তুৰস্কৰ স্কি ৰিজ’ৰ্টৰ অগ্নিকাণ্ড; মৃত্যুৰ সংখ্যা ৬৬লৈ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ইস্তানবুল
 
মঙলবাৰে উত্তৰ-পশ্চিম তুৰস্কৰ এখন স্কি ৰিজ’ৰ্টৰ এখন হোটেলত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত  মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬লৈ বৃদ্ধি  পোৱা বুলি স্বৰাজ মন্ত্ৰীয়ে জানিবলৈ দিয়ে। 
 
প্ৰত্যক্ষদৰ্শীয়ে কয় যে, আতংকিত হৈ হোটেলখনৰ অতিথিসকলে ৰছী ব্যৱহাৰ কৰি হোটেলখনৰ ভিতৰৰ পৰা পলাবলৈ চেষ্টা কৰিছিল। এক দৃশ্যত খিৰিকীত বেডশ্বীট ওলমি থকাও দেখা গৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কিছুমান লোকে হোটেলখনৰ পৰা নিৰাপদ স্থানলৈ জপিয়াই যাবলৈ চেষ্টা কৰাৰ ফলত মৃত্যু হৈছে। 
 
ৰাজধানী আংকাৰাৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ (১০০ মাইল) উত্তৰ-পশ্চিমে থকা কাৰ্তালকায়া ৰিজ’ৰ্টত কেইবাজনো মন্ত্ৰী উপস্থিত হৈছে। বিষয়াসকলে জনোৱা মতে, এতিয়া জুই নিয়ন্ত্ৰণ কৰা হৈছে।
 
কাৰ্তলকয়াত সাংবাদিকৰ আগত স্বৰাজ মন্ত্ৰী আলী য়েৰলিকায়াই কয় যে "এই ঘটনাৰ বাবে আমি খুবেই মৰ্মাহত হৈছো। আমাৰ ৬৬ জন নাগৰিকে প্ৰাণ হেৰুৱাইছে আৰু ৫১ জন আহত হৈছে।" 
 
কাঠৰ ক্লেডিং থকা ১২ মহলীয়া গ্ৰেণ্ড কাৰ্টাল হোটেলত পুৱা ৩:২৭ বজাত (০০২৭ জিএমটি) এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, হোটেলখনত প্ৰায় ২৩৮ জন অতিথি থকা বুলি পঞ্জীয়ন কৰা হৈছে, যিটো দুসপ্তাহৰ স্কুল ছুটীৰ সময়ত শীৰ্ষ সময় আছিল। 
 
ব্যক্তিগত সম্প্ৰচাৰকে জনোৱামতে, নিহতসকলৰ ভিতৰত হোটেলখনৰ খিৰিকীৰে জপিয়াই পৰা তিনিজন লোকোও অন্তৰ্ভুক্ত আছে। ৰেষ্টুৰেণ্টখনৰ পৰাই জুইৰ সূত্ৰপাত দ্ৰুতগতিত বিয়পি পৰা বুলি অনুমান কৰা হৈছে, যদিও ইয়াৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
 
আংকাৰাত অনুষ্ঠিত হোৱা শাসকীয় এ কে পি দলৰ কংগ্ৰেছত দিয়া ভাষণটো ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে কয় যে, এই অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত প্ৰশাসনিক আৰু ন্যায়িক তদন্ত আৰম্ভ কৰা হৈছে। ঘটনাৰ সকলো দিশ সামৰি লোৱাৰ লগতে দায়ীসকলক জবাবদিহি কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। 
 
জুইৰ লেলিহান শিখাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা এজন জীৱিত ব্যক্তিয়ে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে, জুই দাওদাওকৈ জ্বলি উঠাৰ হোৱাৰ সময়ত হোটেলখনত কোনো এলাৰ্ম বজা নাছিল আৰু কোনো সুৰক্ষা ব্যৱস্থাৰ নাছিল। পৰ্যটন মন্ত্ৰী নুৰি এৰছ’য়ে কয় যে, হোটেলখনত দুটাকৈ অগ্নিনিৰ্বাপক বাহিনী মোতায়েন কৰা হৈছে।