নতুন দিল্লী
আমেৰিকাৰ পৰা অহা অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ লগত হোৱা দুৰ্ব্যৱহাৰক লৈ বৃহস্পতিবাৰে সংসদৰ বাহিৰত বিৰোধী দলৰ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতীকী বিক্ষোভ হিচাপে তেওঁলোকে হাতত হেণ্ডকাফ লগাই প্ৰতিবাদ সাব্যস্ত কৰে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল, এছ পিৰ সাংসদ ধৰ্মেন্দ্ৰ যাদৱ, কংগ্ৰেছৰ সাংসদ গুৰজীত সিং আউজলাকে ধৰি আন কেইজনমান নেতাই আমেৰিকাৰ পৰা বিতাড়িত কৰাৰ সময়ত ভাৰতীয় নাগৰিকক অমানৱীয় ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি হাতত হেণ্ডকাফ লগায়।
এক্সলৈ (পূৰ্বৰ টুইটাৰ) লৈ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে মোডী চৰকাৰক বিতাড়নৰ সন্দৰ্ভত বিশদ বিবৃতি দিবলৈ কয়। তেওঁ আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক বিতাড়িত অনুপ্ৰৱেশকাৰীক ঘূৰাই আনিবলৈ ভাৰতীয় বিমান কিয় প্ৰেৰণ কৰা হোৱা নাছিল সেই বিষয়েও প্ৰশ্ন কৰে।
হেণ্ডকাফ লগাই ভাৰতীয় নাগৰিকক আমেৰিকাই বিতাড়ন কৰা সন্দৰ্ভত চৰকাৰক প্ৰশ্ন উত্থাপন কৰে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে। সংবাদ সংস্থা এএনআইৰ উদ্ধৃতিৰে তেওঁ কয়, "যিসকলে ভাৰতক বিশ্বগুৰু কৰাৰ সপোন দেখুৱাই আছিল, তেওঁলোক এতিয়া কিয় নিমাত? ভাৰতীয় নাগৰিকক দাসৰ দৰে হেণ্ডকাফ লগাই আৰু অমানৱীয় পৰিস্থিতিত ভাৰতলৈ বিতাড়িত কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কি কৰিছে? শিশু আৰু মহিলাক এই অসন্মানৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে কি কৰিলে? আমি বিচাৰো চৰকাৰে ইয়াৰ উত্তৰ দিয়ক আৰু বিৰোধীক সংসদত বিষয়টো আলোচনা কৰিবলৈ অনুমতি দিয়ক।"