প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ বিল গেটছৰ; AI প্ৰযুক্তিকে ধৰে অন্য বিষয়ৰ ওপৰতো আলোচনা

Story by  atv | Posted by  [email protected] • 11 d ago
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ বিল গেটছৰ
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ বিল গেটছৰ
 
নতুন দিল্লী
 
মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে বুধবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “সদায়ৰ দৰেই বিল গেটছৰ সৈতে এক সুন্দৰ বৈঠক হৈছিল। আমি অনাগত প্ৰজন্মৰ বাবে উন্নত ভৱিষ্যত গঢ়ি তোলাৰ দিশত প্ৰযুক্তি, উদ্ভাৱন আৰু বহনক্ষমতাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ।”
 
একে সময়তে বিল গেটছে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ভাৰতৰ উন্নয়ন, ২০৪৭ৰ উন্নত ভাৰতৰ পথ আৰু স্বাস্থ্য, কৃষি, এ আই আদি খণ্ডৰ অগ্ৰগতিৰ বিষয়েও আলোচনা কৰে।
বিল গেটছে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাতৰ এখন ফটো শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত লিখিছে, “ভাৰতৰ উন্নয়ন, ২০৪৭ চনত উন্নত ভাৰতৰ পথ আৰু স্বাস্থ্য, কৃষি, এ আই আৰু অন্যান্য ক্ষেত্ৰত আজি প্ৰভাৱ পেলোৱা ৰোমাঞ্চকৰ অগ্ৰগতিৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক সুন্দৰ আলোচনা হৈছিল। ভাৰতত উদ্ভাৱনে কেনেদৰে স্থানীয় আৰু বিশ্বব্যাপী অগ্ৰগতি লাভ কৰিছে সেয়া চাবলৈ আকৰ্ষণীয়।”
 
এই ভ্ৰমণৰ সময়ত বিল গেটছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাকো সাক্ষাৎ কৰি জনস্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনৰ মাজত চলি থকা সহযোগিতাৰ পৰ্যালোচনা কৰে। জে পি নাড্ডাই এক্সত লিখিছে, “বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক বিল গেটছক আজি লগ পালোঁ। ফাউণ্ডেচনৰ সৈতে আমাৰ সহযোগিতাৰ জৰিয়তে ভাৰতে স্বাস্থ্যসেৱা বিশেষকৈ মাতৃ স্বাস্থ্য, প্ৰতিষেধক আৰু অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিলোঁ।”
 
তেওঁ আৰু লিখিছে যে স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰা আৰু প্ৰভাৱশালী পদক্ষেপসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত ফাউণ্ডেশ্যনৰ মূল্যৱান সহায়ক মই স্বীকাৰ কৰিছো। আমি আমাৰ সহযোগিতা স্মাৰকপত্ৰখন নবীকৰণ কৰিবলৈ আগ্ৰহী, সকলো নাগৰিকৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে আমাৰ ভাগ-বতৰা প্ৰতিশ্ৰুতিক আগুৱাই নিবলৈ।”