বাংলাদেশত গ্ৰেপ্তাৰ হিন্দু সন্ন্যাসীৰ অধিবক্তাক আক্ৰমণ: ইস্ককন

Story by  atv | Posted by  Munni Begum • 1 d ago
আইচিইউত অধিবক্তা ৰমেন ৰায়
আইচিইউত অধিবক্তা ৰমেন ৰায়
 
নতুন দিল্লী 
 
গ্ৰেপ্তাৰ হোৱা হিন্দু সন্ন্যাসী চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক পক্ষ লোৱা বাংলাদেশী অধিবক্তা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক “ইছলামপন্থীয়ে তেওঁৰ ঘৰত নৃশংসভাৱে আক্ৰমণ” কৰা বুলি দাবী কৰিছে ইস্ককন ইণ্ডিয়াই। দেশদ্ৰোহৰ অভিযোগত সন্ন্যাসীজনক গ্ৰেপ্তাৰ কৰাৰ পিছত বাংলাদেশত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে।
 
সোমবাৰে নিশা এটা টুইটযোগে ইস্ককন ইণ্ডিয়াৰ উপ-সভাপতি তথা মুখপাত্ৰ ৰাধাৰমন দাসে কয়, "অধিবক্তা ৰমেন ৰায়ৰ বাবে প্ৰাৰ্থনা কৰক। তেওঁৰ একমাত্ৰ 'দোষ' আছিল আদালতত চিন্ময় কৃষ্ণ প্ৰভুৰ পক্ষ ৰক্ষা কৰা। ইছলামপন্থীয়ে তেওঁৰ ঘৰত লুটপাত কৰি নিৰ্মমভাৱে তেওঁক আক্ৰমণ কৰিছে, বৰ্তমান তেওঁ আই চি ইউত জীৱন মৃত্যুৰ যুঁজত যুঁজ দি আছে।"
 
সংবাদ সংস্থাৰ বাতৰি অনুসৰি, ৰাধাৰমন দাসে স্থানীয় বাংলা নিউজ চেনেলৰ আগতও কয় যে ৰায়ৰ ওপৰত হোৱা আক্ৰমণৰ 'প্ৰত্যক্ষ পৰিণতি' ইস্ককনৰ এজন বহিষ্কৃত সন্ন্যাসী চিন্ময় দাসক আদালতত ৰক্ষা কৰাৰ “প্ৰত্যক্ষ পৰিণতি” বুলি প্ৰকাশ কৰিছে।
 
তেওঁৰ উদ্ধৃতিৰে কোৱা হৈছে যে, এই কাণ্ডই বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ ৰক্ষা কৰাসকলে সন্মুখীন হোৱা ক্ৰমবৰ্ধমান বিপদৰ প্ৰতিফলন ঘটাইছে। যোৱা ২৫ নৱেম্বৰত ঢাকা বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ হোৱা চিন্ময় দাসৰ বিৰুদ্ধে অক্টোবৰ মাহত বাংলাদেশৰ জাতীয় পতাকাক অসন্মান কৰাৰ অভিযোগ উত্থাপন হৈছে দেশদ্ৰোহৰ গোচৰ।  
 
তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছতে ঢাকা আৰু চট্টগ্ৰামত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয় আৰু তেওঁৰ সমৰ্থকসকলে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। চট্টগ্ৰামৰ এখন আদালতৰ বাহিৰত প্ৰতিবাদৰ মাজতে এজন মুছলমান অধিবক্তা নিহত হোৱাৰ লগতে এই হিংসাত্মক ঘটনাৰ সৈতে জড়িত কমেও ৩৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 
 
বাংলাদেশত প্ৰথমে হিন্দু বিৰোধী হিংসাৰ সূচনা হৈছিল বিতৰ্কিত কোটা ব্যৱস্থাক লৈ ছাত্ৰ-ছাত্ৰীৰ আন্দোলন চৰকাৰ বিৰোধী ব্যাপক প্ৰতিবাদলৈ ৰূপান্তৰিত হোৱাৰ পিছত, যাৰ ফলত ৫ আগষ্টত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰা হৈছিল। তাৰ পিছৰে পৰা বাংলাদেশৰ ১৭ কোটি জনসংখ্যাৰ মাত্ৰ প্ৰায় ৮ শতাংশ সংখ্যালঘু সম্প্ৰদায়টোৱে ২০০ৰো অধিক আক্ৰমণৰ সন্মুখীন হৈছে।