বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে বাংলাদেশৰ সেনা প্ৰধান ৱাকেৰ-উজ-জামান (ফাইল ফটো)
নতুন দিল্লী
বাংলাদেশে অতি সোনকালে সামৰিক অধিগ্ৰহণৰ সাক্ষী হ'ব পাৰে। দেশখনৰ সেনাবাহিনীয়ে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছক অপসাৰণ কৰি নিয়ন্ত্ৰণ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
সোমবাৰে ৱাকাৰ-উজ-জামানৰ নেতৃত্বত সেনাবাহিনীয়ে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰি এই বিষয়ত গুৰুত্বপূৰ্ণ ইংগিত দিয়ে। বৈঠকত সেনা বাহিনীৰ শীৰ্ষ বিষয়াৰ লগতে পাঁচজন লেফটেনেণ্ট জেনেৰেল, আঠজন মেজৰ জেনেৰেল (জি অ’ চি), স্বতন্ত্ৰ ব্ৰিগেডৰ কমাণ্ডিং অফিচাৰ, সেনা মুখ্য কাৰ্যালয়ৰ বিষয়াসকলো উপস্থিত থাকে।
উল্লেখ্য যে, যোৱা বছৰৰ আগষ্ট মাহত শ্বেখ হাছিনাৰ নেতৃত্বাধীন আৱামী লীগ চৰকাৰৰ পতনৰ পিছত মহম্মদ ইউনুছে দায়িত্ব লৈছিল যদিও বাংলাদেশী জনসাধাৰণৰ মাজত এতিয়া চৰকাৰৰ প্ৰতি অনাস্থা বাঢ়িছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বৈঠকত আলোচনাসমূহ স্থিতিশীলতা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত সামৰিক বাহিনীৰ সম্ভাৱ্য ভূমিকাক কেন্দ্ৰ কৰিয়েই আবদ্ধ বুলি সূত্ৰসমূহে প্ৰকাশ কৰে।
সূত্ৰসমূহে ইংগিত দিছে যে সেনাই ৰাষ্ট্ৰপতিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ বা ইউনুছৰ বিৰুদ্ধে অভ্যুত্থান কৰিবলৈ হেঁচা প্ৰয়োগ কৰিব পাৰে। সেনাই নিজৰ তত্বাৱধানত ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ গঠনৰ বিকল্পও অন্বেষণ কৰিছে। যোৱা কেইমাহমানত বিভিন্ন ৰাজনৈতিক দল আৰু ছাত্ৰ নেতাই সেনাবাহিনীৰ বিৰুদ্ধে মাত মাতিছে, যিয়ে সামৰিক বাহিনীৰ ভিতৰৰ বহু শ্ৰেণীক বিচলিত কৰি এই প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা উলিয়াবলৈ উচটনি দিছে।
বাংলাদেশত এই ৰাজনৈতিক অস্থিৰতা অব্যাহত থকাৰ মাজতে ইউনুছে শীঘ্ৰে চীন ভ্ৰমণ কৰাৰ কথা আছে। চীন-বাংলাদেশৰ সম্পৰ্কত পৰিৱৰ্তন হ’ব পৰা এই ভ্ৰমণৰ ওপৰত ঢাকাৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহে তীক্ষ্ণ দৃষ্টি ৰাখিব।