ৱাশ্বিংটন
পূৰ্বে তেওঁ এই কথা ঘোষণা কৰিছিল আৰু বৃহস্পতিবাৰে এই আদেশত স্বাক্ষৰ কৰি তেওঁ ইয়াক কাৰ্যকৰী কৰিলে। ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত বন্ধ কৰি দিয়া হ’ল আমেৰিকাৰ শিক্ষা বিভাগ (Federal Education Department)। এই নিৰ্দেশনা কাৰ্যকৰী হোৱাৰ ফলত আমেৰিকাৰ কেন্দ্ৰীয় প্ৰশাসনে শিক্ষা খণ্ডত আৰু কোনো ব্যয় আবণ্টন নকৰে।
ফলত চৰকাৰী অনুদানৰ ওপৰত নিৰ্ভৰশীল শিক্ষানুষ্ঠানসমূহ বিপদত পৰাটো নিশ্চিত হৈছে। পৰিৱৰ্তিত পৰিস্থিতিত শৈক্ষিক সিদ্ধান্ত গ্ৰহণৰ বোজা পুনৰ আমেৰিকাৰ ৰাজ্যসমূহলৈ স্থানান্তৰিত কৰা হৈছে।
এতিয়াৰে পৰা আমেৰিকাৰ শিক্ষাৰ লগত জড়িত বিষয়বোৰ নিয়ন্ত্ৰণ কৰিব স্থানীয় প্ৰশাসনে। ১৯৭৯ চনত আমেৰিকাৰ শিক্ষা বিভাগক কেন্দ্ৰীয় প্ৰশাসনৰ নিয়ন্ত্ৰণলৈ অনা হৈছিল। কিন্তু এইবাৰ ট্ৰাম্পে ইয়াৰ কাৰ্যালয়ত তলা লগালে। বৃহস্পতিবাৰে কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰাৰ পিছত ট্ৰাম্পে কয় যে আমি ইয়াক (শিক্ষা বিভাগ) বন্ধ কৰি দিম। যিমান পাৰি সোনকালে এই নিৰ্দেশ কাৰ্যকৰী কৰা হ’ব।
একে সময়তে ট্ৰাম্পে কয় যে তেওঁ আমেৰিকাৰ শিক্ষা বিষয়ক সকলো সিদ্ধান্তৰ দায়িত্ব প্ৰদেশসমূহৰ হাতত তুলি দিছে।আমেৰিকাৰ সাধাৰণ আইন অনুসৰি আমেৰিকাৰ কংগ্ৰেছ বা বিধানসভাৰ অনুমতি অবিহনে কোনো প্ৰশাসনিক কাৰ্যালয় মুকলি বা বন্ধ কৰিব নোৱাৰে।
কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে এই নিৰ্দেশত স্বাক্ষৰ কৰাৰ লগে লগে সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰীসকলক দৰমহা আৰু অন্যান্য খৰচৰ আবণ্টন বন্ধ কৰি দিয়া হয়। আমেৰিকাৰ শিক্ষা বিভাগৰ কাৰ্যালয়ত আগতে ৪২০০ৰো অধিক লোকে কাম কৰিছিল। সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি এই বিভাগৰ বাবে শেহতীয়াকৈ ২৫,০০০ কোটি মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ২২ লাখ কোটি টকা) আবণ্টন দিয়া হৈছিল। এই আবণ্টন এইবাৰ বন্ধ হ’বলৈ গৈ আছে।