আৱাজ-দ্য ভইচ / ৱাশ্বিংটন ডি চি
ভাৰতীয় মূলৰ আমেৰিকান নাগৰিক কাছ পেটেলে শুকুৰবাৰে ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন (এফ বি আই)ৰ নৱম সঞ্চালক হিচাপে শপত গ্ৰহণ কৰিছে। তেওঁ ভাগৱত গীতাৰ ওপৰত হাত থৈ শপত গ্ৰহণ কৰিছে, যিটো আমেৰিকাৰ ভাৰতীয়মূলৰ সমাজৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হিচাপে পৰিগণিত হৈছে।
শপত গ্ৰহণ অনুষ্ঠানত কোন কোন উপস্থিত আছিল?
আইজেনহাৱাৰ কাৰ্যবাহী কাৰ্যালয় ভৱনত কাছ পেটেলৰ এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। য’ত আমেৰিকাৰ এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে তেওঁক শপত গ্ৰহণ কৰোৱাইছিল। এই সময়ছোৱাত কাছ পেটেলৰ প্ৰেমিকা আৰু পৰিয়ালৰ লগতে অন্যন্য আত্মীয় তেওঁৰ সৈতে অনুষ্ঠানত উপস্থিত আছিল।
শপত গ্ৰহণ কৰাৰ পিছত কাছ পেটেলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, তেওঁ আমেৰিকাৰ সপোনক জীয়াই ৰাখিছে। তেওঁ গৌৰৱেৰে কয়, "প্ৰথম প্ৰজন্মৰ এগৰাকী ভাৰতীয়ই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ এখনৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ নেতৃত্ব দি আছে। যিসকলে আমেৰিকাৰ সপোনক মৃত বুলি ভাবিছে, তেওঁলোকে ইয়াত দেখিবলৈ পাব যে, ই এতিয়াও জীয়াই আছে।"
এফ বি আইৰ নতুন সঞ্চালক পেটেলে লগতে কয় যে, তেওঁ সংস্থাটোত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ স্পষ্ট কৰি দিয়ে যে, "এফ বি আইৰ ভিতৰত আৰু বাহিৰত জবাবদিহিতা থাকিব। আমি নিৰপেক্ষতা আৰু ন্যায়ৰ নীতি মানি চলিম।"
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কাছ পেটেলক এগৰাকী “কঠোৰ আৰু শক্তিশালী” ব্যক্তি বুলি অভিহিত কৰি তেওঁৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে। তেওঁ কয়, "আমি কাছ পেটেলক নিৰ্বাচিত কৰাৰ এটা ডাঙৰ কাৰণ হ'ল এজেণ্টসকলৰ তেওঁৰ প্ৰতি থকা সন্মান। সেয়েহে তেওঁ এফ বি আইৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ পৰিচালক হ'ব।"
ট্ৰাম্পে লগতে কয় যে, "কাছ পেটেলক স্বীকৃতি প্ৰদান কৰাটো অতি সহজ আছিল। তেওঁ এজন কঠোৰ আৰু শক্তিশালী ব্যক্তি। ট্ৰে গৌডিয়ে এইটোও কৈছিল যে, কাছ এজন অবিশ্বাস্য ব্যক্তি আৰু তেওঁৰ এই বক্তব্যৰ পিছত কোনো সন্দেহ বাকী নাথাকিল।"
চেনেটত ভোটদানঃ ৫১-৪৯ ৰ দ্বাৰা অনুমোদিত
কাছ পেটেলৰ এই নিযুক্তিত আমেৰিকাৰ চেনেটে ৫১-৪৯ ভোটত অনুমোদন জনায়। ডেম’ক্ৰেটসকলে তেওঁৰ বিৰুদ্ধে ভোট দিছিল যদিও, ৰিপাব্লিকান দলৰ বেছিভাগ সাংসদে তেওঁক সমৰ্থন কৰিছিল।
যদিও এই মনোনয়নত আলাস্কাৰ ৰিপাব্লিকান চেনেটৰ লিজা মুৰ্ক’ভস্কি আৰু মেইনৰ চুজান কলিন্সৰ বিৰোধিতাৰ সন্মুখীন হৈছিল, তথাপিও পেটেলক সমৰ্থন কৰিছিল ৰিপাব্লিকান পাৰ্টিৰ নেতা মিচ মেককনেলে, যিয়ে পূৰ্বে ট্ৰাম্পৰ অন্যান্য মনোনয়নৰ বিৰোধিতা কৰিছিল।
হোয়াইট হাউছৰ সঁহাৰিঃ
সততা আৰু ন্যায়পৰায়ণতাৰ দিশত ই এক পদক্ষেপ বুলি উল্লেখ কৰি হোয়াইট হাউছে কাছ পেটেলৰ নিশ্চিতকৰণক ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ‘অখণ্ডতা পুনৰুদ্ধাৰ’ আৰু ‘আইনৰ শাসন বজাই ৰখা’ৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি অভিহিত কৰিছে।
হোয়াইট হাউছে এক্সত এক পোষ্টত প্ৰকাশ কৰিছিল যে, "এফ বি আইৰ সঞ্চালক হিচাপে কাছ পেটেলক নিযুক্তি দিয়াটো ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ন্যায় ব্যৱস্থাৰ অখণ্ডতা আৰু ন্যায়পৰায়ণতা পুনৰুদ্ধাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এফ বি আইয়ে এতিয়া নিজৰ মূল মিছনত পক্ষপাতিত্বহীনভাৱে ন্যায় প্ৰশাসন কৰা পুনৰ মনোনিৱেশ কৰিব।"
কাছ পেটেল কোন?
কাছ পেটেল ভাৰতীয় মূলৰ এজন আমেৰিকান নাগৰিক, যি আমেৰিকাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল। ইয়াৰ পূৰ্বে তেওঁ ট্ৰাম্প প্ৰশাসনত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধী নীতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ৰাষ্ট্ৰীয় চোৰাংচোৱা আৰু প্ৰতিৰক্ষা বিভাগতো কাম কৰি আহিছে। এফ বি আইৰ সঞ্চালক হিচাপে তেওঁক নিযুক্তি দিয়াটোৱে ট্ৰাম্প প্ৰশাসনৰ আইন-শৃংখলা নীতি শক্তিশালী কৰা বুলি ধৰা হৈছে।
কাছ পেটেলৰ নেতৃত্বত এফ বি আইত কি পৰিৱৰ্তন হ’ব?
ৰাজনৈতিক হস্তক্ষেপৰ পৰা সুৰক্ষাঃ ন্যায্য তদন্ত আৰু ব্যৱস্থা নিশ্চিত কৰা।
স্বচ্ছতা আৰু জবাবদিহিতাঃ আভ্যন্তৰীণ প্ৰক্ৰিয়াসমূহৰ কঠোৰ নিৰীক্ষণ।
ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিয়াঃ সন্ত্ৰাসবাদ আৰু চাইবাৰ নিৰাপত্তাৰ বিৰুদ্ধে যুঁজিবলৈ নতুন কৌশল।
এফ বি আইৰ এজেণ্টৰ মনোবল বৃদ্ধি কৰাঃ প্ৰশাসনিক সংস্কাৰ ৰূপায়ণ।
কাছ পেটেলক এফ বি আইৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াটো ভাৰতীয়-আমেৰিকান সমাজৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। তেওঁৰ এই নিযুক্তিক এফ বি আইত নতুন শক্তি আৰু নিৰপেক্ষতা অনাৰ দিশত এক বৃহৎ পদক্ষেপ বুলি বিবেচিত হৈছে। এতিয়া তেওঁৰ নেতৃত্বত এফ বি আইত কি পৰিৱৰ্তন আহে আৰু ন্যায় ব্যৱস্থাৰ সংস্কাৰৰ প্ৰতিশ্ৰুতি কেনেকৈ পূৰণ কৰে সেয়াহে লক্ষ্যণীয় হব।