ্ধি কৰাৰ লগতে ইছলামাবাদৰ কাষ চাপি যোৱাৰ তীব্ৰ প্ৰৱণতা প্রদর্শন কৰি অস্বস্তিত পেলাইছে নতুন দিল্লীক। 
 
বিভিন্ন কাম-কাজ পুনৰ সক্রিয় কৰাৰ লগতে ঢাকা প্রশাসনে এতিয়া পাকিস্তানৰ লগত বিভিন্ন দ্বিপাক্ষিক সম্পর্ক পুনৰ গঢ় দিবৰ বাবে গোপনে ব্যবস্থা গ্রহণ কৰিছে।  
 
পাকিস্তানেও বিগত প্রায় পোন্ধৰ বছৰ ধৰি স্তিমিত হৈ থকা যৌথ অর্থনৈতিক কমিছন আয়োগক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা চলাইছে। দুয়োখন দেশে সম্পর্ক পুনৰ গঢ়াৰ বাবে শীর্ষতম মহলত আলোচনা অনুষ্ঠিত কৰিবলৈকো সিদ্ধান্ত লৈছে। 
 
প্রথম পর্যায়ত মহম্মদ ইউনুছ আৰু পাকিস্তানৰ প্রধানমন্ত্রী শেহবাজ শ্বৰীফে আসন্ন ৰাষ্ট্ৰসংঘৰ অধিৱেশনৰ সময়ত নিউয়র্কত আলোচনাত মিলিত হ'ব। 
 
উল্লেখনীয় যে, পাক-সমর্থিত বিভিন্ন সংগঠনৰ নেতৃত্বত যোৱা ৫ আগষ্টৰ গণ অভ্যুত্থানে শ্বেইখ হাছিনাক উৎখাত কৰিছিল। স্মৰণীয় যে, বংগবন্ধু শ্বেইখ মুজিবৰ ৰহমানৰ নেতৃত্বত বাংলাদেশে পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰিছিল। 
 
এই মুক্তিযুদ্ধত বাংলাদেশক সহায় কৰিছিল ভাৰতৰ ইন্দিৰা গান্ধী চৰকাৰে আৰু তেতিয়াৰে পৰাই বাংলাদেশে ভাৰতৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰি আহিছিল।