বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আকোৱালি লৈছে কুৱেইটৰ প্ৰধানমন্ত্ৰীয়ে, দেওবাৰে সন্ধিয়াৰ দৃশ্য
কুৱেইট চিটী
কুৱেইটৰ প্ৰধানমন্ত্ৰী শ্বেইখ আহমদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহে দেওবাৰে সন্ধিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি বিশেষ সন্মান প্ৰদৰ্শন কৰি বিমানবন্দৰত তেওঁক বিদায় জনাবলৈ আহে। প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে সন্ধিয়া কুৱেইট ভ্ৰমণ সামৰি ভাৰতলৈ ৰাওনা হৈছিল।
"ধন্যবাদ কুৱেইট! এই ভ্ৰমণ ঐতিহাসিক আছিল আৰু ই আমাৰ দ্বিপাক্ষিক সম্পৰ্ক বহু পৰিমাণে বৃদ্ধি কৰিব। তেওঁলোকৰ মৰম আৰু আদৰৰ বাবে কুৱেইট চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জনাইছো। বিদায়ৰ বাবে বিমানবন্দৰলৈ আহি বিশেষ সন্মান প্ৰদৰ্শনৰ বাবে কুৱেইটৰ প্ৰধানমন্ত্ৰীকো মই অশেষ ধন্যবাদ জনাইছো।" -প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰস্থানৰ ঠিক পূৰ্বে এক্সত পোষ্ট কৰে।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰৰ দিনটোত দেশখনৰ আমিৰ শ্বেখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহ, ক্ৰাউন প্ৰিন্স শ্বেখ চাবাহ আল খালেদ আল হামাদ আল মুবাৰক আল ছাবাহ আৰু কোৱেইটৰ প্ৰধানমন্ত্ৰী শ্বেখ আহমদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহৰ সৈতে ধাৰাবাহিক বৈঠকত মিলিত হয়।
"কুৱেইটৰ প্ৰধানমন্ত্ৰী শ্বেখ আহমেদ আব্দুল্লাহ আল আহমেদ আল-ছাবাহৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হও। আমাৰ আলোচনাত ভাৰত-কুৱেইটৰ সম্পৰ্কৰ সম্পূৰ্ণ পৰিসৰ সামৰি লোৱা হৈছিল, য’ত ব্যৱসায়, বাণিজ্য, জনসাধাৰণৰ সম্পৰ্ক আৰু বহুতো বিষয় আছিল। লগতে কেইবাখনো গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি আৰু চুক্তিৰ আদান-প্ৰদান কৰা হয়, যিয়ে দ্বিপাক্ষিক সম্পৰ্কত শক্তি বৃদ্ধি কৰিব।’-এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি ৰাজনৈতিক, বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা, নিৰাপত্তা, স্বাস্থ্য, শিক্ষা, প্ৰযুক্তি, সাংস্কৃতিক, আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে দুয়োগৰাকী নেতাই আলোচনা কৰে।