আমেৰিকাৰ নাগৰিকত্বৰ বাবে ভাৰতীয় দম্পতীৰ সন্তান জন্ম দিয়াৰ ভিৰ

Story by  atv | Posted by  Munni Begum • 13 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ৱাশ্বিংটন 
 
জন্মগত অধিকাৰৰ বাবে নাগৰিকত্ব লাভ কৰাৰ সময়সীমা অতিক্ৰম কৰিবলৈ আমেৰিকাত সন্তান জন্ম দিয়াৰ বাবে ভিৰ কৰিছে ভাৰতীয় দম্পতীয়ে। ২০ ফেব্ৰুৱাৰীৰ পূৰ্বে চি-চেকচনৰ বাবে প্ৰসূতি ক্লিনিকত চিকিৎসকক সাক্ষাৎ কৰাৰ বাবে শাৰী পাতিছে ভাৰতীয় দম্পতীসকলে। ভাৰতীয় মূলৰ এজন স্ত্ৰীৰোগ বিশেষজ্ঞই কয় যে, তেওঁ এনে প্ৰায় ২০হাল দম্পতীৰ পৰা ফোন লাভ কৰিছিল।  
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ কাৰ্যবাহী আদেশৰ অধীনত জন্মগত অধিকাৰৰ নাগৰিকত্ব বন্ধ কৰাৰ এই সময়সীমা ২০ ফেব্ৰুৱাৰী। ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ লগে লগে ট্ৰাম্পে স্বাক্ষৰ কৰা এটা কাৰ্যবাহী আদেশ আছিল যে, আমেৰিকাত জন্মগত অধিকাৰৰ নাগৰিকত্বৰ অন্ত পেলোৱা। গতিকে, ১৯ ফেব্ৰুৱাৰীলৈকে আমেৰিকাত জন্ম লোৱা শিশুসকল আমেৰিকাৰ নাগৰিক হিচাপে জন্ম লোৱা হ’ব। ১৯ ফেব্ৰুৱাৰীৰ পিছত অনাগৰিক দম্পতীৰ পৰা জন্ম হোৱা সন্তান স্বাভাৱিক আমেৰিকাৰ নাগৰিক নহ’ব। 
 
আমেৰিকাত অস্থায়ী এইচ-১বি আৰু এল ১ ভিছাৰে কাম কৰি আছে লাখ লাখ ভাৰতীয়ই। আমেৰিকাত স্থায়ী বাসস্থান দিয়া গ্ৰীণ কাৰ্ডৰ বাবেও শাৰী পাতিছে বহু ভাৰতীয়ই। পিতৃ-মাতৃৰ পৰা জন্ম লোৱা সন্তান, য’ত তেওঁলোকৰ কোনোৱেই আমেৰিকাৰ নাগৰিক বা গ্ৰীণ কাৰ্ডধাৰী নহয়, জন্মসূত্ৰে আমেৰিকাৰ নাগৰিক নহ’ব। 
 
এই কাৰণেই ২০ ফেব্ৰুৱাৰীৰ পূৰ্বে চি-চেকচনৰ জৰিয়তে কেঁচুৱা প্ৰসৱ কৰাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে ভাৰতীয় দম্পতীয়ে। নিউ জাৰ্চিৰ ডাঃ এছ ডি ৰামাৰ প্ৰসূতি ক্লিনিকত গৰ্ভাৱস্থাৰ আঠ আৰু নৱম মাহত মহিলাসকলে এতিয়া অস্বাভাৱিক সংখ্যক চি-চেকচনৰ বাবে অনুৰোধ লাভ কৰিছে। আনকি দুই এজনৰ সম্পূৰ্ণ কাৰ্যকালৰ কিছু মাহ বাকী আছে।  
 
টেক্সাছৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ এছ জি মুক্কালাই অকাল জন্মৰ বিপদৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ জনোৱা মতে, যোৱা দুদিনত তেওঁ প্ৰায় ২০ হাল দম্পতীৰ সৈতে তেওঁ কথা পাতিছে। তেওঁ কয়, “মই দম্পতী সকলক ক’বলৈ চেষ্টা কৰিছো যে সম্ভৱ হ’লেও অকাল জন্মই মাতৃ আৰু সন্তানৰ বাবে যথেষ্ট বিপদৰ সৃষ্টি কৰে। জটিলতাৰ ভিতৰত হাওঁফাওঁৰ অবিকশিত সমস্যা, খাদ্য খোৱাৰ সমস্যা, জন্মৰ সময়ত কম ওজন, স্নায়ুজনিত জটিলতা আৰু বহুতো হব পাৰে।" 
 
অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে নীতি পৰিৱৰ্তনৰ পৰিণতি আৰু অধিক শক্তিশালী। অবৈধভাৱে দেশখনত প্ৰৱেশ কৰাৰ পিছত আঠ বছৰ ধৰি আমেৰিকাত বাস কৰা কেলিফৰ্ণিয়াৰ এজন লোক আৰু তেওঁ আৰু তেওঁৰ গৰ্ভাৱস্থাৰ সপ্তম মাহত থকা পত্নীয়ে ট্ৰাম্প প্ৰশাসনৰ সময়সীমাৰ কথা শুনি মৰ্মাহত হৈ পৰে।