পাৰমাণৱিক চুক্তিত সন্মতি নিদিলে ইৰাণৰ ওপৰত বোমা বিস্ফোৰণ কৰিব আমেৰিকাই; ট্ৰাম্পৰ স্পষ্ট সকীয়নি

Story by  atv | Posted by  [email protected] • 1 d ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান

ৱাশ্বিংটন

পাৰমাণৱিক চুক্তিত সন্মতি নিদিলে ইৰাণৰ ওপৰত বোমা বিস্ফোৰণ কৰিব আমেৰিকাই। ইৰাণক এইদৰে স্পষ্টকৈ সকীয়াই দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ সংবাদ মাধ্যম এনবিচি নিউজৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত তেওঁ কয় যে আমেৰিকা আৰু ইৰাণৰ বিষয়াসকলে পাৰমাণৱিক চুক্তিৰ বিষয়ে আলোচনা কৰি আছে। কিন্তু যদিহে ইৰাণে অৱশেষত এই চুক্তিত সন্মতি নিদিয়ে তেন্তে আমেৰিকাই বোমা বিস্ফোৰণ আৰম্ভ কৰিব। 
 
ট্ৰাম্পৰ এই মন্তব্যৰ কিছু ঘণ্টাৰ ভিতৰতে তেহৰানেও পাল্টা আক্ৰমণৰ বাবে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰে। সূত্ৰ অনুসৰি তেওঁলোকে আমেৰিকাৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাবলৈ ক্ষেপণাস্ত্ৰও প্ৰস্তুত কৰিছে। তেহৰাণ টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি দেশৰ বিভিন্ন প্ৰান্তত মাটিৰ তলত ক্ষেপণাস্ত্ৰ মজুত কৰি ৰখা হৈছে। যিকোনো মুহূৰ্ততে এইবোৰ যাতে কাৰ্যকৰী কৰিব পৰা যায় তাৰ ব্যৱস্থাও কৰা হৈছে। 
 
সাক্ষাৎকাৰত ট্ৰাম্পে ইৰানে পাৰমাণৱিক চুক্তিত স্বাক্ষৰ নকৰিলে ইয়াৰ বিৰুদ্ধে বিকল্প পৰিকল্পনাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ইৰাণৰ ওপৰত কিছু আনুষংগিক শুল্কৰ বোজা জাপি দিয়া হ’ব পাৰে। যদিহে পাৰমাণৱিক চুক্তিখনৰ ওপৰত সহমত নহয়, তেন্তে সেই শুল্কসমূহো পশ্চিম এছিয়াৰ দেশখনৰ বিৰুদ্ধে আমেৰিকাৰ অন্যতম আহিলা হ’ব পাৰে। চাৰি বছৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত ইৰাণৰ ওপৰত এনে শুল্ক আৰোপ কৰা হৈছিল।
 
ট্ৰাম্পে সেই নীতি পুনৰ ঘূৰাই আনিব পাৰে। সাক্ষাৎকাৰত তেওঁ কয় যে ইৰাণে যদি চুক্তি নকৰে তেন্তে বোমা বিস্ফোৰণ আৰম্ভ হ’ব। আমি তেওঁলোকৰ ওপৰত অতিৰিক্ত শুল্কও আৰোপ কৰিব পাৰো, যিদৰে মই চাৰি বছৰৰ আগতে কৰিছিলো।
 
উল্লেখ্য যে, ২০১৫ চনৰ পাৰমাণৱিক চুক্তিৰ পৰা ট্ৰাম্পে আমেৰিকাক আঁতৰাই আনিছিল। তেওঁ দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত ইৰাণৰ সৈতে নতুন পাৰমাণৱিক চুক্তি কৰিব বিচাৰিছে। এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লাহ আলী খামেনেইলৈও এখন পত্ৰ লিখিছিল।
 
সেই পত্ৰখনত ট্ৰাম্পে ইৰাণক পাৰমাণৱিক চুক্তিত সন্মতি দিবলৈ দুমাহৰ সময়সীমা দিছিল। তেওঁ কয় যে যদি সেই সময়সীমাৰ ভিতৰত এই চুক্তি সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নহয় তেন্তে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিন্তু ইৰাণ নিজৰ স্থিতিত অটল হৈ আছে। ট্ৰাম্পৰ এই পত্ৰৰ উত্তৰত তেওঁলোকে শেহতীয়াকৈ উল্লেখ কৰিছে যে হেঁচা আৰু সামৰিক ভাবুকিৰ মাজত কোনো ধৰণৰ প্ৰত্যক্ষ আলোচনা সম্ভৱ নহয়। কিন্তু তেওঁলোকে পূৰ্বৰ দৰেই পৰোক্ষ আলোচনাৰ পথ মুকলি কৰি ৰাখিছে।