পুনৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ গুলীচালনা

Story by  atv | Posted by  [email protected] • 2 d ago
গল্ফ খেলি থকা অৱস্থাত ড’নাল্ড ট্ৰাম্প
গল্ফ খেলি থকা অৱস্থাত ড’নাল্ড ট্ৰাম্প
 
নতুন দিল্লী
 
পুনৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত পুনৰ আক্ৰমণ। ড’নাল্ড ট্ৰাম্পলৈ লক্ষ্য কৰি গুলীচালনা। গুলীচালনাত কথমপি প্ৰাণ ৰক্ষা পৰিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ।
 
দেওবাৰে ফ্ল’ৰিডাৰ তেওঁৰ নিজৰ গ’ল্ফ ক্লাবত গল্ফ খেলি থকা ট্ৰাম্পলৈ গুলীওৱাৰ চেষ্টা দুৰ্বৃত্তৰ।
 
অস্ত্ৰসহ এজনক গ্ৰেপ্তাৰ কৰিছে আমেৰিকাৰ ছিক্ৰেট চাৰ্ভিছ নিৰাপত্তাৰক্ষীয়ে। ট্ৰাম্পলৈ লক্ষ্য কৰি চাৰিবাৰকৈ গুলীচালনা কৰা বুলি জনা গৈছে।
 
আমেৰিকাৰ পেনছিলভেনিয়াত নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি থকাৰ সময়তে সংঘটিত হৈছিল আক্ৰমণ। এফ বি আইৰ তথ্য অনুসৰি সন্দেহজনক লোকজন ৫৮ বছৰীয়া ৰিয়ান ৱেছলী ৰাউথ।