ড'নাল্ড ট্রাম্প চৰকাৰত গুৰুত্বপূর্ণ দায়িত্ব অর্পণ ভাৰতীয় মূলৰ চাৰি ব্যক্তিক

Story by  atv | Posted by  Munni Begum • 5 h ago
ড'নাল্ড ট্রাম্প
ড'নাল্ড ট্রাম্প
 
বাশ্বিংটন ডিচি
 
মার্কিন যুক্তৰাষ্ট্ৰৰ ড'নাল্ড ট্রাম্প চৰকাৰত ভাৰতীয় মূলৰ চাৰিজন ব্যক্তিক গুৰুত্বপূর্ণ দায়িত্ব অর্পণ কৰা হৈছে। নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে শপত গ্রহণ কৰাৰ পিচতে চাৰি ভাৰতীয় মূলৰ নাগৰিকক অর্পণ কৰা হয় এই গুৰুত্বপূর্ণ পদবীসমূহ। সেই বিশেষ ব্যক্তিকেইগৰাকী হৈছে ক্রমে ঊষা ভেন্স, বিবেক ৰামস্বামী, কাছ'ভ কেশ পেটেল আৰু জয় ভট্টাচার্য। 
 
ঊষা ভেন্স উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নী হিচাপে দেশখনৰ 'ছেকেণ্ড লেডী'ৰূপে পৰিচিত। তেওঁৰ পিতৃ-মাতৃৰ মূল গৃহ হৈছে অন্ধ্রপ্রদেশত। আই আই টি মাদ্ৰাছৰ পৰা ইঞ্জিনীয়াৰিঙৰ ডিগ্রী লৈ পিতৃয়ে আমেৰিকালৈ প্রস্থান কৰে। যুক্তৰাষ্ট্ৰৰ ছেন্ট ডিউগী ষ্টেট ইউনিভাৰছিটিৰ অধ্যাপকৰূপে পিতৃয়ে কাৰ্যনিৰ্বাহ কৰাৰ বিপৰীতে মাতৃ ষ্টেট ইউনিভাৰছিটি অব্ কেলিফ'নিয়াৰ মাইক্র'বায় 'লজি বিভাগত কৰ্মৰত। 
 
সেইদৰে আমেৰিকাৰ চৰকাৰী দক্ষতা বিভাগৰ মুৰব্বী পদত অধিষ্ঠিত কৰা হৈছে বিবেক ৰামস্বামীক। দক্ষতা বিভাগটো নতুনকৈ সৃষ্টি কৰা হৈছে চৰকাৰী খা-খৰচ কমোৱাৰ লক্ষ্যৰে। ২০২৬ চনৰ ৪ জুলাইলৈকে ৰামস্বামীক এই বিভাগৰ দায়িত্ব লৈ খা-খৰচ কমোৱাৰ দিশটো তদাৰক কৰিবলৈ দায়িত্ব দিয়া হৈছে। ভাৰতীয় মূলৰ এইগৰাকী ৰামস্বামী উদ্যোগপতি, লেখক আৰু ৰাজনীতিক হিচাপে বিশেষভাৱে পৰিচিত। 
 
দেশখনৰ ফেডাৰেল ব্যুৰ' অব্ ইনভেষ্টিগেচন (এফ বি আই)ৰ পৰৱৰ্তী সঞ্চালকৰ দায়িত্ব অর্পণ কৰা হৈয়ে কাছ'ভ কেশ পেটেলক। তেওঁৰ পিতৃ-মাতৃ গুজৰাটৰ ভদোদৰাৰ। পিতৃ-মাতৃ বর্তমান উগাণ্ডাত থাকে। 
 
একেদৰে আমেৰিকাৰ স্বাস্থ্য বিভাগৰ গুৰুদায়িত্ব অর্পণ কৰা হৈছে বিশিষ্ট চিকিৎসক জয় ভট্টাচার্যক। ষ্টেনফ'র্ড বিশ্ববিদ্যালয়ৰ ডিগ্রীধাৰী এইগৰাকী জয় ভট্টাচাৰ্যৰ জন্ম ১৯৬৮ চনত কলকাতাত। ১৯৯৭ চনত তেওঁ মেডিকেল ডিগ্রী লাভ কৰি ২০০০ চনত পি এইচ ডি সম্পন্ন কৰে।