বাংলাদেশৰ কোটা আন্দোলন: সান্ধ্য আইন অৱমাননা কৰিলে গুলীচালনাৰ নিৰ্দেশ আৰক্ষীক

Story by  atv | Posted by  Munni Begum • 1 Months ago
বাংলাদেশৰ কোটা আন্দোলন
বাংলাদেশৰ কোটা আন্দোলন
 
ঢাকা 
 
দেশজুৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ প্ৰতিবাদে আলোড়নৰ সৃষ্টি কৰা বাংলাদেশৰ বিতৰ্কিত চাকৰি কোটাৰ ওপৰত শীৰ্ষ আদালতে ৰায় দিবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে কৰ্তৃপক্ষই দেশজুৰি সান্ধ্য-আইনৰ সময়সীমা বৃদ্ধি কৰাৰ লগতে সান্ধ্য আইন অৱমাননা কৰা সকলৰ বাবে আৰক্ষীক "শ্বুট-অন-চাইট"ৰ নিৰ্দেশ প্ৰদান কৰিছে।  
 
অসামৰিক সেৱাৰ চাকৰিৰ কোটা বাতিল কৰা হ’ব নে নহয় সেই সন্দৰ্ভত দেওবাৰে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিবলৈ সাজু হৈছে। এই চাকৰিৰ কোটা বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ ছাত্ৰই সৃষ্টি কৰা প্ৰতিবাদৰ ফলত দেশখনত হিংসাত্মক পৰিস্থিতি আৰু সংঘৰ্ষৰ সূচনা হয়। যাৰ ফলত কমেও ১৩৩ জন লোকৰ মৃত্যু হয়। 
 
১৯৭১ চনৰ মুক্তিযুদ্ধৰ প্ৰবীণ সৈনিকসকলৰ আত্মীয়ৰ আবেদনৰ পিছত যোৱা মাহত উচ্চ ন্যায়ালয়ে কোটা ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিছিল, যাৰ ফলত বাংলাদেশত শেহতীয়া প্ৰতিবাদৰ সূচনা হৈছে। ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনা শান্ত কৰাৰ বাবে শুকুৰবাৰে সমগ্ৰ বাংলাদেশত জাৰি কৰা কঠোৰ সান্ধ্য আইন দেওবাৰে বিয়লি ৩ বজালৈকে বৃদ্ধি কৰা হৈছে। শনিবাৰে বিয়লি সান্ধ্য আইন কিছু সময়ৰ বাবে প্ৰত্যাহাৰ কৰা হয় যাতে মানুহে অত্যাৱশ্যকীয় কাম-কাজ সম্পন্ন কৰিব পাৰে।   
 
শাসকীয় আৱামি লীগ দলৰ সাধাৰণ সম্পাদক ওবাইদুল কোৱাডাৰে সংবাদ মাধ্যমক জনোৱা মতে, সান্ধ্য আইন উলংঘা কৰাসকলৰ ওপৰত আৰক্ষীক গুলীচালনা কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। বিশ্ববিদ্যালয় চৌহদত আৰম্ভ হোৱা এই প্ৰতিবাদত সমগ্ৰ দেশতে বিয়পি পৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ ফলত কেইবাজনো আৰক্ষী বিষয়াকে ধৰি কমেও ১৩৩ জন লোকৰ মৃত্যু হয়।  
 
এই সংঘৰ্ষৰ ফলতে শ্বেখ হাছিনাৰ নেতৃত্বাধীন চৰকাৰে অনিৰ্দিষ্ট কাললৈ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ কৰি দি ভাৰতৰ পৰা অহা বহু ছাত্ৰ-ছাত্ৰীকে ধৰি বহু ছাত্ৰ-ছাত্ৰীৰ জীৱন বিঘ্নিত কৰিছে। বাংলাদেশৰ পৰা প্ৰায় ১০০০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰী উভতি আহিছে।   
 
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে আমেৰিকানসকলক বাংলাদেশলৈ নাযাবলৈ সকীয়াই দিছে আৰু নাগৰিক অশান্তিৰ বাবে দেশৰ পৰা একাংশ কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালক স্থানান্তৰ কৰা হৈছে। বৃহস্পতিবাৰে নিশাৰ পৰাই দেশখনত সকলো ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ বন্ধ কৰি দিয়া হৈছে।