নতুন দিল্লী
ভাৰতে শুকুৰবাৰে বাংলাদেশত অস্থিৰতাৰ বাবে উন্নয়ন প্ৰকল্পৰ কাম স্থবিৰ হৈ পৰা বুলি স্বীকাৰ কৰি চুবুৰীয়া দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ বাবে বাংলাদেশৰ পৰা কোনো সম্ভাৱ্য দাবীৰ বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ অস্বীকাৰ কৰে।
কেইবা সপ্তাহ ধৰি ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত তেওঁৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ পাছত হাছিনাই পদত্যাগ কৰি ৫ আগষ্টত ভাৰতলৈ পলায়ন কৰে। বৰ্তমান তেওঁ নিৰাপদ স্থানত আছে যদিও ভাৰতৰ কৰ্তৃপক্ষই তেওঁৰ অৱস্থাৰ সবিশেষ তথ্য দিয়া নাই। বাংলাদেশৰ কেইবাটাও বিৰোধী দলে নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰক তেওঁক প্ৰত্যাৰ্পণ বিচাৰিবলৈ আহ্বান জনাইছে।
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে হাছিনাক প্ৰত্যাৰ্পণ বিচৰাৰ সম্ভাৱনাৰ বিষয়ে সোধাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে কয় যে এইটো এটা বিষয় যিটো “কাল্পনিক বিষয়ৰ ক্ষেত্ৰ”ত নিহিত হৈ আছে। তেওঁ লগতে কয়, "আমি পূৰ্বে উল্লেখ কৰা মতে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰাপত্তাৰ কাৰণে অতি কম সময়ৰ ভিতৰতে ভাৰতলৈ আহিছিল। সেই বিষয়ত আমাৰ আৰু একো যোগ দিবলৈ নাই।”
বাংলাদেশৰ অস্থিৰতাৰ ফলত দ্বিপাক্ষিক প্ৰকল্পসমূহ প্ৰভাৱিত হোৱা বুলিও তেওঁ কয়। “কিছুমান প্ৰকল্পৰ কাম স্তব্ধ হৈ পৰিছে...আইন-শৃংখলাৰ পৰিস্থিতিৰ বাবে। পৰিস্থিতি সুস্থিৰ হৈ স্বাভাৱিকতা ঘূৰি আহিলে আমি অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে আলোচনা কৰিম আৰু সেইবোৰক কেনেকৈ সৰ্বোত্তমভাৱে আগুৱাই নিব পাৰি আৰু তেওঁলোকৰ ওপৰত আমি কেনেধৰণৰ বুজাবুজিত উপনীত হ’ব পাৰো চাম।" - জয়ছৱালে লগতে কয়।
হাছিনাক উৎখাত কৰাৰ পিছত অস্থিৰতাৰ সময়ত নিৰাপত্তা সকলো দেশৰ বাবে সমস্যা হৈ পৰিছিল আৰু ঢাকাৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত আক্ৰমণ আৰু ভাঙি-ছিঙি পেলোৱা হৈছিল। যদিও বাংলাদেশ কৰ্তৃপক্ষই “যথেষ্ট চেষ্টা কৰিছিল”, ভাৰতে ঢাকাৰ উচ্চ আয়োগৰ পৰা সকলো অপ্ৰয়োজনীয় কৰ্মচাৰী আৰু পৰিয়ালক আঁতৰাই অনাৰ সিদ্ধান্ত লৈছিল বুলি জয়ছৱালে কয়।
বাংলাদেশৰ বান পৰিস্থিতি সন্দৰ্ভত চিএনএনৰ এক প্ৰতিবেদনৰ কথা উল্লেখ কৰি জয়ছৱালে কয়, "ইয়াৰ আখ্যান বিভ্ৰান্তিকৰ আৰু ইয়াত কোৱা হৈছে যে বানপানীৰ বাবে ভাৰত দায়ী। এইটো তথ্যগতভাৱে শুদ্ধ নহয় আৰু ভাৰত চৰকাৰে পৰিস্থিতি স্পষ্ট কৰি দিয়া প্ৰেছ বিজ্ঞপ্তিসমূহত উল্লেখ কৰা তথ্যসমূহক আওকাণ কৰে।”
তেওঁ পুনৰ কয় যে বাংলাদেশত বানপানী নেৰানেপেৰা আৰু অত্যাধিক বৰষুণৰ ফলত হৈছিল, ভাৰতৰ ফালৰ পৰা অংশীদাৰী নদীৰ ওপৰত বান্ধ খোলাৰ বাবে নহয়। তেওঁ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰতিবেদনসমূহ খাৰিজ কৰি তেওঁ কয় যে বানপানীৰ বাবে ভাৰত দায়ী বুলি যিকোনো আখ্যান "বিভ্ৰান্তিকৰ"।
জলসম্পদ ব্যৱস্থাপনাৰ বাবে বৰ্তমানৰ যৌথ ব্যৱস্থাৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত “নিয়মিত আৰু সময়োপযোগী তথ্য আৰু জটিল তথ্যৰ আদান-প্ৰদান” হোৱাটোও চিএনএনৰ প্ৰতিবেদনত আওকাণ কৰা হৈছে বুলি জয়ছৱালে কয়। তেওঁ লগতে কয় যে পূব বাংলাদেশত বৰ্তমানৰ বানপানীৰ কাৰণ হৈছে “অবিৰত আৰু অত্যধিক” বৰষুণ।
বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ নতুন দ্বিপাক্ষিক ব্যৱস্থাৰ প্ৰয়োজনীয়তা সম্পৰ্কে ইউনুছে শেহতীয়াকৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জয়ছৱালে কয় যে দুয়োখন দেশে ইতিমধ্যে বান আৰু পানী ব্যৱস্থাপনাৰ পদ্ধতি স্থাপন কৰিছে। দুয়োপক্ষই ৫৪খন নদী ভাগ কৰি এই প্ৰতিষ্ঠিত পদ্ধতিসমূহৰ জৰিয়তে সময়মতে আৰু নিয়মীয়াকৈ তথ্য বিনিময় কৰি আহিছে।
অৱশ্যে, জয়ছোৱালে কয়, "যদি কোনো নতুন প্ৰণালী আছে যি নিয়ন্ত্ৰণত অধিক সহায় কৰিব পাৰে বা... প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিব পাৰে, এইটো এটা বিষয় যাক আমি বাংলাদেশৰ সৈতে আগুৱাই নিব পাৰোঁ।"
ভাৰতীয় পক্ষই শেহতীয়াকৈ ঢাকাত নিজৰ দূত আৰু ইউনুছৰ মাজত হোৱা বৈঠকত পুনৰ কয় যে ভাৰতে বাংলাদেশৰ সৈতে কাম কৰি যাব বিচাৰিছে যাতে জনসাধাৰণৰ সমৃদ্ধি, নিৰাপত্তা আৰু উন্নয়নৰ ভাগ-বতৰা আকাংক্ষা পূৰণ কৰিব পাৰে। দূতগৰাকীয়ে ইউনুছৰ সৈতে হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ সুৰক্ষাৰ বিষয়েও আলোচনা কৰে বুলি জয়ছৱালে জানিবলৈ দিয়ে।
জয়ছৱালে কয় যে বাংলাদেশত বৰ্তমান সীমিত ভাৰতীয় ভিছা সেৱা উপলব্ধ, আৰু ভিছা কেৱল জৰুৰীকালীন বা চিকিৎসাৰ বাবেহে প্ৰদান কৰা হৈছে। তেওঁ লগতে কয়, "আপুনি শলাগ ল’ব লাগিৱ যে আইন-শৃংখলা পুনৰুদ্ধাৰ আৰু স্বাভাৱিকতা স্থাপন হ’লেহে সম্পূৰ্ণ ভিছা সেৱা পুনৰ আৰম্ভ কৰিব পৰা যাব।