পেৰিছ অলিম্পিকৰ আৰম্ভণিৰ পূৰ্বে ফ্ৰান্সৰ উচ্চ গতিৰ ৰে'ল নেটৱৰ্কত অগ্নিসংযোগ

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
পেৰিছ
 
ৰাষ্ট্ৰীয় ৰে'ল অপাৰেটৰে জনোৱা মতে,  ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠানৰ কেইঘণ্টামান পূৰ্বে শুকুৰবাৰে ফ্ৰান্সৰ তীব্ৰবেগী ৰে'লৰ নেটৱৰ্কত অগ্নিসংযোগ আৰু অন্যান্য ক্ষতিকাৰক কাৰ্য্যই পৰিবহণ ব্যৱস্থাত ব্যাঘাত জন্মাইছে। 
 
ফ্ৰান্সৰ ৰে'লৱে অপাৰেটৰ এছএনচিএফে ইয়াৰ কেইবাখনো দ্ৰুতবেগী ৰে'ল পথত ভাঙি-ছিঙি পেলোৱাৰ বাতৰি প্ৰকাশ কৰিছে বুলি ডি ডব্লিউৱে জনায়। 
 
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, দেশৰ পশ্চিম, উত্তৰ আৰু পূব দিশৰ সংযোগত টিজিভিৰ তীব্ৰবেগী ৰে'ল নেটৱৰ্ক ব্যাহত হোৱাৰ লগতে কিছু অংশত সেৱা বন্ধ হৈ পৰাৰ ফলত পলম হোৱা বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। 
 
দেশৰ ক্ৰীড়া মন্ত্ৰী আমেলি অ'ডেয়া-কাষ্টেৰায়ে এই আক্ৰমণক গৰিহণা দি ফ্ৰান্সৰ বাতৰি সম্প্ৰচাৰ টেলিভিছন আৰু ৰেডিঅ' নেটৱৰ্ক বিএফএম টিভিৰ উদ্ধৃতি দি কয় যে "এই কাৰ্য গেমছৰ বিৰুদ্ধে, ফ্ৰান্সৰ বিৰুদ্ধে, নিজৰ পক্ষৰ বিৰুদ্ধে, নিজৰ দেশৰ বিৰুদ্ধে।"  
 
তেখেতে কয় যে ভ্ৰমণকাৰী, অলিম্পিক খেলুৱৈ আৰু সাধাৰণ জনতাৰ বাবে ইয়াৰ প্ৰভাৱ বৰ্তমান মূল্যায়ন কৰা হৈছে আৰু লগতে "প্ৰতিযোগিতা স্থানলৈ সকলো প্ৰতিনিধি দলৰ মসৃণ পৰিবহণ"ৰ আশ্বাস দিয়া হৈছে।