আৰবী স্নাতক ইয়াহিয়া ছিনৱাৰ কেনেকৈ হল হমাছৰ শীৰ্ষ নেতা

Story by  atv | Posted by  Munni Begum • 2 h ago
 ইয়াহিয়া ছিনৱাৰ
ইয়াহিয়া ছিনৱাৰ
 
গাজা
 
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আই ডি এফ) আৰু ইজৰাইল নিৰাপত্তা সংস্থাই যৌথভাৱে নিশ্চিত কৰিছে যে, বুধবাৰে গাজা ষ্ট্ৰিপত হামাছৰ নেতা ইয়াহিয়া ছিনৱাৰক ইজৰাইলৰ সৈন্যই হত্যা কৰিছিল। কিন্তু হামাছে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ কৰা নাই। 
 
১৯৬২ চনৰ অক্টোবৰ মাহত দক্ষিণ গাজা ষ্ট্ৰিপৰ খান ইউনিছ শৰণাৰ্থী শিবিৰত জন্মগ্ৰহণ কৰিছিল ছিনৱাৰে। গাজাৰ ইছলামিক ইউনিভাৰ্চিটিত নামভৰ্তি কৰাৰ পূৰ্বে তেওঁ খান ইউনিছ স্কুলত অধ্যয়ন কৰিছিল আৰু তাৰ পৰা আৰবী অধ্যয়নত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ২০১১ চনত তেওঁ গাজা ষ্ট্ৰিপৰ এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ তিনিটা সন্তান আছে বুলি ছিনহুয়া সংবাদ সংস্থাই প্ৰকাশ কৰিছে।
 
বিপ্লৱী কাৰ্যৰ সৈতে জড়িত হোৱাৰ বাবে ১৯৮২ চনত ২০ বছৰ বয়সত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল ছিনৱাৰক আৰু পৰৱৰ্তী সময়ত চাৰি মাহৰ বাবে প্ৰশাসনৰ অধীনত আটক কৰি ৰখা হৈছিল। মুক্তিৰ পিছত মাত্ৰ এসপ্তাহৰ পিছত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বিচাৰ অবিহনে ছমাহ কাৰাগাৰত কটাবলগীয়া হৈছিল। ১৯৮৫ চনত পুনৰ গ্ৰেপ্তাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু আঠ মাহৰ কাৰাদণ্ড বিহা হৈছিল।  
 
১৯৮৮ চনত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰি দুজন ইজৰাইলী সৈনিকক অপহৰণ আৰু হত্যাৰ নেতৃত্ব দিয়াৰ লগতে ইজৰাইলৰ সৈতে সহযোগিতা কৰা বুলি সন্দেহ কৰা চাৰিজন পেলেষ্টাইনীক হত্যা কৰাৰ অভিযোগত বিচাৰ কৰা হৈছিল আৰু তেওঁক চাৰিটা যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। কাৰাগাৰত থকাৰ সময়ছোৱাত ছিনৱাৰে ইজৰাইলৰ কাৰাগাৰত হামাছৰ বন্দীসকলৰ উচ্চতম নেতৃত্ব সমিতিৰ নেতৃত্ব দিছিল, ধাৰাবাহিকভাৱে অনশনৰ সময়ত কাৰাগাৰ কৰ্তৃপক্ষৰ সৈতে হোৱা সংঘৰ্ষ পৰিচালনা কৰাত সহায় কৰিছিল। তেওঁক কেইবাখনো কাৰাগাৰলৈ বদলি কৰা হৈছিল। 
 
তেওঁ দুবাৰকৈ কাৰাগাৰৰ পৰা পলায়নৰ চেষ্টা কৰিছিল, যদিও দুয়োটা চেষ্টাতে বিফল হৈছিল। কাৰাগাৰত থকা সময়খিনি পঢ়া-শুনা, হিব্ৰু শিকিবলৈ আৰু ৰাজনৈতিক, নিৰাপত্তা আৰু সাহিত্যৰ ক্ষেত্ৰত কেইবাখনো কিতাপ আৰু অনুবাদ লিখাৰ বাবে ব্যৱহাৰ কৰিছিল। ২০১১ চনত ইজৰাইলী সৈনিকৰ সৈতে বন্দী বিনিময়ৰ অংশ হিচাপে তেওঁক মুকলি কৰি দিয়া হৈছিল।  
 
মুক্তিৰ পিছত ২০১২ চনত আন্দোলনৰ আভ্যন্তৰীণ নিৰ্বাচনৰ সময়ত হামাছৰ ৰাজনৈতিক ব্যুৰোলৈ নিৰ্বাচিত হয় ছিনৱাৰে, য’ত তেওঁ নিৰাপত্তা বিষয়ৰ দায়িত্ব লয়। ২০১৩ চনত তেওঁ হামাছৰ সামৰিক শাখা আল-কাছাম ব্ৰিগেডছৰ নেতৃত্ব গ্ৰহণ কৰিছিল, ৰাজনৈতিক ব্যুৰো আৰু ব্ৰিগেডসমূহৰ নেতৃত্বৰ মাজত প্ৰচেষ্টাৰ সমন্বয় সাধন কৰিছিল। ২০১৭ চনত তেওঁ গাজাত আন্দোলনৰ ৰাজনৈতিক ব্যুৰোৰ মুৰব্বী হিচাপে নিৰ্বাচিত হয় আৰু ২০২১ চনত আন্দোলনৰ আভ্যন্তৰীণ নিৰ্বাচনৰ সময়ত দ্বিতীয়বাৰৰ বাবে চাৰি বছৰীয়া কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচিত হয়।  
 
ছিনৱাৰকৰ ঘৰত বহুবাৰ বোমা বিস্ফোৰণ ঘটিছে, আৰু তেওঁক ৰাজহুৱাভাৱে খুব কমেইহে কথা কোৱা এজন সতৰ্ক ব্যক্তি হিচাপে বৰ্ণনা কৰা হৈছে। ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে হামাছৰ আক্ৰমণৰ মুখ্য স্থপতি হিচাপে গণ্য কৰা হৈছিল ছিনৱাৰক। আগষ্ট মাহত হামাছে ঘোষণা কৰিছিল যে, তেহৰাণত প্ৰাক্তন নেতা ইছমাইল হানিয়েহক হত্যা কৰাৰ পিছত ছিনৱাৰক নেতা হিচাপে নিযুক্তি দিয়া হৈছে।