ছয়খন দেশৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক পৰিচয় পত্ৰ প্ৰদান কৰে

Story by  atv | Posted by  [email protected] • 2 Months ago
জৰ্ডানৰ ৰাষ্ট্ৰদূত ইউছেফ মুস্তাফা আলী আব্দেল গানীৰ পৰা পৰিচয় পত্ৰ গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে
জৰ্ডানৰ ৰাষ্ট্ৰদূত ইউছেফ মুস্তাফা আলী আব্দেল গানীৰ পৰা পৰিচয় পত্ৰ গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে
 
নতুন দিল্লী

ৰাষ্ট্ৰপতি ভৱনত সোমবাৰে অনুষ্ঠিত এক অনুষ্ঠানত ছয়খন দেশৰ ৰাষ্ট্ৰদূতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক পৰিচয় পত্ৰ (Credentials) প্ৰদান কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে ছুইজাৰলেণ্ড, জৰ্ডান, পাপুয়া নিউ গিনি, দক্ষিণ আফ্ৰিকা, ম্যানমাৰ, ইজিপ্তৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তসকলৰ পৰা প্ৰমাণপত্ৰ গ্ৰহণ কৰে।
 
মায়া টিছাফি (ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰদূত), ইউছেফ মুস্তাফা আলী আব্দেল গানী (জৰ্ডানৰ ৰাষ্ট্ৰদূত), ভিনচেণ্ট সুমালে (পাপুয়া নিউ গিনিৰ উচ্চায়ুক্ত), অনিল ছুকলাল (দক্ষিণ আফ্ৰিকাৰ উচ্চায়ুক্ত), জাউ উ (ম্যানমাৰৰ ৰাষ্ট্ৰদূত), আৰু কামেল জায়েদ কামেল গালালে (ইজিপ্তৰ ৰাষ্ট্ৰদূত) এই অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুক তেওঁলোকৰ পৰিচয় পত্ৰসমূহ প্ৰদান কৰে।
"আজি ছুইজাৰলেণ্ড-ভাৰত সম্পৰ্কত এক ঐতিহাসিক অনুষ্ঠান, কিয়নো চুইজাৰলেণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰদূত মায়া তিছাফীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক নিজৰ পৰিচয়পত্ৰ প্ৰদান কৰে। তেওঁ ছুইজাৰলেণ্ড আৰু ভাৰতৰ সম্পৰ্ক আৰু জনসাধাৰণৰ মাজত সংযোগ শক্তিশালী কৰাৰ কল্পনা কৰিছে।"-ভাৰতস্থিত চুইজাৰলেণ্ডৰ দূতাবাসে এক্সত পোষ্ট কৰিছে।
 
উল্লেখ্য যে, চলিত বৰ্ষৰ ৩০ জুনত ভাৰতত দক্ষিণ আফ্ৰিকাৰ উচ্চায়ুক্ত হিচাপে নিযুক্তি পোৱা অধ্যাপক অনিল ছুকলাল ভাৰতীয় মূলৰ প্ৰথমজন দক্ষিণ আফ্ৰিকান যিয়ে এই পদত নিযুক্তি লাভ কৰিছে।