ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে কিমান ভয়ানক আছিল বাংলাদেশৰ পৰিস্থিতি ?

Story by  Ariful Islam | Posted by  [email protected] • 3 Months ago
বাংলাদেশৰ ভয়ংকৰ ছাত্ৰ আন্দোলন
বাংলাদেশৰ ভয়ংকৰ ছাত্ৰ আন্দোলন
 
আৰিফুল ইছলাম / গুৱাহাটী
 
যোৱা মাহৰ ১৮ তাৰিখৰ পৰা চৰকাৰী চাকৰিৰ সংৰক্ষণ ব্যৱস্থাক লৈ  প্ৰতিবাদকাৰী ছাত্ৰ, নিৰাপত্তা বিষয়া আৰু চৰকাৰ সমৰ্থক ছাত্ৰকৰ্মীৰ মাজত সৃষ্টি হোৱা ব্যাপক সংঘৰ্ষৰ পিছত বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। সান্ধ্য আইন জাৰি কৰা হৈছিল, ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল। দেশখনত সৃষ্টি হোৱা এই হিংসাত্মক সংঘৰ্ষ আৰু আন্দোলনত শ শ লোকৰ মৃত্যু হৈছিল।
 
বাংলাদেশত ছাত্ৰ আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতে আতংকিত হৈ পৰিছিল বাংলাদেশত পঢ়িব যোৱা ভাৰতীয় মূলৰ ছাত্ৰ-ছাত্ৰীসকল। এনে পৰিস্থিতিত হাতৰ মুঠিত প্ৰাণ বান্ধি বহু ছাত্ৰ-ছাত্ৰীয়ে ভাৰতলৈ উভতি আহিছিল আৰু বহু ছাত্ৰ-ছাত্ৰী বাংলাদেশতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল। অচিনাকি চহৰখনত এনে পৰিস্থিতিৰ মুখামুখী হৈ বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী দিশহাৰা হৈ পৰিছিল।
 
অসমৰ ৰঙিয়াৰ নিবাসী তথা ঢাকা কমিউনিটি মেডিকেল কলেজৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ স্বামীম আহমেদে কয়, "যোৱা মাহৰ ১৮ তাৰিখৰ পৰা পৰিস্থিতি লাহে লাহে বেয়াৰ দিশে  গতি কৰিছিল। সেই সময়ত মই ঢাকাত হোষ্টেলতে আছিলোঁ। আন্দোলন তীব্রতৰ হোৱাৰ লগে লগে শ্বেখ হাছিনাৰ দলৰ 'ছাত্ৰ লীগ' নামৰ দলটোৱে আন্দোলনকাৰীৰ ওপৰত জঁপিয়াই পৰিছিল। এই দলটোক চৰকাৰৰ ফালৰ পৰাই নিক্ষেপ কৰা হৈছিল। হাতত দা-কটাৰী লৈ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিছিল। তাৰোপৰি আন্দোলনকাৰীৰ ওপৰত বাংলাদেশী আৰক্ষীয়েও জঁপিয়াই পৰিছিল। সেই সময়ত আৰক্ষীয়ে বহু ছাত্ৰ-ছাত্ৰীক গুলিয়াই হত্যা কৰিছিল। তাৰে পিছৰ পৰা আন্দোলনত আৰু অধিক ছাত্ৰ-ছাত্ৰী নামি পৰিছিল। তেতিয়া পৰিস্থিতি আৰক্ষীৰ অধীনৰ বাহিৰত গুচি গৈছিল। তেতিয়া বাংলাদেশী চৰকাৰে সেনা জোৱান মোতায়ন কৰিছিল। আমি যিহেতু ভাৰতীয় ছাত্ৰ, সেয়েহে প্ৰথম পৰ্য্যায়ত আমি যথেষ্ট ভয় খাইছিলোঁ।"
 
বাংলাদেশৰ পৰা ভাৰতলৈ ঘূৰি অহা মুহূৰ্তত কেইগৰাকীমান ছাত্ৰ-ছাত্ৰী
 
স্বামীম আহমেদে কয়, "সেনা মোতায়নৰ পিছত পৰিস্থিতি কিছু নিয়ন্ত্ৰণত আহিল যদিও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। আন্দোলনৰ চলি থকা সময়তে ১৮ জুলাইৰ পিছত বহু ভাৰতীয় ছাত্র-ছাত্ৰী ভাৰতলৈ উভতি আহিছিল, যদিও অধিকাংশ ছাত্ৰ-ছাত্ৰী তাত আৱদ্ধ হৈ আছিল। তাৰ পিছত চৰকাৰে ইণ্টাৰনেটত সেৱা বন্ধ কৰি দিছিল। অমি ঘৰতো ইণ্টাৰনেটৰ জৰিয়তে ফোন কৰোঁ। ইণ্টাৰনেটত সেৱা কৰ্তন কৰাৰ পিছত আমাৰ ঘৰৰ লগত সম্পূৰ্ণৰূপে সংযোগ বিচ্ছিন্ন হৈ পৰিছিল। যদিও এছটিডি/ইণ্টাৰনেচেনেল কল কৰাৰ সুবিধাটো আছিল, কিন্তু ভালদৰে কথাবোৰ শুনা পোৱাত অসুবিধা হৈছিল। সেই সময়ত সান্ধ্য আইন জাৰি কৰিছিল আৰু বহু ছাত্ৰ-ছাত্ৰী ঘৰলৈ আহিব বিচাৰিছিল, যদিও আহিব পৰা নাছিল। এই পৰিস্থিতিত ইণ্ডিয়ান এম্বেচিও যথেষ্ট সহায় কৰিছিল। তাৰপিছত কলেজ আৰু হোষ্টেলবোৰত বাছ পঠিয়াই দি ছাত্ৰ-ছাত্ৰীসকলক বিমানবন্দৰলৈ লৈ অহা হৈছিল।"
 
স্বামীম আহমেদ আৰু তেওঁৰ বন্ধুসকলে সেই ভয়ংকৰ পৰিস্থিতিৰ সময়ত হোষ্টেলতে আছিল। খাবলৈ বেছি বেছিকৈ বজাৰ কৰি হোষ্টেলত ৰাখিছিল। পৰিস্থিতি কিছু নিয়ন্ত্ৰণত অহাৰ পিছত সান্ধ্য আইন আঁতৰাই দিয়া হৈছিল, যদিও ছাত্ৰ-ছাত্ৰীসকল বাহিৰত ওলালে আৰক্ষীয়ে মোবাইল চেক কৰিছিল। যদি কোনোবা ছাত্ৰ-ছাত্ৰী আৰু অন্য নাগৰিকৰ মোবাইলত আন্দোলন বা তেনেধৰণৰ ভিডিঅ' পাইছিল আৰু সন্দেহজনক ফোন কৰা দেখা পাইছিল, তেতিয়া লগে লগে আৰক্ষীৰ জিম্মালৈ লৈ যোৱা হৈছিল। ৰাতি ৰাতি হোষ্টেলবোৰত অবৈধভাৱে  আৰক্ষীয়ে প্ৰৱেশ কৰি বহু ছাত্ৰক উঠাই লৈ গৈছিল বুলিও স্বামীম আহমেদে কয়।
 
বাংলাদেশৰ ভয়ংকৰ পৰিস্থিতিৰ সাক্ষী হোৱা ৰঙিয়াৰ স্বামীম আহমেদ
 
ঢাকাত অৱস্থিত চিৰাজুল ইছলাম মেডিকেল কলেজৰ ছাত্ৰ কায়ুম আহমেদে কয়, "মই যোৱা মাহৰ ৩০ তাৰিখে উভতিছোঁ। তাত থকা সময়ত গুলীয়াগুলী বা আন্দোলন দেখিছোঁ। কিন্তু আমি থকা ঠাইখিনিত পৰিস্থিতি বৰ বেছি বেয়ালৈ গতি কৰা নাছিল। ইণ্ডিয়ান এম্বেচিয়ে যথেষ্টখিনি সহায় কৰিছিল। আমাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট সহায় কৰিছিল। পৰিস্থিতি যথেষ্ট বেয়া হৈছিল আৰু আমাৰ ঘৰৰ মানুহে আমাকলৈ বহুত চিন্তা কৰিছিল। বিশেষকৈ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াত ভয় খাইছিলোঁ।"
 
উল্লেখযোগ্য যে, এনে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা ৫ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নিজ গৃহলৈ ঘূৰি আহিবলৈ সক্ষম হৈছিল। তেওঁলোকক অতি ভয়াৱহ স্বদেশগমন যাত্ৰাত সহায় কৰিছিল বাংলাদেশৰ মানৱপ্ৰেমী ছাত্ৰ ছাকিব আহমেদে। ছাত্ৰ কেইজন ক্ৰমে শিৱসাগৰৰ আব্বাছ আলী, চামগুৰিৰ ৰাহুল, মৰিগাঁওৰ আবু নেচিম, ইনজামুল আৰু বৰপেটাৰ তৌহিদ ৰাজা। এই ৫ গৰাকী ছাত্ৰই ঘৰলৈ উভতিবলৈ অনলাইনত টিকট কাটিছিল যদিও বিমান বন্দৰলৈ যোৱাৰ বাবে কোনো সুবিধা পোৱা নাছিল। কাৰণ চাৰিওফালে আন্দোলনৰ ভয়াবহ পৰিবেশ। তেনে পৰিস্থিতিত বাংলাদেশী যুৱক ছাকিব আহমেদে তেওঁলোকক সহায় কৰিছিল।
 
বাংলাদেশৰ পৰা উভতি অহা ভাৰতীয় ছাত্ৰ-ছাত্ৰী
 
ছাকিব আহমেদে পদে পদে দেখা দিয়া মৃত্যু ভয়ক একাষৰীয়া কৰি মোৰ লগতে আমাৰ দেশৰ আন দহজনক নিশা মেডিকেল কলেজৰ হোষ্টেলৰ পৰা গাড়ীৰে উলিয়াই নিয়ে। শিৱসাগৰৰ জেঙনিকটীয়াৰ আব্বাছ আলীয়ে কয়, " নিশাৰ এন্ধাৰৰ মাজে মাজে আমাৰ গাড়ী আগবাঢ়িছিল। বাটত হাতে হাতে জুইৰ শিখা আৰু অস্ত্র-শস্ত্র লোৱা সংৰক্ষণবিৰোধী প্ৰতিবাদকাৰীক প্রত্যক্ষ কৰি আমি আতংকিত হৈ কোচ-মোছ খাইছিলো। ছাকিব আহমেদ সম্ভান্ত ঘৰৰ ল'ৰা। তেওঁলোকৰ নাৰ্ছিংহোম, নাৰ্ছিং হোষ্টেল আদি আছে। তেওঁ অমাক নিশাটো তেওঁলোকৰ নাৰ্ছিং হোষ্টেলতে থাকিবলৈ দি খোৱা-বোৱাৰো ব্যৱস্থা কৰি দিয়ে। পিচৰ দিনা আমাৰ পোন্ধৰজনক এখন এম্বুলেন্সত উঠাই তেওঁ বিমান বন্দৰৰ দিশে উলাই আহিলো। বাটত বিদ্রোহীয়ে প্রশ্ন কথাত চালকে ৰোগী থকা বুলি কোৱাত গাড়ী যাবলৈ দিয়ে। কিন্তু এঠাইত গাড়ীত কোন আছে বুলি প্রশ্ন কৰাত চালকে একে উত্তৰ দিলে। কিন্তু এইবাৰ চালকক গাড়ীৰ পৰা নমাই তালাচী চলোৱাত আমাক দেখি বিদ্রোহীসকল ক্ষোভত ফাটি পৰে। ৰাজপথৰ ওপৰতেই চালকক মৰিয়াই মৰিয়াই আধামৰা কৰে। সিমানতেই ক্ষান্ত নহৈ গাড়ীখন জ্বলাই দিব বিচৰাত বাংলাদেশী যুৱক ছাকিব আহমেদ গাড়ীৰ পৰা নামি বিদ্রোহীসকলৰ হাতে-ভৰিত পৰি আমাক এৰি দিয়াৰ প্রার্থনা জনালে। অৱশেষত আমাক এৰি দিলে বিদ্রোহীসকলে। ছাকিবে আমাক বিমান বন্দৰলৈ আনি খাদ্য বস্তু যোগান ধৰিলে।"
 
আব্বাছে কয়, "বিমান বন্দৰত ১৬ ঘণ্টা অপেক্ষা কৰাৰ পাচত এখন উৰাজাহাজত উঠিলো। উৰাজাহাজখনে বাংলাদেশৰ বিমান বন্দৰ এৰাৰ পিচত এটা দীঘলীয়া  উশাহ ল'লো। প্রথম কলকাতা আৰু তাৰ পিচত আন এখন উৰাজাহাজেৰে গুৱাহাটীলৈ আহিলো। ভাগৰত শৰীৰ অৱশ হৈ পৰিছিল। টোপনিত বাংলাদেশৰ পথৰ কাষৰ মৃতদেহবোৰৰ দৃশ্য ভাহি অহাত টোপনি ক'ৰবালৈ আঁতৰি যায়। এইবোৰ নেতিবাচক দৃশ্য মনৰ পৰা আঁতৰাই বাংলাদেশী মানৱপ্রেমী ছাকিব আহমেদৰ শান্ত-সমাহিত মুখখন মনলৈ আহিল। কেতিয়াবা জানো ছাকিব আহমেদক এই সহায়ৰ প্রতিদান দিব পাৰিম তাক ভাবি উৰাজাহাজত জোৰেৰে চকু দুটা জপাই দিলো।"