বাংলাদেশত ৰাজনৈতিক সংকট; দেশ এৰি পলাবলৈ বাধ্য হ'ল প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

Story by  atv | Posted by  [email protected] • 5 Months ago
দেশ এৰি পলাবলৈ বাধ্য হ'ল প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা
দেশ এৰি পলাবলৈ বাধ্য হ'ল প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা
 
ঢাকা

ভাৰতৰ মিত্ৰ দেশ বাংলাদেশত চলি থকা ৰাজনৈতিক সংকটে আজি চৰম সীমাত উপনীত হৈছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত আৰম্ভ হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। দেশখনৰ পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ উঠিছে যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ লগতে দেশ এৰি ভাৰতলৈ পলায়ন কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে। 

সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, আৱামি লীগৰ সমৰ্থক আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ মাজতে প্ৰধানমন্ত্ৰী হাছিনাই সোমবাৰে দুপৰীয়া পদত্যাগ কৰে। তেওঁৰ হেলিকপ্টাৰখনে বংগ আৰু ঝাৰখণ্ডৰ ওপৰেৰে উৰি গৈছে আৰু ই দিল্লীত অৱতৰণ কৰাৰ সম্ভাৱনা আছে।
বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে সংবাদ মাধ্যমৰ আগত কয় যে দেশখনৰ সেনাবাহিনীয়ে অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিব আৰু প্ৰতিবাদকাৰীসকলে শান্তিৰ পথলৈ ঘূৰি আহিব লাগে। 
 
একেৰাহে চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকাল চলাই থকা হাছিনাই সামৰিক হেলিকপ্টাৰেৰে দেশখনৰ ৰাজধানী ঢাকা এৰি হয়তো ভাৰতৰ কোনো নিৰাপদ স্থানলৈ ৰাওনা হৈছে বুলি সূত্ৰসমূহে দাবী কৰিছে। ২০০৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল।
৭৬ বছৰীয়া হাছিনাৰ সৈতে আছে তেওঁৰ কনিষ্ঠ ভগ্নী শ্বেখ ৰেহানা। ইফালে, তেওঁৰ পদত্যাগৰ দাবীত প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ গণভবন (Gono Bhaban)ত তাণ্ডৱৰ সৃষ্টি কৰিছে বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত  বাংলাদেশ সেনাই দেশৰ নিয়ন্ত্ৰণ গ্ৰহণ কৰাটো নিশ্চিত হৈছে। 
 
বাংলাদেশৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে হাই এলাৰ্ট জাৰি কৰিছে।বি এছ এফৰ সঞ্চালক প্ৰধানেও কলকাতাত উপস্থিত হৈছে বুলি বি এছ এফৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।
উল্লেখ্য যে, যোৱা মাহত আৰম্ভ হোৱা আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা বাংলাদেশৰ এই প্ৰতিবাদৰ আৰম্ভণি আছিল কোটা ব্যৱস্থাৰ বিৰুদ্ধে এক আন্দোলন। এই ব্যৱস্থাৰ অধীনত ৩০ শতাংশ চৰকাৰী চাকৰি মুক্তিযোদ্ধৰ পৰিয়ালৰ সদস্যৰ বাবে সংৰক্ষিত আছিল, যিসকলে ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধত যুঁজিছিল।
 
প্ৰতিবাদকাৰীসকলে কয় যে এই সংৰক্ষণ ব্যৱস্থা শাসকীয় আৱামি লীগৰ সমৰ্থকসকলক উপকৃত কৰিবলৈ ৰূপায়ন কৰা হৈছে। ইয়াৰ ঠাইত তেওঁলোকে যোগ্যতাৰ ভিত্তিক চাকৰি প্ৰদানৰ ব্যৱস্থা বিচাৰিছে। প্ৰতিবাদ বাঢ়ি অহাৰ লগে লগে আৱামি লীগৰ প্ৰশাসনে ইয়াক কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰে। ইয়াৰ ফলত হোৱা সংঘৰ্ষত ৩০০ৰো অধিক লোকৰ মৃত্যু হয়।