অট’ৱা
চুবুৰীয়া দেশ কানাডাই আমেৰিকাৰ সৈতে সম্পৰ্ক কাৰ্যকৰীভাৱে বিচ্ছিন্ন কৰাৰ কথা ঘোষণা কৰিছে। ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে হোৱাইট হাউছত প্ৰৱেশ কৰাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।
বুধবাৰে ট্ৰাম্পে আমেৰিকালৈ ৰপ্তানি কৰা সকলো গাড়ীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিব বুলি ঘোষণা কৰাৰ পিছতে কানাডাৰ নতুন প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে ক্ষোভ প্ৰকাশ কৰে। তাৰ পিছত তেওঁ কয় যে আমেৰিকা আৰু কানাডাৰ মাজৰ "পুৰণি বন্ধুত্ব" শেষ হৈ গৈছে।
কাৰ্নীয়ে কয় যে ট্ৰাম্প প্ৰশাসনৰ শুল্ক নীতিৰ প্ৰতি সঁহাৰি সংগ্ৰামৰ জৰিয়তে হ’ব। "আমি আমেৰিকাৰ শুল্ক নীতিৰ বিৰুদ্ধে যুঁজিম। আমি কাউণ্টাৰ শুল্ক ঘোষণা কৰিম। ইয়াৰ প্ৰভাৱ আমেৰিকাৰ ওপৰত আটাইতকৈ বেছি হ'ব আৰু কানাডাত সামান্য প্ৰভাৱ পৰিব।"-তেওঁ কয়।
বুধবাৰে কাৰ্নী প্ৰচাৰৰ বাবে ওলাই আহিছিল যেতিয়া ট্ৰাম্পে গাড়ী আৰু গাড়ীৰ পাৰ্টছৰ ওপৰত শুল্ক ঘোষণা কৰিছিল। কাকতলীয়াকৈ ক’বলৈ গ’লে কানাডাৰ সাধাৰণ নিৰ্বাচন ২৮ এপ্ৰিলত। ট্ৰাম্পৰ ঘোষণা শুনি কাৰ্নীয়ে প্ৰচাৰ অভিযান বন্ধ কৰি ৰাজধানী অট’ৱালৈ উভতি যায়। ইয়াৰ পিছত তেওঁ কেবিনেট সদস্যসকলৰ সৈতে এখন বৈঠক আহ্বান কৰি ভৱিষ্যতৰ কৌশল নিৰ্ধাৰণ কৰে।
গাড়ীৰ ওপৰত শুল্ক আৰোপ কৰাৰ ট্ৰাম্পৰ সিদ্ধান্তক অযুক্তিকৰ বুলি অভিহিত কৰি কাৰ্নীয়ে কয় যে আমেৰিকাই বৰ্তমান দুয়োখন দেশৰ মাজত থকা বাণিজ্যিক চুক্তি উলংঘা কৰিছে। পৰিৱৰ্তিত পৰিস্থিতিত আমেৰিকাৰ সৈতে কানাডাৰ সম্পৰ্কৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয়, “গভীৰ অৰ্থনৈতিক বুজাবুজি, নিৰাপত্তা আৰু সামৰিক সহায়ৰ ওপৰত ভিত্তি কৰি আমেৰিকাৰ সৈতে আমাৰ যি পুৰণি বন্ধুত্ব আছিল, সেয়া শেষ হৈ গৈছে।”
দৰাচলতে আমেৰিকালৈ ৰপ্তানি কৰা গাড়ীৰ ওপৰত ট্ৰাম্পে শুল্ক আৰোপ কৰাৰ ফলত কানাডাৰ কেইবাটাও গাড়ী নিৰ্মাতাই লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। সেই কথা মনত ৰাখি কাৰ্নীয়ে পূৰ্বে উল্লেখ কৰিছিল যে তেওঁ দেশৰ উৎপাদন ব্যৱস্থা আৰু শ্ৰমিকক সুৰক্ষা প্ৰদানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।