ভাৰতত বাংলাদেশী অনুপ্ৰৱেশৰ চেষ্টা ৮০ শতাংশ বৃদ্ধি

Story by  atv | Posted by  [email protected] • 8 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
বাংলাদেশৰ প্রধানমন্ত্রী হিচাপে শেখ হাছিনা গাদীচ্যুত হোৱাৰ পৰবর্তী সময়ছোৱাত ভাৰতত বাংলাদেশী অনুপ্রবেশব অপচেষ্টা প্রায় ৮০ শতাংশ বৃদ্ধি পায়। এই উদ্বেগজনক তথ্য কালি সংসদত সদৰী কৰে গৃহ বিভাগৰ ৰাজ্যিক মন্ত্রী নিত্যানন্দ ৰায়ে।
 
এই সন্দর্ভত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বিগত সময়ছোৱাৰ বিভিন্ন তথ্য দাঙি ধৰে। উল্লেখ্য, যোৱা বছৰৰ জানুৱাৰীৰ পৰা চলিত বর্ষৰ জানুৱাৰীলৈ ২,৬০১ গৰাকী বাংলাদেশীয়ে ভাৰতত অনুপ্রবেশৰ অপচেষ্টা চলায়। অনুপ্রৱেশৰ সময়ত সীমান্তৰক্ষীয়ে তেওঁলোকক ধৰা পেলাবলৈ সক্ষম হয়। তথ্য অনুসবি ফেব্ৰুৱাৰীৰ পৰা আগষ্টৰ ভিতৰত ৮৭৯ জন অনুপ্রবেশকাৰীক ধৰা পেলোবা হয়। শেখ হাছিনা যোৱা বছৰৰ ৫ আগষ্টত গাদীচ্যুত হৈছিল। প্রধানমন্ত্রীগৰাকী গাদীচ্যুত হোৱাৰ পৰবর্তী ছমাহতে অনুপ্রবেশৰ অপচেষ্টা একেকোবে ৮০ শতাংশলৈ বৃদ্ধি পায়।
 
যোৱা বর্ষব আগষ্টৰ পৰা চলিত বৰ্ষৰ জানুৱাৰীপর্যন্ত ১,৫৮৪ জন বাংলাদেশীক অনুপ্রবেশৰ অপচেষ্টা চলোৱাৰ সময়ত ধৰা পেলোৱা হয়। মাহ হিচাপত বিগত ১৩ মাহৰ ভিতৰত সর্বাধিক অনুপ্রবেশৰ অপচেষ্টাৰ ঘটনা সংঘটিত অক্টোবৰ মাহত। উক্ত মাহটোতে ৩৩১ জন অনুপ্রবেশকাৰীক সীমান্ত পাৰ হ'বলৈ লওঁতে ধৰা পেলোৱা হয়।
 
হাছিনাৰ অপসাৰণৰ পৰৱৰ্তী, অর্থাৎ আগষ্ট মাহত ২১৪ জন বংলাদেশী অনুপ্রবেশৰ সময়ত ধৰা পৰে। সেই সংখ্যা ছেপ্টেম্বৰত ৩০০, অক্টোবৰত ৩৩১, নরেম্ববত ৩১০ আৰু ডিচেম্ববত হৈছে ২৫৩। বাংলাদেশত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাৰ ফলত বহু লোকে ভাৰতত অনুপ্রৱেশৰ চেষ্টা চলোৱা বুলিও প্রকাশ পাইছে। এই অনুপ্রবেশ বোধৰ উদ্দেশ্যে সীমান্তত কেতবোৰ উন্নত প্রযুক্তি ব্যৱহাৰ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।
 
সীমান্ত সুৰক্ষা বাহিনীক হেণ্ড হেল্ড থার্মাল ইমেজাৰ ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে। ইয়াৰ ফলত হাবি-জোপোহাত লুকাই থকা লোককো ধৰা পেলাব পৰা যায়। সেইদৰে আন্ধাৰত পহৰাৰ কাৰণে বিশেষ যন্ত্ৰ সুৰক্ষা বাহিনীক প্ৰদান কৰাৰ উপৰি চি চি টিভি, পি পি জেদ, ইনফ্রাৰেড চেঞ্চৰ ব্যৱহাৰ কৰা হৈছে।