ইউক্ৰেইনৰ সংঘাত সমাধানৰ বাবে সকলো সহযোগিতা আগবঢ়াবলৈ সাজু ভাৰত, প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক কয়

Story by  atv | Posted by   Imtiaz Ahmed • 1 d ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক বৈঠকৰ পূৰ্বে ভ্লাদিমিৰ পুটিনক আলিঙ্গন কৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক বৈঠকৰ পূৰ্বে ভ্লাদিমিৰ পুটিনক আলিঙ্গন কৰে
কাজান

মঙলবাৰে কাজানত অনুষ্ঠিত হোৱা ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ আঁৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁলোকৰ দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইন সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰতে সকলো সহযোগিতা আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰে।

"ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা সংঘাতৰ বিষয়ত মই আপোনালোকৰ সৈতে অহৰহ যোগাযোগ কৰি আহিছো। আগতেও কোৱাৰ দৰে আমি বিশ্বাস কৰোঁ যে সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰা উচিত। আমি শান্তি আৰু স্থিতিশীলতাৰ আগতীয়া প্ৰতিষ্ঠাক সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ। আমাৰ সকলো প্ৰচেষ্টাই মানৱতাক অগ্ৰাধিকাৰ দিয়ে। ভাৰতে অনাগত সময়ত সকলো সম্ভৱ সহযোগিতা আগবঢ়াবলৈ সাজু," প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

মোদীয়ে যোৱা তিনিমাহত ৰাছিয়া ভ্ৰমণৰ কথা মনত পেলাই কয় যে, "ইয়াৰ দ্বাৰা আমাৰ ঘনিষ্ঠ সমন্বয় আৰু গভীৰ বন্ধুত্বক প্ৰতিফলিত কৰা হৈছে।"

দুয়োখন ৰাষ্ট্ৰৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ ইংগিত দিয়া এটা মন্তব্যত ৰাষ্ট্ৰপতি পুটিনে কয় যে মস্কো আৰু নতুন দিল্লীৰ মাজৰ সম্পৰ্ক “বিশেষ সুবিধাজনক” আৰু “গতিশীলভাৱে বিকশিত”। বৈঠকত এটা লঘু মুহূৰ্ত দেখা গ’ল যেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁ ভাবে যে প্ৰধানমন্ত্ৰী মোদীয়ে অনুবাদ অবিহনেও তেওঁৰ মন্তব্য বুজি পাব কাৰণ দুয়োখন দেশৰ মাজত “কটকটীয়া” সম্পৰ্ক আছে।

বৈঠকত পুটিনে কয় যে, "আমাৰ সম্পৰ্ক ইমানেই কটকটীয়া যে অনুবাদ অবিহনেও আপুনি মোক বুজি পাব বুলি ভাবোঁ।" এই মন্তব্যত প্ৰধানমন্ত্ৰী মোদীয়ে, যাক পুটিনে কেইবাবাৰো নিজৰ “ভাল বন্ধু” বুলি অভিহিত কৰিছে, হাঁহি উঠে।

পুটিনৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, "যোৱা তিনিমাহত ৰাছিয়া ভ্ৰমণ কৰাটোৱে আমাৰ ঘনিষ্ঠ সমন্বয় আৰু গভীৰ বন্ধুত্বক প্ৰতিফলিত কৰে। জুলাই মাহত মস্কোত অনুষ্ঠিত হোৱা বাৰ্ষিক শীৰ্ষ সন্মিলনে সকলো ক্ষেত্ৰতে আমাৰ সহযোগিতা শক্তিশালী কৰিছে।"

ভাৰতে ৰাছিয়াক সময়ৰ পৰীক্ষিত বন্ধু হিচাপে লয় যিয়ে নিজৰ অৰ্থনৈতিক বিকাশ আৰু নিৰাপত্তাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ৰাছিয়াৰ সৈতে যুদ্ধত লিপ্ত হোৱা আমেৰিকা আৰু ইউক্ৰেইনক উপেক্ষা কৰি, মস্কোত জুলাই মাহত প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ সৈতে এক অনানুষ্ঠানিক বৈঠকত মিলিত হোৱাৰ তিনি মাহৰ পাছত এই দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছে।

পুটিনে আৰু কয় যে, "মোৰ মনত আছে আমাৰ জুলাই মাহৰ বৈঠকত যেতিয়া আমি একাধিক বিষয়ৰ ওপৰত ভাল আলোচনা কৰিছিলো, আৰু আমি কেইবাবাৰো ফোনযোগে কথাও পাতিছিলো। মোৰ কাজান ভ্ৰমণৰ আমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে মই আপোনালোকক অতিশয় ধন্যবাদী।"

 
পুটিনৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত বুধবাৰে কাজানত মিলিত হ’ব। পাঁচ বছৰৰ পাছত এইখন হ’ব দুয়োগৰাকী নেতাৰ প্ৰথম আনুষ্ঠানিক বৈঠক।

মঙলবাৰে সন্ধিয়া কাজানত এক প্ৰেছ বিবৃতিত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে নিশ্চিত কৰে যে এই বৈঠক ব্রিক্স সন্মিলনৰ আঁৰত অনুষ্ঠিত হ’ব৷ পিছত সময় নিশ্চিত কৰা হ’ব বুলিও তেওঁ কয়।

২০২০ চনত গালৱান উপত্যকাৰ সংঘৰ্ষৰ পিছৰে পৰা উত্তেজনা অব্যাহত থকা পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল এ চি)ৰ বাকী থকা ঘৰ্ষণ বিন্দুসমূহত ভাৰত আৰু চীনে টহল পুনৰ আৰম্ভ কৰাৰ চুক্তিত উপনীত হোৱা বুলি চৰকাৰে ঘোষণা কৰাৰ এদিন পিছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে।

চীন পক্ষেও আজি এই কথা নিশ্চিত কৰি কয় যে “প্ৰাসংগিক বিষয়” সন্দৰ্ভত এটা প্ৰস্তাৱ লোৱা হৈছে আৰু এই প্ৰস্তাৱটো কাৰ্যকৰী কৰিবলৈ নতুন দিল্লীৰ সৈতে কাম কৰি আছে।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু মধ্যপ্ৰাচ্যৰ সংকটকে ধৰি বিশ্বজুৰি চলি থকা অশান্তিৰ পৰিপ্ৰেক্ষিতত এই সন্মিলন অনুষ্ঠিত হৈছে। "ন্যায্য বিশ্ব উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বহুপক্ষীয়তা শক্তিশালী কৰা" শীৰ্ষক দুদিনীয়া শীৰ্ষ সন্মিলনে নেতাসকলৰ বাবে বিশ্বৰ মূল বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিছে।

ইয়াৰ উপৰিও নখন দেশৰ মিত্ৰজোঁটে আৰম্ভ কৰা পদক্ষেপসমূহৰ অগ্ৰগতি মূল্যায়ন কৰাৰ লগতে ভৱিষ্যতে সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ এক মূল্যৱান সুযোগ প্ৰদান কৰিছে।

যোৱা মাহত পুটিনে প্ৰধানমন্ত্ৰী মোদীক “বন্ধু” বুলি অভিহিত কৰি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰতৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছিল।

এই সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ফোন কৰি দুবছৰীয়া যুদ্ধৰ দ্ৰুত সমাধানৰ আহ্বান জনোৱাৰ দুমাহৰ পাছতে পুটিনৰ এই স্বীকাৰোক্তি। লগতে আগষ্ট মাহত কীভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।



শেহতীয়া খবৰ