নতুন দিল্লী
ভাৰত আৰু চৌদি আৰবে বুধবাৰে ইজৰাইল-হামাছৰ সংঘাতৰ বিষয়ে আলোচনা কৰে। এই আলোচনাৰ বিষয়ে উল্লেখ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে নতুন দিল্লীয়ে গাজাত আগতীয়াকৈ যুদ্ধবিৰতি আৰু দ্বি-ৰাষ্ট্ৰীয় সমাধান (two-state solution)ৰ জৰিয়তে পেলেষ্টাইন সমস্যা সমাধানৰ সমৰ্থন কৰে।
ভাৰতে সন্ত্ৰাসবাদৰ কাৰ্যক গৰিহণা দিয়াৰ বিপৰীতে ৭ অক্টোবৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ যিকোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পূৰ্বে সকলোৱে আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইনৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বুলি ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজকুমাৰ ফৈছাল বিন ফাৰহানৰ সৈতে হোৱা বৈঠকত জয়শংকৰে কয়।
সংঘাত সন্দৰ্ভত ভাৰতৰ নীতিগত আৰু সামঞ্জস্যপূৰ্ণ স্থিতিলৈ আঙুলিয়াই দি তেওঁ কয়, ‘সন্ত্ৰাসবাদ আৰু মানুহক পণবন্দী কৰা কাৰ্যক আমি গৰিহণা দিওঁ। একেদৰে, নিৰীহ সাধাৰণ নাগৰিকৰ মৃত্যু অব্যাহত থকাৰ বাবে আমি গভীৰভাৱে যন্ত্ৰণাত ভুগিছো। যিকোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পূৰ্বে আমি আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইনখনৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আমি আগতীয়াকৈ যুদ্ধবিৰতিৰ সমৰ্থন কৰোঁ।”External Affairs Minister Dr. S Jaishankar emphasised progress in political, security and cultural cooperation under the Strategic Partnership Council. Discussions cover diaspora welfare, defence collaboration and counterterrorism efforts. Both nations eye synergies between Saudi… pic.twitter.com/bkhAr9nMQV
— DD News (@DDNewslive) November 13, 2024