ড’নাল্ড ট্ৰাম্পৰ শুল্ক সন্দৰ্ভত কানাডাৰ উচিত প্ৰত্যুত্তৰ

Story by  atv | Posted by  Munni Begum • 2 d ago
জাষ্টিন ট্ৰুডো
জাষ্টিন ট্ৰুডো
নতুন দিল্লী

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবাম আৰু চীনৰ বৈদেশিক মন্ত্ৰালয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক সন্দৰ্ভত দ্ৰুত সঁহাৰি জনাইছে আৰু আগন্তুক সময়ত ইয়াৰ উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলিও সকিয়নী দিয়ে। যিয়ে বিশ্বব্যাপী যোগান শৃংখলত যথেষ্ট  গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

ট্ৰুডোৱে কয় যে, তেওঁৰ চৰকাৰে আমেৰিকাৰ পৰা আমদানিৰ সকলো সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিব। লগতে কয় যে, প্ৰথম  পৰ্যায়ত শুল্ক মঙলবাৰৰ পৰা কানাডাৰ ৩০ বিলিয়ন ডলাৰৰ আমেৰিকাৰ সামগ্ৰীক লক্ষ্য কৰি লোৱা হ’ব আৰু বাকীখিনি তিনি সপ্তাহৰ পিছত লোৱা হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শুল্ক সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিশোধ স্বৰূপে ১৫৫ বিলিয়ন কানাডিয়ান ডলাৰৰ আমেৰিকান সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিব।

তেওঁ লগতে কয় যে, এই শুল্ক দৈনন্দিন ব্যৱহৃত সামগ্ৰী যেনে, আমেৰিকান বিয়েৰ, ৱাইনৰ লগতে ফল-মূল, শাক-পাচলি, গ্ৰাহকৰ সঁজুলি, কাঠ আৰু প্লাষ্টিককে ধৰি অন্যন্য সকলো সামগ্ৰীৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব। ট্ৰুডোৱে কয় যে, আমি নিশ্চিতভাৱে কঠোৰ হ’বলৈ বিচৰা নাই। কিন্তু আমি কানাডাৰ বাবে, কানাডাবাসীৰ বাবে থিয় দিব লাগিব। 

ট্ৰুডোৱে কয় যে, আফগানিস্তানত ইৰাণৰ পণবন্দী সংকট আৰু যুদ্ধৰ পৰা আৰম্ভ কৰি হাৰিকেন কেটৰিনা আৰু শেহতীয়াকৈ কেলিফৰ্ণিয়াৰ বনজুইৰ দৰে মাৰাত্মক প্ৰাকৃতিক দুৰ্যোগলৈকে আদি সকলো ক্ষেত্ৰতে আমি আমেৰিকাৰ পক্ষতে আছো। ৰাষ্ট্ৰপতি ট্ৰাম্পে যদি আমেৰিকাৰ বাবে নতুন সোণালী যুগৰ সূচনা কৰিব বিচাৰে, তেন্তে নিশ্চয়কৈ কৰিব পাৰে। কিন্তু আমাক শাস্তি দি নহয়। তেওঁ ইয়াৰ বাবে কানাডাৰ সৈতে অংশীদাৰিত্ব কৰাটোৱেই উত্তম পথ হব।  

চীনেও নতুন শুল্কৰ বিৰুদ্ধে 'সংশ্লিষ্ট প্ৰতিকাৰ ব্যৱস্থা' লোৱাৰ প্ৰতিশ্ৰুতি দিছে আৰু বিশ্ব বাণিজ্য সংস্থাত ৱাশ্বিংটনৰ বিৰুদ্ধে দাবী দাখিল কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে, বাণিজ্য যুদ্ধ বা শুল্ক যুদ্ধত কোনো বিজয়ী নহয়। এই অতিৰিক্ত শুল্কে ড্ৰাগছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভৱিষ্যতৰ দ্বিপাক্ষিক সহযোগিতাত অনিবাৰ্যভাৱে প্ৰভাৱ পেলাব আৰু যথেষ্ট ক্ষতি সাধন কৰিব। 

বেইজিঙে আমেৰিকা যুক্তৰাষ্ট্ৰক  নিজৰ ভুল পদ্ধতিসমূহ সংশোধন কৰিবলৈ, স্পষ্ট আলোচনা কৰিবলৈ, সহযোগিতা শক্তিশালী কৰিবলৈ আৰু সমতা, পাৰস্পৰিক লাভালাভ আৰু পাৰস্পৰিক সন্মানৰ আধাৰত মতানৈক্য পৰিচালনা কৰিবলৈ আহ্বান জনায়। 

ইফালে শ্বেইনবামে কয় যে, তেওঁৰ অৰ্থনীতি মন্ত্ৰীক তেওঁ কয় যে "আমি কাম কৰি অহা প্লেন বি কাৰ্যকৰী কৰক, য’ত মেক্সিকোৰ স্বাৰ্থৰ প্ৰতিৰক্ষাৰ বাবে শুল্ক আৰু অশুল্ক ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।" ৱাশ্বিংটনে ড্ৰাগছ সৰবৰাহৰ গোটৰ সৈতে তেওঁৰ চৰকাৰৰ 'মিত্ৰতা' আছে বুলি কৰা অভিযোগৰ বিৰুদ্ধেও তেওঁ প্ৰত্যুত্তৰ দিয়ে।  

এক্সত শ্বেইনবামে লিখিছে যে, "অপৰাধমূলক সংগঠনৰ সৈতে মিত্ৰতাৰ বিষয়ে মেক্সিকান চৰকাৰৰ বিৰুদ্ধে হোৱাইট হাউছে কৰা নিন্দাক আমি স্পষ্টভাৱে নাকচ কৰিছো।"

কানাডাৰ শক্তি সামগ্ৰীৰ বাহিৰে মঙলবাৰৰ পৰা কানাডা আৰু মেক্সিকোৰ পৰা অহা সকলো সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰি কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিছে ট্ৰাম্পে। অবৈধ অনুপ্ৰৱেশ আৰু ড্ৰাগছৰ পৰা অহা “বৃহৎ ভাবুকি”ৰ কথা উল্লেখ কৰি তেওঁ ইতিমধ্যে বিভিন্ন শুল্কৰ সন্মুখীন হোৱা চীনৰ পৰা অহা সামগ্ৰীৰ ওপৰতো ১০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছে। 

ট্ৰাম্পে এই শুল্ক আৰোপ কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা আইনখনৰ প্ৰয়োগ কৰি হোয়াইট হাউছে কয় যে, “মাৰাত্মক ফেণ্টানিলকে ধৰি অবৈধ বিদেশী ড্ৰাগছৰ দ্বাৰা সৃষ্টি হোৱা অসাধাৰণ ভাবুকিয়ে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰিছে।" হোয়াইট হাউছে লগতে কয় যে, লক্ষ্য হৈছে তিনিওখন দেশকে “অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি জবাবদিহি কৰা আৰু আমাৰ দেশলৈ বিষাক্ত ফেণ্টানাইল আৰু অন্যান্য ড্ৰাগছৰ প্ৰবাহ বন্ধ কৰা।"

ভৱিষ্যতে ইউৰোপীয় সংঘৰ ওপৰত শুল্ক আৰোপ কৰাৰও প্ৰতিশ্ৰুতি দিছে। অৰ্ধপৰিবাহী, ষ্টীল, এলুমিনিয়ামৰ লগতে তেল আৰু গেছৰ ওপৰতো শুল্ক আৰোপ কৰাৰ প্ৰতিশ্ৰুতি দিছে। হোয়াইট হাউছে কয় যে, টেৰিফ হৈছে ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে লিভাৰেজৰ এক শক্তিশালী, প্ৰমাণিত উৎস।  

কানাডা আৰু মেক্সিকোৰ পৰা আমেৰিকাৰ আমদানিয়ে ২০২৩ চনলৈকে প্ৰায় ৯০০ বিলিয়ন ডলাৰৰ সামগ্ৰী সামৰি লৈছিল আৰু উত্তৰ আমেৰিকাৰ তিনিখন প্ৰতিবেশী দেশৰ মাজত যোগানৰ ৰেখাডাল -- যিসকলে বাণিজ্যিক চুক্তিৰ অংশীদাৰ -- গভীৰভাৱে একত্ৰিত। মেক্সিকো আৰু কানাডাইও আমেৰিকাৰ কৃষি আমদানিৰ উল্লেখযোগ্য হিচাপ কৰে, অৰ্থাৎ এই শুল্কে এভোকেডো আৰু বিলাহীৰ দৰে জনপ্ৰিয় খাদ্যৰ দাম বৃদ্ধি কৰিব পাৰে। ষ্টেটিষ্টিকছ কানাডাৰ তথ্য অনুসৰি কানাডাৰ প্ৰায় ৮০ শতাংশ সামগ্ৰী ৰপ্তানি আমেৰিকালৈ যায়, যাৰ মূল্য প্ৰায় ৪১০ বিলিয়ন ডলাৰ। 

মেক্সিকোৰ নেশ্যনেল ইনষ্টিটিউট অৱ ষ্টেটিষ্টিকছৰ মতে, যোৱা বছৰ আমেৰিকালৈ মেক্সিকোৰ ৰপ্তানিয়ে বিশ্বক বিক্ৰী কৰা সামগ্ৰীৰ ৮৪ শতাংশ প্ৰতিনিধিত্ব কৰিছিল, যাৰ পৰিমাণ ৫১০ বিলিয়ন ডলাৰৰ ওপৰত। আমেৰিকাৰ ৮০ শতাংশতকৈ অধিক এভোকেডো মেক্সিকোৰ পৰা আহে -- অৰ্থাৎ অধিক আমদানি ব্যয়ে এভোকেডোৰ দৰে সামগ্ৰীৰ দাম বৃদ্ধি কৰিব পাৰে।