প্ৰকৃতিৰ নতুন ৰূপ; সেউজীয়া হৈ উঠিছে ছৌদি আৰৱৰ শুকান মৰুভূমি

Story by  atv | Posted by  [email protected] • 8 Months ago
সেউজীয়া হৈ উঠিছে ছৌদি আৰৱৰ শুকান মৰুভূমি
সেউজীয়া হৈ উঠিছে ছৌদি আৰৱৰ শুকান মৰুভূমি
 
মক্কা

শেহতীয়াকৈ হোৱা প্ৰচণ্ড বৰষুণৰ পিছত পবিত্ৰ চহৰ মক্কা আৰু মদিনাৰ ওচৰৰ চৌদি আৰৱৰ বিশাল মৰুভূমিৰ কিছু অংশই এক নতুন ৰূপ লৈছে। এসময়ৰ বন্যাৰ্ত আৰু শুকান ভূখণ্ডটো এতিয়া সেউজীয়া হৈ পৰিছে। কিয়নো প্ৰচুৰ পৰিমাণৰ বৰষুণে শুষ্ক পৰিৱেশৰ ভূখণ্ডটোক নতুন জীৱন দিছে।
 
প্ৰকৃতিৰ এই নাটকীয় পৰিৱৰ্তন বিশেষকৈ দেখা গৈছে মৰুভূমিখনৰ পশ্চিম অঞ্চলত। ইয়াৰ কাৰণ হৈছে বৰষুণৰ পৰা অতিৰিক্ত পানীৰ প্ৰবাহ, যিয়ে মৰুভূমিৰ মাটিক উৰ্বৰ কৰি তুলিছে আৰু গছ-গছনিৰ বৃদ্ধিত সহায় কৰিছে।
 

ইনষ্টাগ্ৰামৰ এটা প'ষ্টত প্ৰকাশ পোৱা মৰুভূমিখনৰ অভূতপূৰ্ব সেউজীয়া পৰিৱেশে ছৌদি আৰৱৰ লগতে সমগ্ৰ বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিছে। প'ষ্টটোৰ কেপচনত নাছাৰ এই কথাও দাবী কৰা হৈছে যে নাছাৰ উপগ্ৰহৰ পৰাও এই অস্বাভাৱিক দৃশ্য দেখা পোৱা গৈছে।

বৰষুণৰ পিছত বন্দী হোৱা ছবিসমূহত মৰুভূমিৰ উটবোৰে সতেজ ঘাঁহনিত চৰি থকা দেখা গৈছে। এই দৃশ্য শুকান মৰুভূমিত দেখিবলৈ পোৱাটো বিৰল পৰিঘটনা হিচাপে চিহ্নিত হৈছে। ইনষ্টাগ্ৰামত millionaressteps নামৰ পেজটোৱে শ্বেয়াৰ কৰা এই পোষ্টটোৱে ভালেসংখ্যক ভিউ আৰু কমেণ্ট লাভ কৰিছে। 

উপগ্ৰহৰ ছবিত মৰুভূমিৰ সেউজ পৰিৱেশ

পূৰ্বতে কোনো গছ-গছনি নথকা অঞ্চলবোৰে এতিয়া নতুন জীৱন লাভ কৰিছে, কিয়নো মৰুভূমিৰ পৰিৱেশত সেউজীয়াৰ ৰঙবোৰ বিন্দু বিন্দুকৈ চৌদিশে বিয়পি পৰিছে। 
 
এজন ব্যৱহাৰকাৰীয়ে বাইবেলৰ উদ্ধৃতি দি লিখিছে, “বাহ, বাইবেলে এই পৰিঘটনাৰ ভৱিষ্যদ্বাণী কৰিছিল। সঁচাকৈয়ে ঈশ্বৰে আদি আৰু শেষ সকলো জানে। মৰুভূমিত পানী আৰু জান-জুৰি ওলাই আহিব। শুকান বালিবোৰত পুখুৰীৰ সৃষ্টি হ'ব আৰু মৰুভূমিলৈ বসন্ত নামিব।”
 
প্ৰকৃতিৰ এই অভিনৱ আৰু বিচিত্ৰ ৰূপে সেউজীয়াক ভালপোৱা প্ৰতিজন লোকক অভিভূত কৰি তুলিছে।