নিউয়ৰ্ক
ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ শক্তি ক্ষেত্ৰসমূহক ৰাছিয়াৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ এক নতুন প্ৰস্তাৱ আগবঢ়াইছে।হোৱাইট হাউছৰ এক বিবৃতি অনুসৰি ট্ৰাম্পে বৃহস্পতিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিক কয় যে নিৰাপত্তাজনিত কাৰণত আমেৰিকাই ইউক্ৰেইনৰ শক্তি ক্ষেত্ৰসমূহ নিজৰ নিয়ন্ত্ৰণলৈ আনিব পাৰে।
মঙলবাৰে নিশা ট্ৰাম্পৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৩০ দিনৰ বাবে বিনাচৰ্ত যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ কৰে। অৱশ্যে তেওঁ অহা ৩০ দিনলৈ ইউক্ৰেইনৰ অসামৰিক আন্তঃগাঁথনি, চহৰ আৰু শক্তি খণ্ডত আক্ৰমণ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
অৱশ্যে পুটিনৰ এই আশ্বাসক লৈ ইউক্ৰেইন পতিয়ন যাব পৰা নাই। এই পৰিস্থিতিত ট্ৰাম্পে জেলেনস্কিক ফোনযোগে পৰামৰ্শ দিছিল, “তৈলক্ষেত্ৰসমূহ চলি থকাত আমেৰিকা অতি উপযোগী হ’ব পাৰে।”
উল্লেখ্য যে, ২৮ ফেব্ৰুৱাৰীত হোৱাইট হাউছত ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত অভূতপূৰ্ব বাকযুদ্ধ দেখিবলৈ পাইছিল সমগ্ৰ বিশ্বই। যুদ্ধবিৰতি সন্দৰ্ভত আমেৰিকা-ৰাছিয়াৰ আলোচনাত ইউক্ৰেইনৰ কোনো প্ৰতিনিধি অন্তৰ্ভুক্ত নহ’ল।
এই পৰিস্থিতিত ট্ৰাম্পে জেলেনস্কিৰ সৈতে ফোনত কথা পাতিছিল। হোৱাইট হাউছৰ সূত্ৰ অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে জেলেনস্কিক পুটিনৰ সৈতে হোৱা আলোচনাৰ উদ্ধৃতিটো জনাইছিল।
শেহতীয়াকৈ ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক “অনিৰ্বাচিত একনায়কত্ববাদী” বুলি অভিহিত কৰিছে। ট্ৰাম্পে অৱশ্যে জেলেনস্কিৰ সৈতে বাৰ্তালাপৰ পিছত দাবী কৰিছিল যে তেওঁলোকৰ মাজত অতি ভাল আলোচনা হৈছিল। আন্তঃৰাষ্ট্ৰীয় মহলত জল্পনা-কল্পনা চলি আছে যে ট্ৰাম্পে জেলেনস্কিক যুদ্ধবিৰতি বলবৎ কৰাৰ ক্ষেত্ৰত নমনীয় হ’বলৈ বাৰ্তা প্ৰেৰণ কৰিছে। অৱশ্যে জেলেনস্কিয়ে এনে সম্ভাৱনাক উলাই কৰিছে। তেওঁ কৈছে, মোৰ ওপৰত কোনো হেঁচা নাই। সেয়া সঁচা কথা।”